সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক্ আৰু ইয়াক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদজনৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰকাশ কৰি অহা বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টী, অসম (আপ) য়ে ৷
আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আপ, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন) ৰাজীব শইকীয়াই কয়, গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত এছ আই টি গঠন কৰা হ’ল আৰু এছ আই টি য়ে যোৱা দহ ছেপ্তেম্বৰত এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদনো দাখিল কৰিলে; কিন্তু আজি পৰ্যন্ত প্ৰতিবেদন দাখিল নকৰিলে ৷
এছ আই টিৰ প্ৰতিবেদনত কি আছে তাক ৰাজহুৱা কৰিব লাগে বুলি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই আপৰ ৰাজ্যিক নেতাজনে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰি কয়, মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা বক্তব্য অনুসৰি যদি কথাবোৰ সঁচা হয় তেন্তে সাংসদজনৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণ নকৰে কিয় ? মুখ্যমন্ত্ৰীৰ কথাই যদি শিলৰ খুঁটি হয় তেন্তে বিষয়টোক লৈ সংবাদ মাধ্যমত মুখ চুপতি মাৰি ৰাইজক বিভ্ৰান্ত কৰা পৰিৱৰ্তে সাংবিধানিক বিধি ব্যৱস্থা আৰোপ নকৰে কিয় বুলি ৰাজীব শইকীয়াই প্ৰশ্ন কৰে ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক আছে তেন্তে তেওঁৰ সংবিধান প্ৰদত্ত দায়িত্ববোৰ খাৰিজ নকৰে কিয় ?
তেওঁ কয়, পাকিস্তানৰে গোপন সম্পৰ্ক এজন সাংসদৰ বাবে সৰু ঘটনা নহয় আৰু ইয়াক লৈ ল’ৰা ধেমালী কৰাও উচিত নহয় । মুখ্যমন্ত্ৰীলৈ আপৰ নেতাজনৰ প্ৰশ্ন — এয়া আপোনালোকৰ ব্যক্তিগত কাজিয়া নে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে দেশপ্ৰেমৰ যুঁজ নে ২০২৬ ৰ নিৰ্বাচনলৈকে বশ কৰি ৰাখিবলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কৰা ৰাজনৈতিক বক্তব্য মাথোন? এই বিষয়টোয়ে ৰাজনৈতিক বাতাবৰণ লেতেৰা কৰিছে বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনে সংবাদ মাধ্যমত ৰাজনৈতিক বক্তব্য দিয়াৰ পৰিৱৰ্তে সঁচা ঘটনাটো এছ আই টি ৰ প্ৰতিবেদনৰ জৰিয়তে অসমৰ ৰাইজক জনাবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় ৷





