• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰানত প্ৰতিবাদৰ ত্ৰয়োদশ দিন: ইণ্টাৰনেট বন্ধৰ মাজতে ট্ৰাম্পৰ সামৰিক হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2026 4:49 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰানত চৰকাৰ বিৰোধী আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰাৰ লগে লগে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইণ্টাৰনেট নিৰীক্ষণকাৰী সংস্থা ‘নেটব্লকছ’ এ প্ৰকাশ কৰা তথ্য অনুসৰি, বিক্ষোভ দমনৰ উদ্দেশ্যে ইৰান চৰকাৰে সমগ্ৰ দেশজুৰি ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে কৰ্তন কৰিছে। এই পদক্ষেপে ইৰানৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ লগতে চৰকাৰী বাহিনীৰ হিংসাত্মক কাৰ্যকলাপ লুকুৱাই ৰখাৰ এক প্ৰচেষ্টা বুলি সংস্থাটোৱে অভিযোগ উত্থাপন কৰিছে।

ইছলামিক গণতন্ত্ৰৰ বিৰুদ্ধে যোৱা তিনি বছৰৰ ভিতৰত গঢ়ি উঠা এইটোৱেই সৰ্ববৃহৎ আন্দোলন। উচ্চ জীৱন ধাৰণৰ ব্যয় বৃদ্ধিৰ বিৰুদ্ধে ১৩ দিনৰ পূৰ্বে আৰম্ভ হোৱা এই আন্দোলনে এতিয়া ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পাছৰে পৰা চলি থকা ধৰ্মীয় শাসন ব্যৱস্থাৰ অন্ত পেলোৱাৰ দাবীলৈ ৰূপান্তৰিত হৈছে। নৰৱেস্থিত এনজিঅ’, ‘ইৰান হিউমেন ৰাইটছৰ মতে, নিৰাপত্তা বাহিনীৰ গুলীত এতিয়ালৈকে নজন শিশুক ধৰি অতি কমেও ৫১ জন প্ৰতিবাদকাৰী নিহত হৈছে আৰু শ শ লোক আহত হৈছে।

Apply Now

এএফপি (AFP)ৰ দ্বাৰা সত্যায়িত এটা ভিডিঅ’ত দেখা গৈছে যে তেহৰাণৰ সাদাতাবাদ জিলাত একাংশ লোকে পাত্ৰ বজাই চৰকাৰ বিৰোধী শ্লোগান দিছে। তেওঁলোকে সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক লক্ষ্য কৰি খামেনেইৰ মৃত্যু হওক বুলি চিঞৰিছে। একেধৰণৰ প্ৰতিবাদ মাচহাদ, তাব্ৰিজ আৰু পবিত্ৰ চহৰ কোমতো দেখা গৈছে। উল্লেখ্য যে, ২০২২-২৩ চনৰ মাহছা আমিনীৰ মৃত্যুৰ পাছত হোৱা আন্দোলনৰ পাছত এয়াই দেশখনৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি।

৩ জানুৱাৰীৰ পৰা বৃদ্ধি পোৱা প্ৰতিবাদৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলি খামেনেইয়ে প্ৰতিবাদকাৰীসকলক ধ্বংসকাৰী আৰু উগ্ৰপন্থী বুলি অভিহিত কৰিছে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ট্ৰাম্পৰ হাত হাজাৰ হাজাৰ ইৰানীয়ানৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছে।

আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰানৰ নেতাসকলক কঠোৰ সকীয়ানি দি কয়, “ইৰান চৰকাৰ ডাঙৰ বিপদত পৰা যেন দেখা গৈছে। আপোনালোকে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা বন্ধ কৰক, অন্যথা আমি সামৰিক ব্যৱস্থা ল’বলৈ বাধ্য হ’ম। আমেৰিকাই ইৰানৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচীৰ অভিযোগক ভ্ৰান্ত বুলিও প্ৰত্যাখ্যান কৰিছে।

ইৰানৰ নবেল বঁটা বিজয়ী শিৰিন ইবাদিয়ে সকীয়াই দিছে যে ইণ্টাৰনেট বন্ধ কৰি নিৰাপত্তা বাহিনীয়ে এক গণহত্যাৰ প্ৰস্তুতি চলাইছে। ফ্ৰান্স, ব্ৰিটেইন আৰু জাৰ্মানীৰ নেতাসকলেও এক যুটীয়া বিবৃতিত প্ৰতিবাদকাৰীৰ মৃত্যুক গৰিহণা দিছে। আনহাতে, এমনেষ্টি ইণ্টাৰনেচনেল আৰু হিউমেন ৰাইটছ ৱাচ্ছ-এ জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক দমন কৰিবলৈ ৰাইফল, পানীৰ হিলৈ আৰু কন্দুৱা গেছৰ নিৰ্বিচাৰ ব্যৱহাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd