• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-পাক উত্তেজনা! ক্ৰ’ৱেচিয়া-নেদাৰলেণ্ড-নৰৱেৰ ভ্ৰমণ সাময়িকভাৱে স্থগিত ৰাখিলে নৰেন্দ্ৰ মোদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 2:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাই মাজনিশা পাকিস্তানক আক্ৰমণ কৰাৰ পাছতে দুয়োখন দেশত যুদ্ধৰ নতুন ঘণ্টা বাজিছে। পাকিস্তানৰ প্ৰত্যুত্তৰ আক্ৰমণৰ আশংকাত ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ উদ্বেগ সৃষ্টি হৈছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ৰ’ৱেচিয়া, নেদাৰলেণ্ড আৰু নৰৱে ভ্ৰমণ বাতিল কৰা হৈছে। ভাৰত চৰকাৰৰ এক জ্যেষ্ঠ সূত্ৰই আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনক নিশ্চিত কৰিছে যে মোদীৰ বিদেশ ভ্ৰমণ বাতিল কৰা হৈছে।

সূত্ৰটোৱে চিএনএনক জনোৱা মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰ’ৱেচিয়া, নেদাৰলেণ্ড আৰু নৰৱে ভ্ৰমণ পিছুৱাই দিছে।

Apply Now

নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ স্থগিত ৰখাৰ এতিয়ালৈকে কোনো আনুষ্ঠানিক কাৰণ উল্লেখ কৰা হোৱা নাই। অৱশ্যে ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিগ্ৰহণ কৰা কাশ্মীৰত আক্ৰমণ চলোৱাৰ কেইঘণ্টামান পাছতে তেওঁৰ ভ্ৰমণ স্থগিত ৰখাৰ ঘোষণা।

চুবুৰীয়া দেশৰ ওপৰত সামৰিক আক্রমণ সন্দর্ভত এতিয়াও ৰাজহুৱাভাৱে মাত মতা নাই মোদীয়ে৷ অৱশ্যে বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ এখন বৈঠকৰ অধ্যক্ষতা কৰে। তাতে মোদীয়ে পাকিস্তানৰ ৯টা স্থানত ভাৰতীয় সেনাৰ অপাৰেচন সেন্দূৰ নামৰ অভিযানক প্ৰশংসা কৰে। কেবিনেট বৈঠকত তিনিওটা ভাৰতীয় বাহিনীৰ যৌথ অভিযানক তেওঁ অতিশয় প্ৰশংসা কৰি ইয়াক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কেবিনেটক অৱগত কৰে যে পাকিস্তানত এক নিখুঁত আৰু সু-পৰিকল্পিত অভিযান চলোৱা হৈছে। তেওঁ কয় যে এই অভিযানত কোনো ভুল হোৱা নাছিল আৰু সফলতাৰে সম্পূৰ্ণ হৈছিল।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বুধবাৰে দিল্লীত এখন সংবাদমেলত পাকিস্তানত সংঘটিত আক্ৰমণ সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। সেই সময়ত তেওঁ কয় যে বন্দুকধাৰীয়ে জম্মু-কাশ্মীৰৰ পহলগাম আক্ৰমণ কৰাৰ দুসপ্তাহৰ পাছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ কমেও ৯টা স্থানত নিশাৰ ভাগত আক্ৰমণ চলাইছিল।

এই আক্ৰমণত ভাৰতীয় সেনাই মাত্ৰ ২৫ মিনিটতে পাকিস্তানলৈ কমেও ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। পাকিস্তানত এই আক্ৰমণত কমেও ৯০ জন লোক নিহত হোৱা বুলি দাবী কৰিছে ভাৰতে। অৱশ্যে ভাৰতীয় আক্ৰমণত ২৬ জন লোক নিহত হোৱা বুলি পাকিস্তানী সেনাই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd