• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত ৩ টকীয়া যাত্ৰা : যান-জঁট নেওচি সোনকালেই ওলাব পাৰিব গন্তৱ্যস্থল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 16, 2018 2:26 pm
Rapido
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰবাসীৰ বাবে এক সু-খবৰ। কিয়নো অতি কম খচৰতে আপুনি এতিয়া গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ সলনি দুচকীয়া বাহনত যাত্ৰা কৰিব পাৰিব। বাংগালুৰুৰ এক প্ৰতিষ্ঠান ‘ৰেপিড’ই কাইলৈৰ পৰা আৰম্ভ কৰিব বাইক টেক্সী সেৱা।

অ’লা-ওবেৰৰ দৰেই মোবাইল এপৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব মহানগৰ বাসীয়ে। এই কথা জানিবলৈ দিয়ে ৰেপিড’ৰ অসম শাখাৰ জনসংযোগৰ সৈতে জৰিত থকা শুভাংকৰ বেনাৰ্জীয়ে। ইতিমধ্যে মোবাইল এপ মুকলি হৈছে যদিও কাইলৈৰ পৰাহে উপলব্ধ হ’ব সেৱাসমূহ।

Apply Now

বাইকৰ দ্বাৰা উপলব্ধ হ’বলগীয়া এই সেৱাত এজন যাত্ৰীয়ে নিৰাপদে গুৱাহাটীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বার্তালাপত জানিবলৈ দিয়ে ৰেপিড’ৰ অসম শাখাৰ অপাৰেশ্ব্যন এক্সিকিউটিভ সিদ্ধাৰ্থ সোণোৱালে।

ইয়াৰোপৰি, অসমত দ্বৈত হেলমেটৰ সুবিধাটো বৰ্তমানলৈকে হৈ উঠা নাই। গতিকে এক সামাজিক সচেতনতা সৃষ্টিৰ বাবে ৰেপিড’ই পোন প্ৰথমবাৰলৈ বাইকসমূহত দ্বৈত হেলমেটৰ ব্যৱস্থা কৰিছে। বাইকত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড’ই একোটাকৈ হেলমেটৰো ব্যৱস্থা কৰিছে বুলি সিদ্ধাৰ্থ সোণোৱালে আমাক জানিবলৈ দিয়ে।

কোনো যাত্ৰীয়ে হয়তো ৰেপিড’ই যোগান ধৰা হেলমেটটো পৰিধান কৰিবলৈ আপত্তি কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি একোখনকৈ এবাৰ ব্যৱহাৰ কৰিব পৰাকৈ কটনৰ কাপোৰ ৰখা হৈছে। কটনৰ কাপোৰখন পিন্ধি তাৰ ওপৰত হেলমেটটো পৰিধান কৰিব পাৰিব বুলি আমাৰ আগত সোণোৱালে কয়।

আনহাতে, খুব কম খৰচতে যাত্ৰীসকলে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দি সোণোৱালে কয়, ‘দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিল’মিটাৰত ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১টকাকৈ যাত্ৰা কৰিব পাৰিব।‘

কাৰ্য্যালয়লৈ যোৱাৰ সময়ছোৱাত গুৱাহাটীত যান-জঁটৰ সৃষ্টি হোৱাটো নতুন কথা নহয়। কিন্তু এতিয়া চিটী বাছ অথবা অলা-ওবেৰত অহাযোৱা কৰা যাত্ৰীসকলৰ বাবে চিন্তাৰ প্ৰয়োজন নাই। তেওঁলোকে চমু পথেৰে বাইকৰ জৰিয়তে গন্তব্য স্থানত কম সময়তে উপস্থিত হ’ব পাৰিব বুলি জানিব দিছে ৰেপিড’ই।

ইপিনে, বৰ্তমানলৈকে কামৰূপ মেট্ৰ’ৰ স্থানীয় শতাধিক ৰাইডাৰছে নাম পঞ্জীয়ন কৰিছে তথা প্ৰথম অৱস্থাত ১০০ খন বাইকেৰে এই সেৱা আৰম্ভ কৰিব। বৰ্তমান মহিলা ৰাইডাৰছ ৰখা নাই যদিও দেশৰ অন্য মহানগৰসমূহত মহিলা ৰাইডাৰছো এই ৰেপিড’ৰ সৈতে জৰিত হৈ আছে বুলি জানিব পৰা গৈছে।

কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই বিশেষ সেৱাৰ শুভ-উদ্বোধন কৰিব শিক্ষা তথা গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। কাইলৈ ১১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই সেৱাৰ সৈতে সংগতি ৰাখি উদ্যোক্তাসকলে এঘন্টীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে শুভাংকৰ বেনাৰ্জীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd