• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

অহা দেওবাৰে বেলজিয়ামৰ বিৰুদ্ধে ইৰাণৰ পৰৱৰ্তী খেলখনো একেখন খেলপথাৰতে অনুষ্ঠিত হ’ব। তথাপিও এই যুঁজৰ পিছত দলটোক লছ এঞ্জেলছত থাকিবলৈ দিয়া নহ’ল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 12:44 pm
126
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলখন লছ এঞ্জেলছত আছিল। কিন্তু খেল শেষ হোৱাৰ পিছত তাত ৰাতিটো কটাবলৈও অনুমতি নাপালে। বিশ্বকাপৰ খেলখন শেষ হোৱাৰ লগে লগে তেওঁলোকক খৰখেদাকৈ বিমানত উঠাই মেক্সিকোলৈ পঠিয়াই দিয়া হ’ল।

ইৰাণৰ প্ৰশিক্ষক আমিৰ গালেন’ইয়ে এনে অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে। কথাটো হ’ল তেওঁলোকে বিশ্বকাপত অংশগ্ৰহণ কৰিলেও তেওঁলোকৰ সূচী বা প্ৰস্তুতিৰ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই।

Apply Now

গ্ৰুপ জিৰ প্ৰথমখন খেলত ইৰানে নিউজিলেণ্ডৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ’ কৰে। আমোদজনক কথাটো হ’ল অহা দেওবাৰে বেলজিয়ামৰ বিৰুদ্ধে ইৰাণৰ পৰৱৰ্তী খেলখনো একেখন খেলপথাৰতে অনুষ্ঠিত হ’ব। তথাপিও এই যুঁজৰ পিছত দলটোক লছ এঞ্জেলছত থাকিবলৈ দিয়া নহ’ল। মাত্ৰ ১৪০ মাইল দূৰৈৰ টিজুয়ানাত থকা তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰলৈ উভতি যাবলৈ কোৱা হয়।

ইৰাণৰ পৰিকল্পনা আছিল মেচখনৰ পাছত নিশাটো লছ এঞ্জেলছত কটাব। সচৰাচৰৰ দৰেই খেলুৱৈসকলক জিৰণি লোৱা, চিকিৎসা আৰু পুনৰ্বাসনৰ সময় দিয়াৰ কথা। সেই কথা মনত ৰাখিয়েই পিছদিনা দুপৰীয়া টিজুয়ানালৈ উভতি যোৱাৰ সময়সূচী তৈয়াৰ কৰা হৈছিল। কিন্তু মেচৰ পিছত পৰিকল্পনা সলনি হ’ল।

ঘালেনয়ে এগৰাকী দোভাষীৰ জৰিয়তে কয়, ‘আমাক আৰোগ্যৰ সময়কনো দিয়া হোৱা নাছিল। মেচৰ পিছত কোৱা হ’ল, “এতিয়াই ওলাই যাব লাগিব।” খেলুৱৈসকলে জিৰণি ল’বলৈ সময় অতি প্ৰয়োজনীয়। কিন্তু আমাক বিমানত উঠি টিজুয়ানালৈ উভতি যাবলৈ কোৱা হ’ল। ইয়াৰ ফলত আমাৰ বহুত সমস্যা হৈছে!’ ইৰাণৰ প্ৰশিক্ষকগৰাকীয়ে অভিযোগ কৰে যে তেওঁক এই সিদ্ধান্তৰ কাৰণৰ বিষয়ে অৱগত কৰা হোৱা নাছিল।

ঘালেনয়ৰ স্পষ্ট প্ৰশ্নটো হ’ল, কোনে সিদ্ধান্ত লৈছে? তেওঁ কয়, ‘সঁচা কথা ক’বলৈ গ’লে আমাক কিয় উভতাই পঠিওৱা হৈছে মই নাজানো। বৰ আচহুৱা কথা। আমাৰ বাবে যেন আন কোনোবাই পৰিকল্পনা কৰিছে। আমাৰ বাবে সিদ্ধান্ত আন কোনোবাই লৈছে!’

তেওঁ লগতে কয়, ‘আমি দুদিন আগতে অহাৰ কথা আছিল। আমি আজি ৰাতি মেচৰ পিছত থাকিব লাগিছিল, আৰু কাইলৈ ​​দুপৰীয়া উভতি যোৱাৰ কথা আছিল। কিয় পৰিৱৰ্তন, মোৰ কোনো ধাৰণা নাই!’ তেওঁৰ আক্ষেপ, ‘মই ভাবো আমি হয়তো এই বিশ্বকাপৰ আটাইতকৈ বঞ্চিত দল!’

কেৱল ভ্ৰমণেই নহয়, বিশ্বকাপৰ আৰম্ভণিৰে পৰা ইৰাণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ সৈতে হোৱা সংঘাতে তেওঁলোকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছিল। ইৰানে তিনিখন গ্ৰুপ মেচ আমেৰিকাৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনায়। ফিফাই সেই অনুৰোধ নাকচ কৰিছিল। ইয়াৰ উপৰিও ইৰাণ ফুটবল ফেডাৰেচনৰ সভাপতি, প্ৰশিক্ষক কৰ্মচাৰীৰ অংশ আৰু সংবাদ মাধ্যমৰ দলৰ কিছু সদস্যই ভিছাৰ অভাৱত আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিলে।

কেপ্তেইন মেহদি তাৰেমিও সমগ্ৰ ঘটনাক লৈ অসন্তুষ্ট হৈ পৰিছে। মেচৰ প্ৰায় এঘণ্টা পিছত তেওঁ কয়, ‘আমি এতিয়া লছ এঞ্জেলছ এৰিব লাগিব। এইটো আমাৰ বাবে ভাল নহয়। মই ভাবো ফিফাই অধিক সহায় কৰা উচিত আছিল। সকলো আচলতে এক বিপৰ্যয়ৰ দৰে!’

সোমবাৰে দুবাৰ পিছ পৰি থকাৰ পিছতো ইৰাণে পুনৰ সমতা লাভ কৰে। কিন্তু খেলপথাৰত যুঁজখন শেষ হোৱাৰ লগে লগে আন এটা প্ৰশ্ন উত্থাপন হ’ল—যদি কেইদিনমানৰ পিছত একেখন ষ্টেডিয়ামতে পুনৰ খেলখন খেলিব লাগে, তেন্তে নিশাৰ ভিতৰতে সীমান্ত পাৰ হৈ মেক্সিকোলৈ উভতি যোৱাৰ প্ৰয়োজনীয়তা ঠিক ক’ত আছিল?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd