NORTHEAST NOW (Assamese)

গুজৰাটৰ সমুদ্ৰ তীৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ইৰানী নাওঁ জব্দ

September 19, 2021 4:04 pm · নৰ্থ ইষ্ট নাও

শনিবাৰে সন্ত্ৰাসবাদ নিৰ্মূল বাহিনী আৰু নৌ সেনাৰ যুটীয়া অভিযানত গুজৰাটৰ সমুদ্ৰ উপকূলত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সাত জন ইৰানী মূলৰ ব্যক্তিসহ এখন ইৰাণী নাওঁ জব্দ কৰা হয়।

আজি সেনাৰ উচ্চপ্ৰদস্থ বিষয়ববীয়াই জানিবলৈ দিয়া মতে,শনিবাৰে নিশা সেনাৰ অভিযানত ভাৰতীয় জল সীমাৰ অন্তৰ্গত গুজৰাটৰ সমুদ্ৰ উপকূলত ইৰানী মূলৰ নাওঁখনৰ পৰা প্ৰায় ৩০-৫০ কিলোগ্ৰাম ওজনৰ হিৰ’ইন জব্দ কৰে,যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক ২৫০ কোটি হ’ব বুলি অনুমান কৰা হৈছে।

অৱশ্যে পৰীক্ষাৰ অন্ততহে এই বিষয়ে নিশ্চয়তা লাভ কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

নাওঁখনত থকা আটাইকেইজন লোকেই ইৰানৰ নাগৰিক বুলি ইতিমধ্যে জানিব পৰা গৈছে।

গুজৰাটৰ এজন জন সম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, প্ৰাথমিক তদন্তৰ বাবে নাওখন বৰ্তমান নিকটাৱৰ্তী বন্দৰত ৰখোৱা হৈছে।

গুজৰাটৰ সন্ত্ৰাসবাদ নিৰ্মূল বাহিনীৰ মহাপৰিদৰ্শক হিমাংশু শুক্লাই এক বিবৃতি যোগে ব্যক্ত কৰে যে, জল পথেদি ড্ৰাগছৰ চোৰাং বেহাৰ বিষয়ে তেওঁলোকে তথ্য লাভ কৰিছিল আৰু এই তথ্যৰ আধাৰত সন্ত্ৰাসবাদ নিৰ্মূল বাহিনী আৰু নৌ সেনাই যুটীয়াভাৱে এই অভিযান চলায়।

Related News