• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰা এক ভিডিঅ’ ক্লিপত অমৰদ্বীপে নিজৰ অস্থায়ী দোকানৰ সন্মুখত বহি গ্ৰাহকৰ বাবে শাক-পাচলি জোখা দেখা গৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 3, 2026 8:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ত্ৰিৰংগ উৰুৱাই দেশখনক গৌৰৱান্বিত কৰিছিল। কিন্তু কেমেৰাৰ লাইট নুমাই যোৱাৰ লগে লগে বাস্তৱৰ ৰূঢ় মাটিত তেওঁৰ সকলো অৱদান হেৰাই গ’ল। দেশৰ হৈ থ্ৰ’বলত চাৰিটা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা এথলীট অমৰদ্বীপ কুমাৰে এতিয়া ৰাঁচীৰ আৰ্গোৰা চ’কত ফুটপাথত শাক-পাচলি বিক্ৰী কৰিবলগীয়া হৈছে। পৰিয়াল পোহপাল দিবলৈ কেতিয়াবা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শাক-পাচলিৰ ষ্টল সজাই বহি থাকে আৰু কেতিয়াবা পেটৰ দায়ত ষ্টিয়াৰিং ধৰি কেব লৈ ৰাস্তাত নামি পৰে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰা এক ভিডিঅ’ ক্লিপত অমৰদ্বীপে নিজৰ অস্থায়ী দোকানৰ সন্মুখত বহি গ্ৰাহকৰ বাবে শাক-পাচলি জোখা দেখা গৈছে। কিন্তু তেওঁৰ দোকানখনৰ প্ৰতিচ্ছবি এজন সাধাৰণ শাক-পাচলি বিক্ৰেতাৰ তুলনাত সম্পূৰ্ণ পৃথক—দেশখনে লাভ কৰা চাৰিটা আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক দোকানৰ পিছফালে কাঠৰ ফলকত সজাই থোৱা আছে। ক্ৰীড়াপ্ৰেমীৰ পৰা সাধাৰণ নেটিজেনলৈকে এই নিষ্ঠুৰ বৈপৰীত্য দেখি তেওঁলোক স্তম্ভিত হৈ পৰিছে।

Apply Now

ঝাৰখণ্ডৰ এই যুৱকজনে ২০১৫ চনত মালয়েছিয়াত অনুষ্ঠিত এছিয়ান জুনিয়ৰ থ্ৰ’বল চেম্পিয়নশ্বিপত ভাৰতৰ বাবে প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনিছিল। তাৰ পিছত ২০১৭ চনত কাঠমাণ্ডুত অনুষ্ঠিত ভাৰত-নেপাল টুৰ্নামেন্ট আৰু ২০১৯ চনত বেংগালুৰুত অনুষ্ঠিত দক্ষিণ এছিয়ান থ্ৰ’বল চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। তদুপৰি অমৰদ্বীপে দেশৰ হৈ চতুৰ্থটো সোণৰ পদক লাভ কৰিছিল ২০২৬ চনত।

কিন্তু এই সকলো সফলতাৰ পিছতো ভাগ্যৰ চকা নুঘুৰিল। ২০১৬ চনৰ পৰা চৰকাৰী চাকৰি আৰু আৰ্থিক স্বীকৃতিৰ বাবে চৰকাৰৰ দুৱাৰত টুকুৰিয়াই অহা অমৰদ্বীপৰ ফাইল ৰঙা ফিটাৰ মাজত আবদ্ধ হৈ পৰিছে। কিন্তু হাৰিয়ানা, ছত্তীশগড় বা বিহাৰৰ দৰে ৰাজ্যৰ পৰা তেওঁৰ সতীৰ্থ খেলুৱৈসকলে বহু আগতেই নিজ নিজ ৰাজ্য চৰকাৰৰ পৰা স্থায়ী চাকৰি আৰু পুৰস্কাৰ লাভ কৰিছে।

Heartbreaking visuals 💔

Ranchi Gold medalist selling vegetables on road 😢

This is Amardeep Kumar from Ranchi, a throwball player who represented India in Malaysia and won gold medal.

Now he is selling vegetables with medals hanging on the wall 💔💔 pic.twitter.com/oKoqpZumjR

— Desi Lord (@DesiLord_) August 31, 2026

এই ধনৰ অভাৱৰ মাজতো অমৰদ্বীপে খেল এৰি দিয়া নাই। অক্টোবৰৰ শেষৰ ফালে শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তেওঁ প্ৰস্তুতি চলাইছে। অৱশ্যে তেওঁৰ দৰিদ্ৰতাৰ এই কৰুণ ছবিখন বিয়পি পৰাত প্ৰশাসনক কঁপাইছে; ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে এক্সত পোষ্ট কৰি ৰাজ্যৰ ক্ৰীড়া বিভাগক অমৰদ্বীপৰ ঘটনাৰ তৎক্ষণাত তদন্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd