DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

লকডাউনেই একমাত্ৰ বিকল্প নেকি?

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
May 12, 2020 2:29 pm
images
570
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হিচাপে আমি সবিনয়ে স্বীকাৰ কৰো যে আমাৰ দৰে পশ্চাদপদ, দাৰিদ্ৰতা, দুৰ্ভীক্ষ আৰু অন্ধবিশ্বাসেৰে আবৰা দেশ এখনে ভালেমান দিশত উন্নত বিশ্বৰ সৈতে ফেৰ মাৰিব নোৱাৰো। বিশেষকৈ আৰ্থ-ৰাজনীতি, বিজ্ঞান-প্ৰযুক্তি আৰু সৰ্বোপৰি জীৱন ধাৰণৰ উপায়ৰ ক্ষেত্ৰত আমাৰ অৱস্থা সেইবোৰ দেশৰ তুলনাত তেনেই তথৈবচ। বৰঞ্চ বিজ্ঞান-প্ৰযুক্তি, চিকিৎসা সেৱা আদিৰ দৰে বহু বিষয়ত ভাৰতবৰ্ষৰ দৰে এখন পিছপৰা দেশে এনেবোৰ উন্নত দেশৰ কৃপাৰ ওপৰতে নিৰ্ভৰশীল হ’ব লগা হয়। সেয়েহে এনেবোৰ পশ্চিমীয়া উন্নত দেশে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ হুবহু অনুকৰণ কিমান দূৰ গ্ৰহণযোগ্য সেই বিষয়ত আমাৰ প্ৰশ্ন কৰাৰ থল আছে।

দুৰ্ভাগ্যৰ কথা যে কোভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে ভাৰতবৰ্ষই অতি তাৎক্ষণিকভাৱে ইটালীৰ দৰে এখন উন্নত দেশৰ পন্থা গ্ৰহণ কৰি দেশৰ জনগণক মাত্ৰ চাৰিঘণ্টাৰ সময় প্ৰদান কৰি সমগ্ৰ ভাৰতবৰ্ষত লকডাউন ঘোষণা কৰিছিল। ইটালীত ২০২০ চনৰ ৩০ জানুৱাৰিত প্ৰথমটো ক’ৰোনা ভাহইৰাছ আক্ৰান্তৰ ঘটনা ধৰা পৰিছিল। ইটালী ভ্ৰমণ কৰিবলৈ অহা দুগৰাকী চীনা পৰ্যটকৰ দেহত এই ভাইৰাছ পোনতে চিনাক্ত কৰা হৈছিল। কোভিড-১৯ আক্ৰান্ত তৃতীয়জন ব্যক্তি আছিল এগৰাকী ইটালিয়ান নাগৰিক যিজনাক চীনৰ য়ুহান প্ৰদেশৰপৰা অপসৰণ কৰি নিজ দেশলৈ লৈ অনা হৈছিল। যেতিয়া ফেব্ৰুৱাৰি মাহত ইটালীৰ লোমবাৰ্ডো আৰু ভেনিটোত পুনৰাই ১৬ জন লোক কোভিড-১৯ ত আক্ৰান্ত হ’ল আৰু ইয়াৰে দুজন মৃত্যুমুখত পৰিল তেতিয়াই লোমবাৰ্ডোৰ কেবাখনো চহৰত লকডাউন ঘোষণা কৰা হ’ল। ২০২০ ৰ ২১ ফেব্ৰুৱাৰিত ঘোষিত এই লকডাউনে লোমবাৰ্ডোৰ লোডি প্ৰদেশৰ এঘাৰখন পৌৰ নিগমক সামৰি লৈছিল য’ত আছিল  প্ৰায় ৫০,০০০ কোভিড-১৯ আক্ৰান্ত লোক। এই লকডাউন ৬ মাৰ্চত অন্ত পৰাৰ কথা আছিল যদিও আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত ইটালীৰ প্ৰধানমন্ত্ৰী গিউছেপে কণ্টে ইয়াক উত্তৰ ইটালী পৰ্যন্ত সম্প্ৰসাৰণ কৰাৰ ঘোষণা দিয়ে। ইয়াৰ পাছতে ৯ মাৰ্চ তাৰিখে সমগ্ৰ দেশতে বলৱৎ হোৱাকৈ লকডাউনৰ ঘোষণা দিয়া হয় যাক বাস্তৱ অৰ্থত প্ৰয়োগ কৰা হয় ১০ মাৰ্চৰপৰা। অৰ্থাৎ প্ৰাৰম্ভিকভাৱে লকডাউন ঘোষণা দিয়া দিনৰপৰা ধৰিলে সমগ্ৰ ইটালীৰ জনসাধাৰণে মোটামুটিভাৱে ১৯ দিনৰ এক সময় পাইছিল, যাতে এইখিনি সময়ত দেশখনৰ নাগৰিকসকলে এক সৰ্বাংগীন দেশব্যাপ্ত লকডাউনৰ বাবে প্ৰস্তুত হৈ উঠিব পাৰে।

ইয়াৰ বিপৰীতে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চৰ নিশা ৮ বজাত সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ লকডাউনৰ ঘোষণা আগবঢ়ায় যাক প্ৰযোজ্য কৰা হয় উক্ত দিনা নিশা বাৰ বজাৰপৰা। অৰ্থাৎ সমগ্ৰ দেশবাসীক লকডাউনৰ বাবে প্ৰস্তুত হ’বলৈ সময় দিয়া হৈছিল মাথো চাৰিঘণ্টা। আমি মনত ৰখা অতি প্ৰয়োজনীয় যে বিগত ৩০ জানুৱাৰিত কেৰালাত দেশৰ প্ৰথমজন কোৰোনা আক্ৰান্ত ৰোগী ধৰা পৰিছিল। ইয়াৰ পাছত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই যেতিয়া ৫০০ অতিক্ৰম কৰে তেতিয়া দেশৰ প্ৰধানমন্ত্ৰীজনে ২২ মাৰ্চত সমগ্ৰ ভাৰতবাসীক ‘জনতা কাৰ্ফিউ’ পালন কৰিবলৈ আহ্বান জনায়। এই জনতা কাৰ্ফিউ আহ্বান কৰাৰ সময়তো তাৰ মাথোঁ দুদিনৰ পাছতে যে ভাৰতবৰ্ষৰ ১৩০ কোটি নাগৰিকে লকডাউনৰ কবলত পৰিব সেই বিষয়ত প্ৰধানমন্ত্ৰীয়ে নিজে বা দেশখনৰ গৃহ মন্ত্ৰালয়ৰপৰা কোনো ইংগিত প্ৰদান কৰা হোৱা নাছিল।  যিহেতু কোভিড-১৯ এ ২৪ মাৰ্চলৈ তেনেই সামান্য সংখ্যক লোককহে আক্ৰান্ত কৰিছিল সেয়েহে দেশখনৰ অংশবিশেষত¸ বা নিৰ্দিষ্ট এলেকাত লকডাউন (যিটো ইটালী, নেদাৰলেণ্ড আদি দেশে প্ৰযোজ্য কৰিছিল) বলৱৎ কৰিব পৰা গ’লহেঁতেন। কিন্তু তেনেধৰণৰ ভৌগোলিক এলেকা কেন্দ্ৰিক আংশিক লকডাউনৰ সলনি বিমুদ্ৰাকৰণ ঘোষণাৰ লেখিয়াকৈ প্ৰধানমন্ত্ৰীয়ে সৰ্বাত্মক লকডাউন ঘোষণা কৰিলে— যাৰ বাবে জীয়াতু ভুগিবলৈ বাধ্য হ’ল দেশখনৰ বিভিন্ন চহৰ-মহানগৰ আৰু ঔদ্যোগিক এলেকাত কৰ্মৰত বনুৱা আৰু শ্ৰমিকসকলে। যাৱতীয় কোনোধৰণৰ প্ৰস্তুতিৰ অৱকাশ নিদিয়াকৈ দেশখনৰ জনগণক লকডাউনলৈ ঠেলি দিয়া সিদ্ধান্ত কিমান যুক্তিযুক্ত আৰু প্ৰয়োজনীয় আছিল তাক নিশ্চয় সময়ে এদিন বিচাৰ কৰিব।

এতিয়া সমগ্ৰ বিশ্বজুৰি উত্থাপিত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে— কোভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে ‘লকডাউন’ এক উপযুক্ত পন্থা হয় জানো? এখন দেশৰ কোটি কোটি লোকক আৰ্থিকভাৱে বিধ্বস্তপ্ৰায় অৱস্থালৈ ঠেলি দিয়া এই পন্থা কিমানদূৰ যুক্তিযুক্ত? আমি দেখিছো লকডাউনৰ নিচিনা এক স্বৈৰাচাৰী পন্থা অৱলম্বন কৰাৰ সলনি পৃথিৱীৰ কেবাখনো দেশে শাৰীৰিক দূৰত্ব (Physical distancing) আৰু নিজকে প্ৰতিৰোধ (Self prevention) কৰাৰ মন্ত্ৰণাৰে নিজৰ নাগৰিকসকলক দৈনন্দিন কাম-কাজত যুক্ত হৈ থকাৰ অনুমতি দিছে। এনে দেশসমূহৰ ভিতৰত আছে ছিংগাপুৰ, দক্ষিণ কোৰিয়া, ছুইডেন, নেদাৰলেণ্ড আদি। কোভিড-১৯ ৰ আটাইতকৈ সফল প্ৰতিৰোধ আগবঢ়োৱা বাবে দক্ষিণ কোৰিয়াৰ নাম সততে উচ্চাৰিত হোৱাতো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য। যোৱা ২০ জানুৱাৰিত প্ৰথমজন ক’ৰোনা আক্ৰান্তক ধৰা পেলোৱাৰ পাছৰে পৰা দক্ষিণ কোৰিয়াৰ স্বাস্থ্য দপ্তৰে কেৱল পৰীক্ষা আৰু সামাজিক দূৰত্বৰ জৰিয়তে মহামাৰীক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন স্বাস্থ্যৰ (Health Emergencies) মুৰববী ড০ মাইকেল ৰিয়ানে দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰে অৱলম্বন কৰা পন্থা সকলো দেশে অৱলম্বন কৰিব লাগে বুলি এনেদৰে কৈছে। “We’ve seen example in places like Singapore and South Korea, where government haven’t had to shut everything down…………. . They’ve been able to make tactical decisions regarding school, tactical decisions regarding movements, and been able to move forward without some of the draconian measures.”

শেহতীয়াভাৱে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে লকডাউন সন্দৰ্ভত দিয়া মন্তব্যক লৈ দেশজুৰি বিতৰ্ক হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এওঁলোকে ভাৰতবৰ্ষৰ লকডাউন পৰিকল্পনাহীনভাৱে বলৱৎ কৰা বুলিহে কৈছে, ইয়াৰ প্ৰয়োজনীয়তাক একেবাৰে নাকচ কৰা নাই। কিন্তু পৃথিৱীৰ বহু বিজ্ঞানী, চিকিৎসক, গৱেষক আদিয়ে কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ‘লকডাউন’ক এক স্থায়ী সমাধান বুলি ক’ব বিচৰা নাই। আজি কিছুদিন আগতে দ্যা ৱাইৰ (The Wire) ত সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত দেশৰ এগৰাকী আগশাৰীৰ মহামাৰী বিশেষজ্ঞ ড০ জয়প্ৰকাশ মুলিয়িলে ক’ৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। কৰণ থাপাৰৰ লগত হোৱা এই সাক্ষাৎকাৰটিত ভেলোৰিস্থিত খ্ৰিষ্টিয়ান মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু বৰ্তমান ‘Scientific Advisory Committee of the National Institute of Epidemiology’ ৰ অধ্যক্ষ হিচাপে কৰ্মৰত ড০ মুলিয়িলে কৈছিল যে একমাত্ৰ সংঘবদ্ধ প্ৰতিৰক্ষণ(Herd immunity)য়েই হৈছে ক’ৰোনা ভাইৰাছৰপৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ বিকল্প (তেওঁ কৈছে— “herd immunity is the only lasting solution to coronavirus………. There is no allternative to herd immunity”)। সংঘবদ্ধ প্ৰতিৰক্ষণ কেনেধৰণৰ হ’ব সেই বিষয়ত এইগৰাকী বিখ্যাত বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে এক যথাযথ সংঘবদ্ধ প্ৰতিৰক্ষণ গঢ়ি তুলিবলৈ আমাৰ জনগণৰ ৬০ শতাংশই প্ৰতিৰক্ষণ ক্ষমতা আহৰণ কৰিব লাগিব। তেওঁৰ মতে কোনো দেশে দীঘলীয়া সময়ৰ বাবে লকডাউনৰ বোজা কঢ়িয়াব নোৱাৰে। যিহেতু ভাইৰাছবিধ নোহোৱা হৈ নাযায় সেয়েহে যেতিয়াই লকডাউন উঠি যাব তেতিয়াই পুনৰ সংক্ৰমণ আৰম্ভ হ’ব। সেয়েহে জনগণৰ বৃহৎ সংখ্যকে নিজৰ জীৱন শংকাকো নেওচি এই ভাইৰাছবিধৰ সৈতে মুখামুখি হ’ব লাগিব। যেতিয়া সংঘবদ্ধ বা সমূহীয়া প্ৰতিৰক্ষণ গঢ় লৈ উঠিব তেতিয়াই ভাইৰাছবিধ থাকি গ’লেও সিয়ে মানৱ দেহৰ অনিষ্ট সাধন কৰিব নোৱাৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰ, স্পেইন, ইটালী আদি দেশৰ তুলনাত ভাৰতবৰ্ষৰ ৯০ শতাংশতকৈ অধিক লোকৰ বয়স যিহেতু ৬০ বছৰৰ তলৰ সেয়েহে সংঘবদ্ধ প্ৰতিৰক্ষণ গঢ়াৰ ক্ষেত্ৰত দেশখন এক সুবিধাজনক অৱস্থাত আছে বুলিও ড০ মুলিয়িলিয়ে মত প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল লকডাউনে সমগ্ৰ বিশ্বৰ অৰ্থনীতি বিধবস্ত কৰাৰ সময়ত পৃথিৱীৰ বহু চিকিৎসা বিশেষজ্ঞই  ‘সংঘবদ্ধ প্ৰতিৰক্ষণ’ গঢ়াৰ ক্ষেত্ৰত মাত মতাটো পৰিলক্ষিত হৈছে। প্ৰিন্সটন বিশ্ববিদ্যালয় আৰু চেণ্টাৰ ফৰ ডিজিছ ডায়নেমিক্স, ইকন’মিক্স এণ্ড পলিচী (চি ডি ডি ই পি)ৰ গৱেষকে হাৰ্ড ইউমিনিটিৰ পক্ষ সমৰ্থন কৰি ইয়াক ভাৰতৰ দৰে জনবসতিপূৰ্ণ অথচ অধিক যুৱ বয়সৰ লোক থকা দেশত প্ৰয়োগ কৰিব পাৰি বুলি পৰামৰ্শ দিছে। লকডাউনৰ নিচিনা এক পন্থাৰ দ্বাৰা লাখ লাখ জনতাৰ জীৱন-জীৱিকা বিপৰ্যস্ত কৰি তোলাৰ সলনি সম্প্ৰতি বহু মহামাৰী বিশেষজ্ঞ, চিকিৎসক আদিয়ে ‘সংঘবদ্ধ প্ৰতিৰক্ষণ’ৰ বিষয়ত যি পৰামৰ্শ দিছে তাক নিঃসন্দেহে সকলোৱে বিবেচনা কৰা উচিত।

(লেখকৰ e-mail : [email protected])

Tags: COVID-19

Recent News

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ!

Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ!

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd