ভাৰতীয় সেনাই মাজনিশা পাকিস্তানক আক্ৰমণ কৰাৰ পাছতে দুয়োখন দেশত যুদ্ধৰ নতুন ঘণ্টা বাজিছে। পাকিস্তানৰ প্ৰত্যুত্তৰ আক্ৰমণৰ আশংকাত ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ উদ্বেগ সৃষ্টি হৈছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ৰ’ৱেচিয়া, নেদাৰলেণ্ড আৰু নৰৱে ভ্ৰমণ বাতিল কৰা হৈছে। ভাৰত চৰকাৰৰ এক জ্যেষ্ঠ সূত্ৰই আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনক নিশ্চিত কৰিছে যে মোদীৰ বিদেশ ভ্ৰমণ বাতিল কৰা হৈছে।
সূত্ৰটোৱে চিএনএনক জনোৱা মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰ’ৱেচিয়া, নেদাৰলেণ্ড আৰু নৰৱে ভ্ৰমণ পিছুৱাই দিছে।
নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ স্থগিত ৰখাৰ এতিয়ালৈকে কোনো আনুষ্ঠানিক কাৰণ উল্লেখ কৰা হোৱা নাই। অৱশ্যে ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিগ্ৰহণ কৰা কাশ্মীৰত আক্ৰমণ চলোৱাৰ কেইঘণ্টামান পাছতে তেওঁৰ ভ্ৰমণ স্থগিত ৰখাৰ ঘোষণা।
চুবুৰীয়া দেশৰ ওপৰত সামৰিক আক্রমণ সন্দর্ভত এতিয়াও ৰাজহুৱাভাৱে মাত মতা নাই মোদীয়ে৷ অৱশ্যে বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ এখন বৈঠকৰ অধ্যক্ষতা কৰে। তাতে মোদীয়ে পাকিস্তানৰ ৯টা স্থানত ভাৰতীয় সেনাৰ অপাৰেচন সেন্দূৰ নামৰ অভিযানক প্ৰশংসা কৰে। কেবিনেট বৈঠকত তিনিওটা ভাৰতীয় বাহিনীৰ যৌথ অভিযানক তেওঁ অতিশয় প্ৰশংসা কৰি ইয়াক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কেবিনেটক অৱগত কৰে যে পাকিস্তানত এক নিখুঁত আৰু সু-পৰিকল্পিত অভিযান চলোৱা হৈছে। তেওঁ কয় যে এই অভিযানত কোনো ভুল হোৱা নাছিল আৰু সফলতাৰে সম্পূৰ্ণ হৈছিল।
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বুধবাৰে দিল্লীত এখন সংবাদমেলত পাকিস্তানত সংঘটিত আক্ৰমণ সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। সেই সময়ত তেওঁ কয় যে বন্দুকধাৰীয়ে জম্মু-কাশ্মীৰৰ পহলগাম আক্ৰমণ কৰাৰ দুসপ্তাহৰ পাছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ কমেও ৯টা স্থানত নিশাৰ ভাগত আক্ৰমণ চলাইছিল।
এই আক্ৰমণত ভাৰতীয় সেনাই মাত্ৰ ২৫ মিনিটতে পাকিস্তানলৈ কমেও ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। পাকিস্তানত এই আক্ৰমণত কমেও ৯০ জন লোক নিহত হোৱা বুলি দাবী কৰিছে ভাৰতে। অৱশ্যে ভাৰতীয় আক্ৰমণত ২৬ জন লোক নিহত হোৱা বুলি পাকিস্তানী সেনাই প্ৰকাশ কৰিছে।