বিশ্বৰ জনসাধাৰণৰ বাবে ৱেব পৃষ্ঠাৰ আৰ্কাইভ আৰু মিডিয়া আপলোডৰ ভৰসাযোগ্য ভঁৰাল ইণ্টাৰনেট আৰ্কাইভে ২০০২ চনত গুজৰাটৰ গোধৰা কাণ্ড সন্দৰ্ভত বিবিচি- এ প্ৰস্তুত কৰা তথ্যচিত্ৰৰ মূল খণ্ড সংগ্ৰহৰ পৰা আঁতৰাই পেলাইছে। এক বাৰ্তা যোগে ইণ্টাৰনেট আৰ্কাইভে এই তথ্যচিত্ৰখন এতিয়া উপলব্ধ নহ’ব বুলি সদৰী কৰিছে।
আপলোড কৰা বাৰ্তাটোত লিখা আছিল, “এই বস্তুটো এতিয়া উপলব্ধ নহয়। “আপলোডাৰৰ বিবেচনা অনুসৰি বা আমাৰ ব্যৱহাৰৰ চৰ্তসমূহ উলংঘা কৰাৰ বাবেও বিভিন্ন কাৰণত সামগ্ৰীসমূহ নমাই অনা হ’ব পাৰে।”
ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইউটিউব আৰু টুইটাৰক তথ্যচিত্ৰখনৰ দৃশ্যাংশ আৰু লিংক শ্বেয়াৰ কৰা যিকোনো পোষ্ট বা ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিয়াৰ পিছত ইণ্টাৰনেট আৰ্কাইভৰ এই সিদ্ধান্ত লক্ষণীয় হৈ পৰিছে।
অৱশ্যে ভাৰত চৰকাৰৰ অনুৰোধৰ বাবে নে অন্য কোনো কাৰণত ইণ্টাৰনেট আৰ্কাইভে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই। বিবিচিয়ে ইউটিউবত কপিৰাইটৰ ভিত্তিত তথ্যচিত্ৰখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত তথ্যচিত্ৰখন দশৰ্নৰ ক্ষেত্ৰত দৰ্শকৰ বাবে ইণ্টাৰনেট আৰ্কাইভ মূল উৎস হৈ পৰিছিল।
উল্লেখ্য যে BBC-য়ে ২০০২ চনৰ গুজৰাটৰ গোধৰা হিংসাত্মক কাণ্ডৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্য চিত্ৰতে ব্ৰিটিছ সংবাদ সংস্থাটোৱে গোধৰা হিংসাত্মক কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত আছিল বুৰি গুৰুতৰ তথা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।
গোধৰাত সংঘৰ্ষৰ নামত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল বুলি উল্লেখ কৰি তথ্যচিত্ৰখনত এই সংঘৰ্ষটো ৰাজনৈতিকভাৱে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছিল বুলিও দেখুওৱা হৈছে। কট্টৰ হিন্দুত্ববাদী সংগঠন আৰএছএছ আৰু বিশ্ব হিন্দু পৰিষদ সদ্যসকল এই সংঘৰ্ষত জড়িত থকা বুলি তথ্যচিত্ৰখনত লগতে উল্লেখ কৰা হৈছে।
আনহাতে তথ্যচিত্ৰখনে আক্ৰমণকাৰীৰ বিৰুদ্ধে মোদীৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা আৰু তৎপৰতা লোৱা নাছিল বুলি দাবী কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আৰক্ষীক বাধা প্ৰদান কৰিছিল বুলি গুৰুতৰ দাবী উত্থাপন কৰিছে। এইদৰে মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনতাৰে আক্ৰমণকাৰীক উৎসাহিত কৰিছিল আৰু মোদীৰ মন্ত্ৰীসকলেও হিংসাক প্ৰশ্ৰয় দি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক হিংসাত্মক কাণ্ডক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিছিল বুলিও দাবী কৰা হৈছে।
ইফালে গুজৰাট কাণ্ডক লৈ BBC-ৰ দুটা খণ্ডৰ তথ্য চিত্ৰখন মুকলি হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি কেন্দ্ৰই কৈছে যে তথ্যচিত্ৰখন ঔপনিৱেশিক মনোবৃত্তিৰে নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংবাদ মাধ্যমৰ আগত তথ্যচিত্ৰখনক প্ৰপাগাণ্ডা আখ্যা দি বিশেষ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ কৰিছে।