• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাৰতে Covid-19 ৰ বিৰুদ্ধে লগা যুঁজখনত পৰাস্ত হৈছে নেকি?

৮ এপ্ৰিল, ২০২০ত নিউজ ৱেব প’ৰ্টেল Newsclick ত প্ৰকাশিত

মূল: বাপ্পা সিন্হা (Bappa Sinha), ভাৱানুবাদ: সুজাতা হাতীবৰুৱা by মূল: বাপ্পা সিন্হা (Bappa Sinha), ভাৱানুবাদ: সুজাতা হাতীবৰুৱা
April 20, 2020 4:22 pm
2579 persons test Covid19 positive in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে ক’ৱিড-১৯ (Covid -19) মহামাৰীৰ মোকাবিলা কৰাকলৈ সংবাদ মাধ্যমৰ বিৱৰণ ধনাত্মক। এক বৃহৎসংখ্যক সংবাদ মাধ্যমে আজ্ঞাবাহী ভৃত্যৰ দৰে প্ৰক্ষেপ কৰিছে যে মোডী চৰকাৰে মহামাৰীবিধৰ সম্প্ৰসাৰণৰ যথেষ্ট আগতেই এক ৰাষ্ট্ৰীয় লকডাউনৰ  ঘোষণাৰ জৰিয়তে কৰি এক সাহসী সিদ্ধান্ত ল’লে, যিটোৱে ভাৰতক আমেৰিকা আৰু ইউৰোপৰ বহুকেইখন ৰাষ্ট্ৰৰ দুৰ্ভাগ্যৰ পৰা বচাব যাক ইতিমধ্যেই সমগ্ৰ বিশ্বতে Covid-19ৰ সম্প্ৰসাৰণ ৰোধৰ যুদ্ধখনত বিফল হিচাপে চোৱা গৈছে। মোডীক এজন উজ্জ্বল বৰ্মেৰে সজ্জিত যুঁজাৰুৰ ৰূপত প্ৰক্ষেপ কৰা হৈছে যি এই বীৰোচিত যুদ্ধখন নেতৃত্ব দিছে তেওঁৰ সাহসী সিদ্ধান্তৰে আৰু দেশৰ মনোবল বঢ়াবলৈ তেওঁৰ থাল-বাচন বজাবলৈ, মম-চাকি জ্বলাবলৈ আদি সময়ে-সময়ে জনোৱা আহ্বানেৰে, যি জনতাৰ উৎসাহী অংশগ্ৰহণ প্ৰত্যক্ষ কৰিছে।

তথাপিও, সকলোবোৰ সংবাদ মাধ্যমে প্ৰক্ষেপ কৰি অহাৰ দৰেই সুখকৰ নে আৰু যিবোৰ  থূলমূলকৈ জনতাইও বিশ্বাস কৰে? কিছুমান সূচকে কয় যে কথাটো সেইটো নহয়। সংবাদ প্ৰতিবেদনবোৰে ক’ব বিচাৰে যে চৰকাৰে এতিয়া মূখ্যমন্ত্ৰী আৰু বিশেষজ্ঞ সকলৰ অনুৰোধত লকডাউন বঢ়াবলৈ গৈ আছে। আৰু,যিসময়ত চৰকাৰে, মাত্ৰ কেইদিনমান আগলৈকে, এইটো স্পষ্টকৈ প্ৰকাশ কৰিছিল যে ভাৰতত কোনো  কমিউনিটী ট্ৰান্সমিছন (তৃতীয় পৰ্যায়) ঘটা নাই আৰু যে আমি এতিয়া ও দুই নম্বৰ পৰ্যায়তে আছো; যোৱা কিছুদিনৰ পৰা “সীমিত গোটৰ মাজত ট্ৰান্সমিছন” ৰ কথা ক’বলৈ আৰম্ভ কৰিছে।

Apply Now

স্পষ্টতঃ, একৈশ দিনীয়া লকডাউনৰ পিছত সকলো ঠিক হ’ব বুলি কৰা আগৰ প্ৰক্ষেপণবোৰ সফল হোৱা নাই। সংবাদ মাধ্যম আৰু আনকি স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ দ্বাৰা, (বিজেপিৰ আইটি চেলৰ কথা ক’বই নালাগে), মহামাৰীবিধৰ বিধৰ সাম্প্ৰদায়িকীকৰণৰ এক প্ৰচেষ্টা চলিছিল এই বুলি কৈ যে মহামাৰীবিধৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ একমাত্ৰ কাৰণ তবলিগী জামাতৰ ঘটনাটোৱে। এখন সংবাদমেলত আগৰৱালাই কৈছিল যে ভাৰতৰ Covid-19ৰ ঘটনাবোৰ প্ৰত্যেক ৪.১ দিনত দুগুণ হৈ আছিল আৰু জামাতিয়া ঘটনাটোৰ অবিহনে দুগুণ প্ৰতি ৭.৪ দিনতহে হ’লহেঁতেন। এইটো এটা গোকোট মিছা কথা। সংবাদমেলখনত প্ৰকাশ কৰা মন্ত্ৰালয়ৰ নিজৰ সংখ্যাৰ মতেই, ভাৰতত ১০  মাৰ্চৰ ৬২ টা ঘটনাৰ পৰা ৬ এপ্ৰিলৰ দিনটো লৈ ৪০৬৭ টা ঘটনালৈ বৃদ্ধি পালে, বৃদ্ধিৰ হাৰ প্ৰত্যেক ৪.১৪ দিনত দুগুণ। আৰু ইয়াৰ ভিতৰত, ১৪৪৫টা ঘটনা তবলিগী জামাতৰ লগত জড়িত আছিল। গতিকে, তবলিগী জামাতৰ বাহিৰত,২৬২২ টা ঘটনা হ’ব যিবোৰৰ বৃদ্ধিৰ হাৰ ৪.৬৩ দিনত দুগুণ। স্পষ্টতঃ, এক ভীতিগ্ৰস্ত চৰকাৰে দায়বদ্ধ তাৰ পৰা হাত সাৰিবলৈ বিশেষভাৱে জামাতলৈ আৰু সাধাৰণ ভাৱে মুছলমান সম্প্ৰদায়লৈ দোষটো ঠেলি দিয়াৰ চেষ্টা কৰিছিল।

কিন্তু আচল সংখ্যাবোৰে কি কয়? দেশৰ ক’ৱিড-১৯ ৰ নিশ্চিত সংক্ৰমিত ৰোগীৰ সংখ্যালৈ চাই ক’ব পাৰি যে সেয়া প্ৰতি চাৰিদিনত দুগুণ হৈ গৈ আছে। যিসময়ত, সেইটো যদিও দ্ৰুতগতিত বৃদ্ধি পাইছে, তথাপি সংখ্যাটোৱে সূচাইছে যে আমাৰ ইয়াত আমেৰিকা আৰু ইউৰোপৰ দেশসমূহৰ দৰে (য’ত মহামাৰীবিধ নিয়ন্ত্ৰণৰ বাহিৰলৈ হৈ গৈছে আৰু প্ৰতি তিনি দিনত দুগুণ কৈ বাঢ়ি আছে ) বৃদ্ধি পোৱা নাই। দ্ৰুত সম্প্ৰসাৰণৰ সময়ছোৱাত, এটা দিনৰ পাৰ্থক্যইও শেষ গণনাত প্ৰচণ্ড হেঁচাৰ সৃষ্টি কৰিব পাৰে। যদি আমি  মাৰ্চৰ ১০ তাৰিখৰ ৬২ টা ঘটনাৰ পৰা প্ৰতি তিনি দিনত দুগুণ হাৰত আৰম্ভ কৰিলোহেঁতেন, তেন্তে এতিয়ালৈকে আমাৰ হাতত ২৫১৮৪ টা ঘটনা আহি পৰিলে হেঁতেন।

কিন্তু আমি নিশ্চিত সংক্ৰমিত ৰোগীৰ সংখ্যাটো সঁচাকৈয়ে বিশ্বাসত ল’ব পাৰোনে? ভাৰত হৈছে বিশ্বৰ আটাইতকৈ কম Covid-19 ৰচনা ঘটনা পৰীক্ষা কৰা দেশসমূহৰ ভিতৰত এখন।

সংখ্যাৰ আন এক পৰ্যালোচনাই আচল ছবিখনত পোহৰ পেলাব পাৰে। মহামাৰী বিশেষজ্ঞ সকলে বৰ্তমানৰ নিশ্চিত ৰোগীৰ সংখ্যা ব্যৱহাৰ নকৰি  মৃত্যুৰ সংখ্যা ব্যৱহাৰ কৰিছে। ইয়াৰ অন্তৰালৰ যুক্তি হৈছে যে ই নিশ্চিত হোৱা ঘটনাৰ সংখ্যাতকৈ বেছি শুদ্ধ ছবি এখন দিব, যিটো সংখ্যা নিৰ্ভৰ কৰে কিমান ব্যাপকভাবে পৰীক্ষণ হৈছে তাৰ ওপৰত।

এপ্ৰিলৰ ছয় তাৰিখলৈকে, ভাৰতত ক’ৱিড-১৯ত মৃতকৰ সংখ্যা ১৩৩; দেশৰ প্ৰথমটো মৃত্যু আছিল মাৰ্চৰ ১২  তাৰিখে আৰু দশম মৃত্যু টো হৈছিল মাৰ্চৰ ২৪ তাৰিখে। যদি কোনোবাই তাৰে যিকোনো এটা দিনৰ মৃত্যুৰ হাৰ আজিৰ তাৰিখলৈকে গণনা কৰি মিলাই চায় তেন্তে প্ৰতিদিনে হোৱা  মৃত্যুৰ গড় হাৰ হ’ব ২৩%, যিটো প্ৰতি ৩.৪ দিনত দুগুণ হোৱাৰ সমান। সংখ্যাটো চাৰি দিনত দুগুণ হোৱা আৰু ইতিমধ্যেই মহামাৰীৰ বিস্ফোৰণ  ঘটা ইউৰোপীয় দেশসমূহৰ দৰে তিনিদিনত দুগুণ হোৱাৰ মাজত।

সংখ্যাবোৰক চোৱাৰ অন্য এটা পদ্ধতি হৈছে মৃত্যুৰ অনুপাতৰ বিপৰীতে সমাধা হোৱা ঘটনাৰ গণনা। সমাধা হোৱা ঘটনাবোৰ সেইবোৰ য’ত হয় ব্যক্তিজন ঢুকাইছে নহয় আৰোগ্য লাভ কৰিছে। ৬ এপ্ৰিললৈকে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে ৩৮২ জন ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু ১৩৩ জন ঢুকাইছে। গতিকে, সমাধা হোৱা ঘটনাৰ ২৬%ই মৃত্যু। এই সংখ্যাটো আনবোৰ দেশৰ লগত কেনেকৈ তুলনা কৰা যায়?

যদি আমি WHO আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সফলতাৰ উদাহৰণ স্বৰূপে ডাঙি ধৰা দেশসমূহলৈ চাও- দক্ষিণ কোৰিয়া আছে ২.৭৮%ত (মৃত্যু/সমাধা হোৱা ঘটনা), চীন ৪.১৪%ত, জাৰ্মানী ৪.৭৮%ত আৰু আইচলেণ্ড ১.২৭% ত-সমাধা হোৱা ঘটনাৰ মাজত মৃত্যুৰ সংখ্যা যথেষ্ট কম। এই দেশসমূহে সাংঘাটিক ভাৱে পৰীক্ষণ কৰিলে আৰু মহামাৰীবিধ নিয়ন্ত্ৰণ কৰিবলৈ লকডাউন আৰু কোৱাৰেন্টিনৰ সিদ্ধান্ত লৈছিল। এই শ্ৰেণীত মালয়েছিয়া এক আচৰিত উদাহৰণ। দেশখনৰ অনুপাত ৪.৭৫%, এইটো দেখুৱায় যে তেওঁলোকেও মহামাৰীবিধক নিয়ন্ত্ৰণৰ ভিতৰলৈ আনিছে আৰু উৰ্ধমুখে বাঢ়ি যোৱা ৰেখাডাল তললৈ নমাই আনিবলৈ সক্ষম হৈছে। মালয়েছিয়াৰ ঘটনাটো মন কৰিবলগীয়া কাৰণ, তেওঁলোকৰ তাতে মহামাৰী দ্ৰুত গতিত সম্প্ৰসাৰিত হোৱা জামাতৰ অনুষ্ঠানটোও হৈছিল, কিন্তু ব্যাপক পৰীক্ষণ আৰু অন্যান্য পদক্ষেপসমূহে মহামাৰীবিধক তাত নিয়ন্ত্ৰণলৈ আনিলে। এনে দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি কৰাত সহায়ক হোৱা  ঘটনা দক্ষিণ কোৰিয়াকে ধৰি প্ৰত্যেক দেশতে ঘটিছে আৰু চৰকাৰৰ বিফলতা ঢাকিবলৈ ই অজুহাত হ’ব নোৱাৰে।

সি যি নহওক, যদি আমি হাতত থকা ঘটনাবোৰ চাও, তেন্তে সি এক  বৰ বেলেগ দৃশ্য ডাঙি ধৰে। এই মহামাৰীত সমাধা হোৱা ঘটনাৰ মাজত মৃত্যুৰ অনুপাত আমেৰিকাত (৩৬%), ইটালীত (৪২%), ফ্ৰান্সত (৩৪%), স্পেইনত (২৫%) আৰু ইংলেণ্ডত (আশ্চৰ্যজনকভাৱে ৯৭.৫%) য়ে দেখুৱায় যে মহামাৰীবিধ ইতিমধ্যে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। এই দেশসমূহে পৰীক্ষণ বহুত দেৰিকৈ আৰম্ভ কৰিছিল আৰু লকডাউন আৰু কোৱাৰান্টিনৰ পদক্ষেপ লোৱাতো পলম কৰিছিল। এতিয়া, পৰীক্ষণ আৰু অন্যান্য পদক্ষেপবোৰ বঢ়াই দিলেও, তেওঁলোকে মহামাৰীৰ দ্ৰুত গতিৰ বৃদ্ধিৰ সৈতে তাল মিলাব পৰা নাই আৰু সেয়ে এই দেশবোৰে এই মহামাৰীৰ আৰোগ্য হোৱা লোক, যিসকলৰ কেতিয়াও পৰীক্ষা কৰা হোৱা নাছিল, তেওঁলোকক গণনাৰ আওতালৈ আনিব পৰা নাই, আনহাতে ক’ৱিড-১৯ ৰ লক্ষণৰ সৈতে ঢুকোৱা ব্যক্তিসকলৰ মৃত্যু এই মহামাৰীতে হোৱা বুলি ধৰি লোৱা হৈছে। লগতে, লানি নিছিনা মানুহক হস্পিটেলত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নোৱাৰি তেওঁলোকৰ স্বাস্থ্য-সেৱা পদ্ধতি ভাঙি পৰিছে, যাৰ ফলত স্বাভাৱিকতকৈ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে।

কিন্তু ভাৰতে এতিয়া এই পৰ্যায় পাইছেগৈনে? সম্ভৱতঃ নাই পোৱা, সমাধা হোৱা ঘটনাৰ মাজত  মৃত্যুৰ সংখ্যাৰ অনুপাত (২৬%) যথেষ্ট বেছি হোৱা স্বত্বেও। আমাৰ চূড়ান্ত মৃত্যুৰ হাৰ এতিয়াও কম আৰু শেষ সিদ্ধান্তলৈ অহাৰ আগতে আৰু কিছু সময় ৰ’ব লাগিব। লগতে, ভাঙি পৰা বা ভিৰ সহিব নোৱাৰা হৈ পৰা হস্পিটেলৰ দৃশ্য এতিয়াও দেখিবলৈ বাকী আছে। সি যি নহওক, মৃত্যুৰ উচ্চ হাৰে দেখুৱায় যে আমি প্ৰচণ্ড ভাৱে পৰীক্ষণৰ ক্ষেত্ৰত পিছ পৰি আছো আৰু মহামাৰীবিধ মানুহৰ মাজত বিয়পি পৰাৰ সম্ভাৱনা ঘণীভূত হৈছে।

অন্য এক তথ্যলৈ আঙুলিয়াব পাৰি যে,  মুঠ পৰীক্ষা আৰু ধনাত্মক ফলাফলৰ অনুপাত ভাৰতত যথেষ্ট নিম্ন -৪.৫%। এই সংখ্যাটো মহামাৰীবিধ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেশবোৰত কৈ যথেষ্ট নিম্ন। ভাৰতৰ পৰীক্ষা সীমিত আৰু কেৱল লক্ষণ দেখুওৱা বিদেশ ভ্ৰমণকাৰীসকল আৰু যিসকল তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ বাবেই লক্ষ্য কৰি লোৱা হৈছিল। নিম্ন হাৰে দেখুৱায় যে অন্ততঃ এই মানুহখিনিৰ মাজত মহামাৰীবিধ নিয়ন্ত্ৰণত আছে্। কিন্তু এতিয়া যথেষ্ট প্ৰমাণ আছে যে ক’ৰ’ণা ভাইৰাছ ইতিমধ্যেই এই গোটটো অতিক্ৰমি আন মানুহৰ গালৈও বিস্তাৰিত হৈছে।

মহাৰাষ্ট্ৰৰ Medical Education and Drugs Departmentৰ এক প্ৰতিবেদনে দেখুৱাইছে যে যোৱা সপ্তাহত, ৰাজ্যখনত ভ্ৰমণকাৰীতকৈ ভ্ৰমণ নকৰা মানুহৰ মাজতহে Covid-19 ৰোগী  বহু বেছিকৈ পোৱা গৈছে। আমাৰ বৰ্তমান ৰাষ্ট্ৰীয় সংস্পৰ্শ সন্ধানী ভিত্তিক পৰীক্ষণ কৌশলে নিশ্চিতভাৱে এই কমিউনিটি সম্প্ৰসাৰণৰ বাঢ়ি অহা ঘটনাবোৰ ধৰিব নোৱাৰিব্। সেয়েহে আমি সংক্ৰমিত ঘটনাবোৰ ধৰিব পাৰিবলৈ আমাৰ পৰীক্ষণ কোনো ভ্ৰমণকাৰীৰ লগত সংস্পৰ্শ বিহীন অথচ বেমাৰৰ লক্ষণ দেখুওৱা আৰু আন যিকোনো মানুহৰ ওপৰতে কৰিবলৈ আৰম্ভ কৰা উচিত।

এটা কথা স্বীকাৰ কৰিব লাগিব যে চৰকাৰে চক্ৰটোৰ যথেষ্ট আৰম্ভণিতেই এক ৰাষ্ট্ৰীয় লকডাউন ঘোষণা কৰিলে, যেতিয়া চৰকাৰী সূত্ৰ স্বীকৃত ঘটনা আৰু মৃত্যুৰ সংখ্যা কম আছিল। তথাপিও, লকডাউন এক বিপৰ্যয়ৰ মাজেৰে আৰম্ভ হ’ল য’ত লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে ভয়ত বিতত হৈ ততাতৈয়াকৈ ঘৰলৈ ৰাওনা হ’ব লগা হৈছিল, যিহেতু এই কাম হেৰুওৱা শ্ৰমিকসকলৰ কাৰণে কোনো সাহায্যৰ লকডাউনৰ সময়ত বা তাৰ পাছতো কোনো ঘোষণা কৰা হোৱা নাছিল।

আৰু লগতে, তেতিয়াৰ পৰা, লকডাউনত ছিদ্ৰ বাহিৰ হৈছে য’ত এতিয়াও মানুহে ধৰ্মীয় উপাসনা থলী, বজাৰত ভিৰ কৰিছে আৰু আনকি মোদীৰ একতা প্ৰদৰ্শনৰ প্ৰতিকী আহ্বানকো “উদযাপন” কৰিবলৈ সমদল বাহিৰ কৰিছে। তথাপি, এইটো অস্বীকাৰ কৰিব নোৱাৰি যে লকডাউনৰ ফলত মানুহৰ মাজত সংস্পৰ্শ কমোৱাত কিছু প্ৰভাৱ পৰিছে আৰু সম্ভৱতঃ এতিয়াও দ্ৰুতগতিৰে বৰ্ধিত ৰেখাডাল কিছু মন্থৰ হোৱাত অৰিহণা যোগাইছে। তথাপিও, আমি হয়তো এইখিনি সময়তে ব্যাপকভাৱে পৰীক্ষণৰ সুবিধাটো হেৰুৱাই পেলাইছো। গতিকে, মোডীৰ চৰকাৰ এতিয়া এক Catch-22 বা ইটোক এৰি আনটোৰ ধৰিব নোৱাৰা অৱস্থাত পৰিছে। আনহাতে যদি লকডাউন বঢ়াই দিয়াৰ ফলত দেশৰ অৰ্থনীতি, ইতিমধ্যে যি ব্যাপক লোকচানৰ সন্মুখীন হৈ আছে, আৰু বেয়া অৱস্থালৈ ঢাল খাবলৈ আৰু সম্পূৰ্ণ মন্দাৱস্থালৈ গতি কৰিব। তাৰোপৰি, এক সৰ্বাত্মক কৌশলৰ অনুপস্থিতিত আৰু ব্যাপক পৰীক্ষণৰ অবিহনে মোদী চৰকাৰে প্ৰাৰম্ভতে আশা কৰাৰ দৰে লকডাইনে অকলে এই মহামাৰীৰ ৰোধিব নোৱাৰে।

যিহেতু WHO য়ে যোৱা কেইমাহমান শুনিবলৈ ইচ্ছুকসকলক একেৰাহে কৈ আছে যে, “পৰীক্ষা,পৰীক্ষা,পৰীক্ষা”(testing, testing, testing) ৰ বাহিৰে সঁচাকৈয়ে কোনো বিকল্প নাই, চৰকাৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই পৰামৰ্শ কামত লগাব লাগিব আৰু আৰু আৱিষ্কাৰ আৰু মুকলি কৰিব লাগিব ক্ষিপ্ৰ এন্টিবডি ভিত্তিক ৰক্ত পৰীক্ষাৰ যিয়ে খুব সোনকালে ফলাফল দিয়ে আৰু যাক পৰীক্ষণৰ ক্ষিপ্ৰতাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। আনকি এতিয়াও, আমি কেৱল প্ৰতি দিনে ১০,০০০ মানুহৰহে পৰীক্ষা কৰি আছো। ১৩০ কোটি জনসংখ্যাৰ এখন দেশৰ কাৰণে আমি ইতিমধ্যেই প্ৰতিদিনে অন্ততঃ একলাখ মানুহৰ পৰীক্ষা কৰাটো উচিত আছিল। আমি যিমান পাৰি সোনকালে পাৰিলে অহা সপ্তাহতে সেই লক্ষ্য পোৱাটো প্ৰয়োজন, আৰু তাৰ পিছত এই সংখ্যা আৰু বঢ়াই গৈ থাকিবলৈ চেষ্টা কৰাৰ দৰকাৰ, যদি আমি মহামাৰীটো নিয়ন্ত্ৰণত ৰখাৰ কিবা আশা কৰিব বিচাৰো।

আমাৰ হাতৰ সময় ইতিমধ্যেই উকলি গৈছে!

Tags: COVID-19
মূল: বাপ্পা সিন্হা (Bappa Sinha), ভাৱানুবাদ: সুজাতা হাতীবৰুৱা

মূল: বাপ্পা সিন্হা (Bappa Sinha), ভাৱানুবাদ: সুজাতা হাতীবৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd