ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হৈ যোৱাৰ পাছত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই খচৰাৰ পৰা বাদ পৰা লোকসকলৰ ক্ষেত্ৰত দাবী আবেদনৰ লগত সংলগ্ন কৰিব পৰা নথি সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৈ এক তাৎপৰ্যমূলক পৰামৰ্শ প্ৰেৰণ কৰিছিল।
এই পৰামৰ্শ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া অসমৰ সৰ্বত্ৰে প্ৰতীক হাজেলাৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হোৱাৰ লগতে কিছু দল-সংগঠনে সমন্বয়গৰাকীক অপসাৰণৰো দাবী উত্থাপন কৰে।
উল্লেখ্য যে শেহতীয়াকৈ এন আৰ চিৰ চূড়ান্ত খচৰা সন্দৰ্ভত ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ বাবে পূৰ্বৰ ১৫ প্ৰকাৰৰ নথিৰ ভিতৰত ৫ বিধ নথি অগ্ৰাহ্য কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়লৈ এক পৰামৰ্শ প্ৰেৰণ কৰিছিল। এই পত্ৰ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া সমন্বয়ক প্ৰতীক হাজেলাক শীঘ্ৰে অপসাৰণৰ দাবী উত্থাপন কৰিছে উত্তৰ-পূব ভাৰত এমাৰতে শৰয়ীয়াহ আৰু নদৱাতুত তামীৰ নামৰ ইছলামিক সংগঠনটোৱে।
সংগঠনটোৱে বুধবাৰে শিলচৰত এখন সংবাদমেল অনুষ্ঠিত কৰি হাজেলাক অপসাৰণৰ দাবী উত্থাপন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞাই কয় যে চৰকাৰে হাজেলাৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী পালন কৰিব।
সংবাদমেলত তেওঁ আৰু কয়, ‘বহু প্ৰকৃত ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজোৱা হৈছে। এই নাগৰিকসকলে এতিয়া নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ হোৱাত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে’।
ইফালে সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ কৰ্মকৰ্তা ক্ৰমে মৌলানা বদৰুল হক, মৌলানা য়ুছুফ আলী, মৌলানা ফৰীদ উদ্দিন আহমেদ চৌধুৰী, মৌলানা ফজলুৰ ৰহমান লস্কৰ, মৌলানা নয়ীম উদ্দিন চৌধুৰী আদিয়ে এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত ৰাজ্যিক সমন্বয়ক হাজেলাই গ্ৰহণ কৰা ভূমিকাক তীব্ৰ গৰিহণা প্ৰদান কৰে।
আনহাতে সংবাদমেলতে সংগঠনটোৰ নেতৃ-বৃন্দই অভিযোগ কৰে যে প্ৰাক্তন বিধায়ক মাঝাৰ ভূঞাৰ নাম প্ৰথম খচৰাত প্ৰকাশ পোৱাৰ পাছতো কিয় চূড়ান্ত খচৰাত তেওঁৰ নাম অন্তৰ্ভুক্ত নহ’ল সেয়া এক গভীৰ ৰহস্য।