• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হৰপ্পাৰ মোহৰত থকা মূৰ্তি সঁচাকৈয়ে ভগৱান শিৱৰ নে? আমেৰিকান ইতিহাসবিদৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2026 4:18 pm
235
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৪৩০০ বছৰ পুৰণি মহেঞ্জোদাৰোৰ এটা মোহৰক লৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ে ছচিয়েল মিডিয়াত এই মোহৰটোক ভাৰতৰ নিৰৱচ্ছিন্ন সভ্যতাৰ এক শক্তিশালী প্ৰতীক বুলি উল্লেখ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে মোহৰত থকা মূৰ্তিটো ভগৱান শিৱ বা পশুপতিৰ। কিন্তু আমেৰিকান ইতিহাসবিদ অড্ৰি ট্ৰাস্কেই এই দাবী নস্যাৎ কৰি কয় যে এইটো কোনো কাৰণতে শিৱৰ মূৰ্তি নহয়। তেওঁৰ মতে, এই মূৰ্তিটো প্ৰাচীন ইৰানৰ প্ৰট‘-এলামাইট সভ্যতাৰ পৰা অনুপ্ৰাণিত আৰু ই এগৰাকী ইউৰেচিয়ান জীৱ-জন্তুৰ দেৱতাকহে বুজায়। তেওঁৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি হৈছে।

বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা এই মোহৰটো সিন্ধু বা হৰপ্পা সভ্যতাৰ সময়ৰ, যিটো বৰ্তমানৰ পাকিস্তানত পোৱা গৈছিল। ইয়াত এজন মানুহক যোগাসনত বহি থকা অৱস্থাত দেখা গৈছে আৰু তেওঁৰ চাৰিওফালে জীৱ-জন্তু আছে। সাংস্কৃতিক মন্ত্ৰালয়ে কৈছিল যে এই মূৰ্তিটো মূলবন্ধাসনত বহি আছে আৰু ইয়াৰ যোগভংগীমা তথা আধ্যাত্মিক পৰিৱেশে ভাৰতীয় সভ্যতাৰ ধাৰাবাহিকতা প্ৰমাণ কৰে। ১৯২০ ৰ দশকত ব্ৰিটিছ প্ৰত্নতত্ত্ববিদ জন মাৰ্শ্বালেও ইয়াক প্ৰাচীন শিৱ বা পশুপতি বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰাই সাধাৰণ মানুহে ইয়াক শিৱৰ ৰূপ বুলিয়েই বিশ্বাস কৰি আহিছে।

Apply Now

অড্ৰি ট্ৰাস্কেৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতীয় পণ্ডিত আৰু লেখকসকলে। প্ৰখ্যাত লেখক অমীশ ত্ৰিপাঠীয়ে কয় যে এই পশুপতি মোহৰত হাতী, পানী ম‘হ আৰু গঁড়ৰ ছবি আছে। প্ৰাচীন ইৰানত এইবোৰ প্ৰাণী পোৱা নগৈছিল, বৰঞ্চ এইবোৰ ভাৰতৰহে থলুৱা প্ৰাণী। লগতে মূৰ্তিটোৱে কৰা যোগাসনৰ ভংগীমাটোও ইৰানৰ হ‘ব নোৱাৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। আনহাতে, ইতিহাসবিদ লাৱণ্য ভেমচানিয়ে কয় যে ইৰানৰ মোহৰ আৰু পশুপতি মোহৰৰ মাজত এক শতাংশও মিল নাই। তেওঁৰ মতে, এইটো মূলবন্ধাসনত বহি থকা শিৱৰেই মূৰ্তি।

অৱশ্যে একাংশ ইতিহাসবিদে আকৌ পুৰণি ধাৰণাটোক প্ৰশ্ন কৰিছে। ইতিহাসবিদ ৰুচিকা শৰ্মাই কয় যে এই মূৰ্তিটো শিৱৰ বুলি কোৱা ধাৰণাটো একেবাৰে পুৰণি আৰু ভিত্তিহীন। তেওঁৰ মতে, মূৰ্তিত থকা শিৰোস্ত্ৰাণটো ত্ৰিশূল নহয়, বৰঞ্চ পানী ম‘হৰ শিংহে। আনহাতে, পৌৰাণিক কাহিনীৰ লেখক দেৱদত্ত পট্টনায়কেও কয় যে পণ্ডিসকলে এতিয়া ইয়াক শিৱ বুলি মানি নলয়। তেওঁ আঙুলিয়াই দিয়ে যে মোহৰটোৰ কেইবাটাও বেলেগ বেলেগ ৰূপ আছে আৰু মূৰ্তিটোৱে পিন্ধা শিংবোৰ সাধাৰণতে শিৱৰ লগত জড়িত নহয়। তথাপিও তেওঁ মানি লয় যে মূৰ্তিটোৰ বহাৰ ভংগীমাটো নিশ্চিতভাৱে যোগাসনৰ এটা ৰূপ।

বৰ্তমান এই বিতৰ্কই কেৱল ইতিহাসৰ মাজতে আৱদ্ধ নাথাকি এক ৰাজনৈতিক আৰু সাংস্কৃতিক ৰূপ লৈছে। একাংশৰ মতে, এই মোহৰটোৱে হিন্দু ধৰ্মৰ প্ৰাচীনতা আৰু ধাৰাবাহিকতা প্ৰমাণ কৰে। আনহাতে, সমালোচকসকলে কয় যে যিহেতু হৰপ্পা সভ্যতাৰ লিপি এতিয়াও কোনেও পঢ়িব পৰা নাই, সেয়েহে নিজৰ সুবিধা অনুযায়ী ধৰ্মীয় পৰিচয় জাপি দিয়াটো ভুল। জন মাৰ্শ্বালে এই তত্ত্ব আগবঢ়োৱাৰ প্ৰায় এশ বছৰৰ পাছতো মহেঞ্জোদাৰোৰ এই পশুপতি মোহৰটো আজিও এক ৰহস্য হৈয়েই আছে আৰু ইয়াক লৈ পণ্ডিতসকলৰ মাজত মতভেদ চলিয়েই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd