প্ৰেমত পৰিছে মোদী! প্ৰেমত আতুৰ হৈ মোদীয়ে নিজকে সঁপি দিছে প্ৰেয়সীৰ ওচৰত! কেৱল যেন সকলোতে এই বিশেষ প্ৰেমিকাই! সৰ্বত্ৰ এতিয়া আলোচনা চলিছে মোদীৰ এই প্ৰেমাখ্যানক লৈ। তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়াত।
সঁচাই নেকি মোদীৰ এই প্ৰেম কাহিনী! বাল্যবিবাহৰ পিছতে পত্নী যশোদাবেনৰ সংগ ত্যাগ কৰা মোদীৰ জীৱনলৈ পুনৰ আহিছে নেকি কোনো নাৰী! ‘ফকীৰ আদমী’ মোদীয়ে সঁচাকৈয়ে মন মেলিছে নেকি প্ৰেমৰ সম্পৰ্ক গঢ়িবলৈ!
নেট জগতত এতিয়া এই বিষয়ক লৈ ব্যাপক চৰ্চা। মোদীৰ প্ৰেমাখ্যানক লৈ নেটিজেনে শ্বেয়াৰ কৰিছে বহু ছবি তথা ভিডিঅ’। পিছে হঠাতে এনে কি হ’ল যে, ‘এক অকেলা’ মোদী প্ৰেমাতুৰ হ’ল, চৰ্চিত হৈ পৰিল তেওঁৰ ‘প্ৰেমকথা’!
দৰাচলতে এই কাহিনী নেটিজেনৰ সৃষ্টিহে। মিম আকাৰত নেটিজেনে প্ৰচাৰ কৰিছে মোদীৰ প্ৰেমাখ্যান। মোদীৰ এই প্ৰেমাখ্যানৰ নায়িকা ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি।
ভাৰতত অনুষ্ঠিত হোৱা সদ্যসমাপ্ত G20 সন্মিলনত ভাগ ল’বলৈ অহা ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি নেটিজেনৰ মাজত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে।
এই মেল’নিৰ সৈতে মোদীৰ সাক্ষাতেই এতিয়া তোলপাৰ লগাইছে নেট জগতত। ক’ৰবাত যদি মোদী-মেল’নিৰ কৰমৰ্দনৰ ছবি, ক’ৰবাত আকৌ মেল’নিৰ কাষত মোদীৰ হাস্যমধুৰ মুখাৱয়বৰ ছবি। কোনোবাই আকৌ কাহিনী আকাৰতো সজাই তুলিছে এই কাল্পনিক প্ৰেম কাহিনীক।
Modi + Meloni = #melodi 🫠💖🤌#LoveIsBlind #India #Italy #Bharat pic.twitter.com/uPT2UhtTj4
— 𝙋𝙍𝘼𝙅𝙀𝙀𝙏🔥 (@Prajeet__xD) September 12, 2023
I am Shipping Modi+Meloni #Mome Now ☠️🫂🌚
ABHIYA FD ON BREAK 2.0#Abhiya #AbhishekMalhan #JiyaShankar pic.twitter.com/MA5tM0YR5A
— 𝑹𝑶𝑼𝑿✨ (@RouxForSure) September 12, 2023
Why they are so cute 😍🤩#G20Bharat2023 #G20India2023 #Modi #Meloni #INDvSL pic.twitter.com/h1NYFmsmW6
— Pֆყ𝔠𝔥o Heba💌🖤 (@0hebafathi) September 12, 2023
Modiji as singer >>>>> All other singers 😂😂
But still,
Meloni + Modi = #Melodi 🥰🔥 pic.twitter.com/wGuwQMmQcH— 𝙷𝚎𝚝 ❤️🔥 (@hetkumark) September 13, 2023
Sorry, I couldn’t resist the urge to make this.
Modi + Meloni >>>>>>>>>#Modi #Meloni #ModiMeloni #G20 #India #Melodi pic.twitter.com/7JyOqjs52K
— Wretched Bananas (@BananasWretched) September 10, 2023
Modi-Meloni chemistry >> SRK-Kajolpic.twitter.com/iMpBMrxqiK
— chacha monk (@oldschoolmonk) September 9, 2023
Meloni 💘 modi pic.twitter.com/NPuKjuN95I
— Ankit Patel🇮🇳 (@TheAnkit26) September 10, 2023
get yourself a guy who smiles at you,
the way Modi smiles in front of her.#Melodi is the end game pt2.
Giorgio Meloni × Narendra Modi#Abhisha focus shift (mat) karo
disclaimer to budhijeevees: JOKE HAI💀#G20India2023#NarendraModi #India #Italy https://t.co/ZGWBDkptst pic.twitter.com/YdfAXW5Ceh— anupriya🫶🦋 (@anupriya0509) September 12, 2023
Meloni + Modi = Melodi 💕 💕 😜😄 pic.twitter.com/tsg4b4uBC1
— Manish RJ (@mrjethwani_) September 14, 2023
Imagine being Meloni & watching all this….🤣🤣🤣
Meloni + Modi = Melodi ?🍬🍬pic.twitter.com/FMFM58rAU3— Robonomous (@realpolity101) September 10, 2023
Let me introduce the most beautiful ship 🥹💌…#Meloni + #Modi = #Melodi 🫴❤️ pic.twitter.com/vKpUjbBX6I
— 𝐉𝐚𝐭𝐢𝐧🗨️ (@JatinGurjar1001) September 14, 2023
উল্লেখ্য যে, মোদীৰ এই কাল্পনিক প্ৰেমাখ্যানৰ নায়িকা জিঅ’ৰ্জিয়া মেল’নি ইটালীৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা। ১৯৭৭ চনৰ ১৫ জানুৱাৰীত জন্মগ্ৰহণ কৰা জৰ্জিয়া মেল’নিয়ে ২০২২ চনৰ অক্টোবৰৰ পৰা ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
১৯৯২ চনত মেল’নীয়ে ইটালীৰ এসময়ৰ ফেচিষ্ট-একনায়কত্ববাদী শাসক বেনিটো মুছুলিনীৰ ১৯৪৬ চনত প্ৰতিষ্ঠা কৰা নব্য ফেচিষ্ট ৰাজনৈতিক দল ‘ইটালিয়ান চ’চিয়েল ম’ভমেণ্ট’ ৰ যুৱ শাখা য়ুথ ফ্ৰণ্টত যোগদান কৰে।
পিছলৈ তেওঁ ১৯৯৫ চনত ইটালিয়ান চ’চিয়েল ম’ভমেণ্ট আইনী উত্তৰাধিকাৰী ফেচিষ্ট দল নেশ্যনেল এলায়েন্স (AN)ৰ ছাত্ৰ আন্দোলন ষ্টুডেণ্ট একচনৰ ৰাষ্ট্ৰীয় নেত্ৰী ৰূপে পৰিগণিত হয়।
উগ্ৰ সোঁপন্থী নেত্ৰী হিচাপে পৰিচিত মেল’নিক বহুসময়ত ফেচিষ্ট নেতা-একনায়কত্ববাদী শাসক মুছুলিনিৰ লগত তুলনা কৰা হয়। ৰক্ষণশীল খ্ৰীষ্টান হিচাপে পৰিচয় দিয়ে মেল’নিয়ে।