যিশু খ্ৰীষ্টৰ মৃত্যু আৰু তাৰ পৰৱৰ্তী সময়ৰ ঘটনাক্ৰমক লৈ সমগ্ৰ বিশ্বতে কৌতুহলৰ শেষ নাই। শেহতীয়াকৈ পোহৰলৈ অহা এক ডিএনএ গৱেষণাই এই চৰ্চাক পুনৰ এবাৰ তুংগত তুলিছে। বাইবেলৰ মতে, গুড ফ্ৰাইডেৰ দিনা যিশুক ক্ৰুচ বিদ্ধ কৰি হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহ এটা লিনেনৰ কাপোৰেৰে মেৰিয়াই কবৰ দিয়া হৈছিল। সেই ঐতিহাসিক কাপোৰখন বৰ্তমান ইটালীৰ টুৰিন চহৰত সংৰক্ষিত হৈ আছে আৰু ইয়াক শ্রাউড অফ টুৰিন বুলি জনা যায়। ধৰ্মপ্ৰাণ খ্ৰীষ্টানসকলৰ বাবে অত্যন্ত পবিত্ৰ এই কাপোৰখনক লৈ বিশেষজ্ঞসকলে যুগ যুগ ধৰি পৰীক্ষা-নিৰীক্ষা চলাই আহিছে।
শেহতীয়াকৈ প্রকাশিত এক গৱেষণা পত্ৰত দাবী কৰা হৈছে যে এই কাপোৰখনৰ সৈতে ভাৰতৰ এক গভীৰ যোগসূত্ৰ আছে। মেটাজিনোমিক্স পদ্ধতিৰে কৰা ডিএনএ পৰীক্ষাত দেখা গৈছে যে কাপোৰখনত থকা মানৱ ডিএনএৰ প্ৰায় ৩৮.৭ শতাংশই ভাৰতীয় মূলৰ। এই তথ্যই পুনৰ সেই পুৰণি বিতৰ্কক সাৰপানী দিছে য’ত কোৱা হৈছিল যে যিশু খ্ৰীষ্ট হয়তো নিজৰ জীৱনকালত কেতিয়াবা ভাৰতলৈ আহিছিল। ইয়াৰ পূৰ্বে হলগাৰ কাৰ্ষ্টেন নামৰ এজন লেখকৰ কিতাপত যিশুৰ ভাৰত ভ্ৰমণৰ বিষয়ে উল্লেখ কৰা হৈছিল যদিও এতিয়া বৈজ্ঞানিক পৰীক্ষাই নতুন তথ্য আগবঢ়াইছে।
গৱেষকসকলৰ মতে, যিশুৰ ব্যৱহৃত কাপোৰত ভাৰতীয় ডিএনএ পোৱাৰ অৰ্থ এইটো নহয় যে যিশু নিজেই ভাৰতলৈ আহিছিল। ইয়াৰ আঁৰত এক শক্তিশালী বাণিজ্যিক কাৰণ থকাৰ সম্ভাৱনাহে বেছি। প্ৰাচীন কালত ভাৰতৰ বস্ত্ৰ শিল্প অতি উন্নত আছিল আৰু সেই সময়ত ভাৰতৰ পৰা ৰোমান সাম্ৰাজ্যলৈ কাপোৰ ৰপ্তানি কৰা হৈছিল। কাপোৰখনৰ বুনন শৈলী আৰু ইয়াত মিহলি হৈ থকা সূতাৰ মান পৰীক্ষা কৰি বিশেষজ্ঞসকলে অনুমান কৰিছে যে এই পবিত্ৰ কাপোৰখন হয়তো ভাৰতৰ পৰাই ৰোমলৈ গৈছিল।
যিশুৰ মৃত্যুৰ পিছত এই কাপোৰখন বহু শতিকা ধৰি বিভিন্ন লোকৰ হাত বাগৰিছে। ফলত কাপোৰখনত বিভিন্ন দেশৰ লোকৰ ডিএনএৰ অৱস্থিতি পোৱাটো স্বাভাৱিক। অৱশ্যে যিশুৰ কাপোৰত ভাৰতীয় ছাপ পোৱা বিষয়টোৱে ইতিহাসবিদ আৰু ধৰ্মীয় বিশ্লেষকসকলৰ বাবে এক নতুন দুৱাৰ মুকলি কৰি দিছে। যিশু খ্ৰীষ্টৰ মৃত্যুৰ লগত জড়িত এই পবিত্ৰ বস্ত্ৰখণ্ড যে প্ৰাচীন ভাৰতীয় বাণিজ্যৰ এক নিদৰ্শন হ’ব পাৰে, সেই কথাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে।





