• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণত মানৱ অধিকাৰৰ তীব্ৰ উলংঘন: প্ৰতিবাদ দমনৰ নামত ৪,০০০তকৈও অধিক লোকক হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 11:01 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণত দেশজুৰি চলি থকা চৰকাৰবিৰোধী প্ৰতিবাদক দমন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত ৪,০২৯ জন লোকৰ মৃত্যু হোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক মানৱ অধিকাৰ সংস্থাৰ মতে, এই অভিযানত কেৱল প্ৰাণহানি হোৱাই নহয়, বৰঞ্চ ২৬,০০০ তকৈও অধিক লোকক আটক কৰা হৈছে। এই হিংসাত্মক দমনৰ পৰিপ্ৰেক্ষিতত গোলকীয় পৰ্যায়ত ইৰাণ চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে, যাৰ ফলত বিশ্বৰ কেইবাখনো গুৰুত্বপূৰ্ণ সন্মিলনৰ পৰা ইৰাণৰ প্ৰতিনিধিক বহিষ্কাৰ কৰা হৈছে।

সংস্থাটোৰ তথ্য অনুসৰি, মৃতকৰ ভিতৰত ৩,৭৮৬ জন প্ৰতিবাদকাৰী, ১৮০ জন নিৰাপত্তা বাহিনীৰ লোক, ২৮ টা শিশু আৰু ৩৫ জন প্ৰতিবাদত অংশ নোলোৱা সাধাৰণ ব্যক্তি।

Apply Now

উল্লেখ্য যে, ইৰাণৰ পূৰ্বৰ আন্দোলনসমূহৰ ক্ষেত্ৰতো সঠিক তথ্য যোগান ধৰা এই মানৱ অধিকাৰ সংস্থাটোৱে তেওঁলোকৰ মাটিত থকা সক্ৰিয় কৰ্মীসকলৰ এক নেটৱৰ্কৰ জৰিয়তে প্ৰতিটো মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। অৱশ্যে তেওঁলোকে আশংকা কৰিছে যে প্ৰকৃত মৃত্যুৰ সংখ্যা চৰকাৰী তথ্যতকৈ বহুত বেছি হ’ব পাৰে। উল্লেখ্য যে আন্তৰ্জাতিক সংবাদ সংস্থা ‘এপি‘য়ে (AP) এতিয়ালৈকে স্বতন্ত্ৰভাৱে এই পৰিসংখ্যা নিশ্চিত কৰিব পৰা নাই।

এই বৰ্বৰ হত্যাকাণ্ড আৰু দমনমূলক নীতিৰ বাবে আন্তৰ্জাতিক মঞ্চত ইৰাণ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। চুইজাৰলেণ্ডৰ ডাভোসত অনুষ্ঠিত হ’বলগীয়া ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম‘ৰ (World Economic Forum) এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাষণ দিবলৈ ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগচিলৈ প্ৰেৰণ কৰা আমন্ত্ৰণ ইতিমধ্যে বাতিল কৰা হৈছে। ফ’ৰামৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে পূৰ্বে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল যদিও শেহতীয়াভাৱে ইৰাণত যিদৰে নিৰপৰাধ অসামৰিক লোকৰ প্ৰাণহানি হৈছে, তেনে পৰিপ্ৰেক্ষিতত ডাভোসত ইৰাণ চৰকাৰৰ প্ৰতিনিধিত্ব গ্ৰহণযোগ্য নহয়।

লক্ষ্যনীয় যে ইৰাণৰ চৰকাৰী পক্ষই এতিয়ালৈকে নিৰ্দিষ্টকৈ মৃত্যুৰ কোনো সংখ্যা ৰাজহুৱা কৰা নাই। অৱশ্যে, দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইয়ে প্ৰথমবাৰৰ বাবে এক ইংগিতপূৰ্ণ মন্তব্য কৰি কয় যে এই বিক্ষোভত “কেইবা হাজাৰ” লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, যোৱা ২৮ ডিচেম্বৰৰ পৰা দেশখনৰ দুৰ্বল অৰ্থনীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদৰ পৰিণতি সন্দৰ্ভত ইৰাণৰ কোনো শীৰ্ষ নেতাৰ ফালৰ পৰা এয়াই আছিল প্ৰথম আনুষ্ঠানিক মন্তব্য। অৱশ্যে তেওঁ এই ভয়াৱহ প্ৰাণহানিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰকহে পোনপটীয়াকৈ দোষাৰোপ কৰে।

চৰকাৰী বিষয়াসকলৰ শেহতীয়া মন্তব্যই আটক কৰা প্ৰতিবাদকাৰীসকলৰ ভৱিষ্যতক লৈ অধিক শংকাৰ সৃষ্টি কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতি, ন্যায়পালিকাৰ মুৰব্বী আৰু সংসদৰ অধ্যক্ষই যুটীয়াভাৱে প্ৰদান কৰা এক বিবৃতিত কঠোৰ সকীয়নি দিছে। তেওঁলোকে জনোৱা মতে, এই ঘটনাত জড়িত “হত্যাকাৰী” আৰু “বিদ্ৰোহী সন্ত্ৰাসবাদী”সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব। অৱশ্যে তেওঁলোকে এইটোও লগতে কয় যে যিসকল লোক প্ৰতাৰিত হৈ বিক্ষোভত অংশ লৈছিল বা যাৰ কোনো সক্ৰিয় ভূমিকা নাছিল, তেওঁলোকৰ প্ৰতি ইছলামিক দয়া আৰু উদাৰতা প্ৰদৰ্শন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd