• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

শান্ত হোৱা নাই ইজৰাইল : নিশাটোৰ ভিতৰতে লেবাননত নিহত অৰ্ধশতাধিক শিশু, শতাধিক মহিলাসহ ৫৫৮ গৰাকী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 25, 2024 11:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লেবাননৰ হিজবুল্লাহ দুৰ্গত ইজৰাইলৰ আক্ৰমণত মঙলবাৰে বিয়লি (ভাৰতৰ সময় অনুসৰি) অৰ্ধশতাধিক শিশু, ৯৪ গৰাকী মহিলাকে ধৰি কমেও ৫৫৮ জন লোক নিহত হৈছে। আকাশী বোমা বিস্ফোৰণ আৰু ৰকেট আক্ৰমণত কমেও ১৮৩৫ জন লোক আহত হৈছে। আহত লোকসকল ৫৪খন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বহু শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ইজৰাইলী বাহিনীয়ে দেশখনৰ বিভিন্ন অঞ্চলত অভিযান চলাইছে। আনহাতে, ইজৰাইলৰ আক্ৰমণ ৰোধ কৰিবলৈ হিজবুল্লাহ গোটেও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। মূলতঃ ইজৰাইলৰ বিমানবন্দৰক লক্ষ্য কৰি লোৱা হৈছে। ইফালে ইজৰাইল-হিজবুল্লাহ সংঘাতক লৈ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰসংঘৰ বিশ্ব শক্তিসমূহ। ৰাষ্ট্ৰসংঘই দুয়োপক্ষক শীঘ্ৰে যুদ্ধবিৰতিৰ আহ্বান জনাইছে।

Apply Now

ইজৰাইলৰ সেনা প্ৰধান হাৰ্জেই হালেভিয়ে কয় যে তেওঁলোকে সকলো ইউনিট নিয়োগ কৰি অধিক শক্তিশালী আক্ৰমণ চলাবলৈ ওলাইছে। আমি হিজবুল্লাহক শুবলৈ নিদিওঁ। বাহিনীটোৱে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে আজিৰ দিনটোত বাইডেনে শান্তি ঘূৰাই অনাৰ চেষ্টা কৰিছে।

আল জাজিৰাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি দক্ষিণ লেবাননৰ পৰা হাজাৰ হাজাৰ লোকে ঘৰ এৰি পলায়ন কৰিছে। এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থাই ইজৰাইলৰ এই আচৰণক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে।

বেইৰুটৰ পৰা আল জাজিৰাৰ আন এজন সংবাদদাতাই লিখিছে, “স্থানীয় বিদ্যালয়সমূহত সাহায্য আৰু আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে, কিন্তু বৰ্তমান কোনো আশ্ৰয় শিবিৰ নাই। প্ৰায় ১২০টা পৰিয়ালে দুখন বিদ্যালয়ত আশ্ৰয় লৈছে। ইয়াৰে অধিকাংশই শিশু। গৃহহীন লোকে লাভ কৰিছে পানী আৰু বিদ্যুতৰ সেৱা। বিচনাৰ ব্যৱস্থা কৰা হৈছে।

ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে কয়, আমি শান্তিৰে জীয়াই থাকিব বিচাৰো। আমি যুদ্ধ নিবিচাৰো। কিন্তু ইজৰাইলে ইয়াক লৈ পূৰ্ণাংগ সংঘাত বিচাৰে। আৰব জগতত যদি পূৰ্ণাংগ যুদ্ধ হয়, তেন্তে সেয়া কাৰো বাবে ভাল নহ’ব। আমি লেবাননক ইজৰাইলৰ হাতত আন এখন গাজা হ’বলৈ নিদিওঁ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd