আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ সকীয়ানি আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ পাছত ইৰাণ চৰকাৰে চৰকাৰ বিৰোধী আন্দোলনত জড়িত ৮০০ লোকৰ পৰিকল্পিত ফাঁচী স্থগিত ৰাখিবলৈ বাধ্য হৈছে।
শুকুৰবাৰে হোৱাইট হাউছত অনুষ্ঠিত এক সংবাদমেলত ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব কেৰলিন লিভিটে এই তথ্য নিশ্চিত কৰি কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মধ্যপ্ৰাচ্যৰ বন্ধু দেশসমূহৰ প্ৰবল হস্তক্ষেপৰ বাবে তেহৰাণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে এই লোকসকলক মৃত্যুদণ্ড দিয়াৰ কথা আছিল যদিও বৰ্তমানৰ পৰিস্থিতিত ইৰাণ চৰকাৰে পিছুৱাই গৈছে, যিটোৱে দেশখনৰ শাসন ব্যৱস্থাই সন্মুখীন হোৱা গভীৰ সংকটৰ ইংগিত দিছে।
হোৱাইট হাউছে ইৰাণক তীব্ৰ সকীয়ানি দি জনাইছে যে প্ৰতিবাদকাৰীৰ ওপৰত চলা হিংসাত্মক দমন আৰু নিৰীহ লোকৰ হত্যা অব্যাহত থাকিলে ইয়াৰ পৰিণতি অতি গুৰুতৰ হ’ব। ইতিমধ্যে আমেৰিকাই এই দমনমূলক কাৰ্যৰ সৈতে জড়িত পাঁচজন ইৰাণী বিষয়াৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ইৰাণৰ নেতাসকলৰ বিদেশী বেংকৰ বিত্তীয় লেনদেনৰ ওপৰতো নজৰ ৰাখিছে।
বিগত প্ৰায় ২০ দিন ধৰি ইৰাণত অভূতপূৰ্ব চৰকাৰ বিৰোধী আন্দোলন চলি আছে, য’ত মানৱ অধিকাৰ সংগঠনসমূহৰ মতে ২৬০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ব্যক্তিগতভাৱে ইৰাণৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু তেওঁ জানিবলৈ দিছে যে ইৰাণৰ বিষয়াসকলে তেওঁক হত্যাকাণ্ড আৰু ফাঁচী বন্ধ কৰাৰ আশ্বাস দিছে। বিশেষকৈ ২৬ বছৰীয়া প্ৰতিবাদকাৰী এৰফান ছলটানীৰ দৰে যুৱকৰ সম্ভাব্য মৃত্যুদণ্ডক লৈ সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি হৈছিল। অৱশ্যে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচিয়ে ফাঁচীৰ পৰিকল্পনাৰ কথা আনুষ্ঠানিকভাৱে অস্বীকাৰ কৰি এনে শাস্তিক “প্ৰশ্নৰ বাহিৰত” বুলি অভিহিত কৰিছে।
উল্লেখ্য যে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পাছত ইৰাণত এয়া আটাইতকৈ বৃহৎ গণ আন্দোলন হিচাপে পৰিগণিত হৈছে। দেশখনৰ ভংগুৰ অৰ্থনীতি আৰু মুদ্ৰাস্ফীতিৰ বাবে সাধাৰণ জনতা চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে, য’ত ইৰাণী ৰিয়েলৰ মূল্য ইতিহাসৰ সৰ্বনিম্ন স্তৰলৈ নামি আহিছে। যোৱা ২৮ ডিচেম্বৰত তেহৰাণত ব্যৱসায়ীসকলে আৰম্ভ কৰা ধৰ্মঘট বৰ্তমান ৩১খন প্ৰদেশলৈ বিয়পি পৰিছে। ইৰাণ চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি আৰু সেনা নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও প্ৰতিবাদকাৰীসকলে দেশখন স্তব্ধ কৰি ৰাখিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সামৰিক হস্তক্ষেপৰ ভাবুকি আৰু ৮০০ লোকৰ ফাঁচী স্থগিত ৰখাৰ এই ঘটনাক কূটনৈতিক মহলত এক গুৰুত্বপূৰ্ণ মোৰ হিচাপে দেখা গৈছে, যিয়ে সাময়িকভাৱে আমেৰিকাৰ প্ৰত্যক্ষ আক্ৰমণৰ আশংকা হ্ৰাস কৰিব পাৰে।





