NORTHEAST NOW (Assamese)

শিৱসাগৰত দেশৰ ভিতৰতে সৰ্ববৃহৎ গাহৰি ফাৰ্ম নিৰ্মাণৰ প্ৰস্তুতি

June 30, 2022 4:23 pm · এন ই নাও নিউজ, গুৱাহাটী

জৈৱিক মাংস উৎপাদনৰ লক্ষ্যৰে শিৱসাগৰ জিলাৰ নাজিৰাত ভাৰতৰ সৰ্ববৃহৎ গাহৰি প্ৰকল্প নিৰ্মাণ কৰা হ’ব। অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই এই কথা জানিবলৈ দিছে।

এই বৃহৎ প্ৰকল্পটোৱে জি.অ’.আই. এক্ট ইষ্ট পলিচীৰ অধীনত সমৰ্থন লাভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

অতুল বৰাই উল্লেখ কৰা মতে গাহৰি পালনৰ বাবে সঠিক প্ৰাকৃতিক পৰিস্থিতি আৰু সহজ পৰিবহনৰ লজিষ্টিক সম্ভাৱনাৰ কথা বিবেচনা কৰি উত্তৰ-পূব ভাৰত গাহৰিৰ মাংসৰ ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনাক এক্ট ইষ্ট পলিচীয়ে স্বীকৃতি দিছে।

চৰকাৰৰ বাণিজ্য আন্তঃগাঁথনি ৰপ্তানি আঁচনিৰ (টিআইইএছ) অধীনত আনুমানিক ১১.৪ কোটি টকা ব্যয়েৰে নাজিৰাত নতুন প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্যত চৰকাৰৰ তত্বাৱধানত এক নীৰৱ সেউজ বিপ্লৱ চলি আছে মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে।

অৱশ্যে এই প্ৰকল্পটোৰ অধীনত কিমান জন লোকে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে সেই বিষয়ে উল্লেখ কৰাৰ পৰা বিৰত থাকে কৃষি মন্ত্ৰীগৰাকী।

Related News