ভাৰতৰ পাৰিপাৰ্শ্চিক অৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে প্লাষ্টিক আৱৰ্জনাই। দেশত প্লাষ্টিক আৱৰ্জনাৰ উৎপাদন যোৱা পাঁচ বছৰত দুগুণতকৈও অধিক বৃদ্ধি পাইছে আৰু গড় বাৰ্ষিক ২১.৮ শতাংশ বৃদ্ধি হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে এই তথ্য।
সংসদৰ নিম্ন সদনত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত পৰিৱেশ ৰাজ্যিক মন্ত্ৰী অশ্বিনী চৌবেয়ে কয় যে ২০১৯-২০ বৰ্ষত ৩৪ লাখ টনতকৈও অধিক প্লাষ্টিক আৱৰ্জনা আৰু ২০১৮-১৯ বৰ্ষত ৩০.৫৯ লাখ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হৈছিল।
মন্ত্ৰীজনে দাঙি ধৰা তথ্য অনুসৰি, যোৱা পাঁচ বছৰত দেশত প্লাষ্টিক আৱৰ্জনাৰ পৰিমাণ দুগুণতকৈও অধিক হৈছে। দেশত ২০১৫-১৬ বৰ্ষত ১৫.৮৯ লাখ টন প্লাষ্টিক আৱৰ্জনা উৎপাদন হৈছিল।
মন্ত্ৰালয়ে কয় যে দেশত কঠিন আৱৰ্জনা, প্লাষ্টিক আৱৰ্জনা, ই-আৱৰ্জনা, নিৰ্মাণ আৰু ধ্বংস আৱৰ্জনা, জৈৱ-চিকিৎসা আৱৰ্জনা আৰু বিপদজনক আৱৰ্জনা উৎপাদনৰ বাৰ্ষিক তথ্য কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে (চিপিচিবি) সংকলন কৰে।
“বিপদজনক আৱৰ্জনা আৰু অন্যান্য আৱৰ্জনাৰ সন্দৰ্ভত সংকলিত তথ্যৰ ওপৰত চিপিচিবিয়ে কৰা অধ্যয়নৰ ওপৰত আধাৰিত কৰি বিপদজনক আৱৰ্জনা উৎপাদনত লক্ষ্য কৰা গড় বাৰ্ষিক বৃদ্ধি হৈছে দুই শতাংশ, জৈৱ-চিকিৎসা আৱৰ্জনা (বিএমডব্লিউ)ত ৫.৮ শতাংশ, কঠিন আৱৰ্জনা ০.১ শতাংশ আৰু প্লাষ্টিক আৱৰ্জনা ২১.৮ শতাংশ।” মন্ত্ৰীজনে তেওঁৰ লিখিত উত্তৰত কয়।
তেওঁ কয় যে পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬ৰ অধীনত অধিসূচনা কৰা বিভিন্ন নিয়মত সন্নিবিষ্ট ব্যৱস্থাঅনুসৰি সংশ্লিষ্ট ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড/প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ (এছপিচিবি/পিচিচি) পৰা তথ্য সংগ্ৰহ কৰা হয়।
জৈৱ চিকিৎসা আৱৰ্জনা সন্দৰ্ভত আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ২০২০ চনত প্ৰতিদিনে ৬৭৭ টন জৈৱ চিকিৎসা আৱৰ্জনা উৎপাদন কৰিছিল আনহাতে ২০১৯ চনত ই প্ৰতিদিনে ৬১৯ টন বিএমডব্লিউ উৎপাদন কৰিছিল। ২০১৫ চনত ভাৰতত প্ৰস্তুত কৰা বিএমডব্লিউ প্ৰতিদিনে ৫০২ টন আছিল।
সমগ্ৰ দেশতে জৈৱ চিকিৎসা আৱৰ্জনাৰ অবৈজ্ঞানিক বা অবৈধ নিষ্কাশনৰ ওপৰত প্ৰাপ্ত অভিযোগৰ সংখ্যা সন্দৰ্ভত আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চিপিচিবিয়ে ২০১৬ ৰ পৰা ২০২১ চনৰ ভিতৰত মুঠ ২৩ টা ৰাজহুৱা অভিযোগ লাভ কৰিছে।
ইয়াৰ ভিতৰত পাঁচটা অভিযোগ ৰাজস্থানৰ, চাৰিটা দিল্লীৰ, তিনিটা তামিলনাডুৰ, দুটা ঝাৰখণ্ডৰ আৰু এটা কৈ অভিযোগ বিহাৰ, পঞ্জাৱ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, পুডুচেৰী, পশ্চিম বংগ আৰু ছত্তীশগড়ৰ।