• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ আন এখন দেশত আক্ৰমণ ইজৰাইলৰ; যুদ্ধৰ ক’লা ডাৱৰেৰে আছন্ন হৈ পৰিছে আকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2026 10:32 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ মৃত্যুৰ ফলত পশ্চিম এছিয়া অস্থিৰ হৈ পৰিছে। এই পৰিবেশত হিজবুল্লাহ উগ্ৰপন্থী সংগঠনটোৱেও ইৰাণৰ হৈ যুদ্ধত প্ৰৱেশ কৰিছে। ইতিমধ্যে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আৰু ৰকেট আক্ৰমণ চলাইছে হিজবুল্লাই।

ইয়াৰ পিছতে এইবাৰ ইজৰাইলে তীব্ৰ প্ৰত্যুত্তৰ দিছে। ইজৰাইলৰ বাহিনীয়ে লেবাননত থকা হিজবুল্লাহৰ ঘাটিত প্ৰচণ্ড আক্ৰমণ চলায়। জানিব পৰা মতে বেইৰুটত ইজৰাইলে বিমান আক্ৰমণ চলাইছে।

Apply Now

উল্লেখ্য যে আমেৰিকা আৰু ইজৰাইলে ইৰাণক অহৰহ আক্ৰমণ চলাই আছে। একে সময়তে ইৰানে উপসাগৰীয় দেশসমূহত আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছে। ইফালে হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধেও যুদ্ধ আৰম্ভ কৰিছে। দেওবাৰৰ পৰা হিজবুল্লাহৰ ক্ষেপণাস্ত্ৰই ইজৰাইলত আঘাত কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ বাবেই সমগ্ৰ ইজৰাইলত চাইৰেন বজোৱা হয়। ইজৰাইলৰ উত্তৰ সীমান্ত অঞ্চলত সংঘটিত হয় হিজবুল্লাহৰ এই আক্ৰমণ। যদিও এতিয়ালৈকে জনা গৈছে যে হিজবুল্লাহৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা ইজৰাইলৰ বিশেষ ক্ষতি হোৱা নাই। হিজবুল্লাই কয় যে তেওঁলোকে ইৰাণক মুকলিকৈ সমৰ্থন কৰিব আৰু এই যুদ্ধতো অংশগ্ৰহণ কৰিব।

প্ৰসংগক্ৰমে ইজৰাইলৰ সৈতে হিজবুল্লাহৰ সংঘাত দীৰ্ঘদিন ধৰি চলি আহিছে। ইজৰাইলে এই মৌলবাদী সংগঠনটোৰ মেৰুদণ্ড ভাঙি পেলাইছে। যুদ্ধবিৰতি চুক্তিৰ পিছতো ইজৰাইলে প্ৰতিদিনে হিজবুল্লাহক লক্ষ্য কৰি লৈছিল। ইজৰাইলৰ এই আক্ৰমণত নিহত হৈছে তেওঁলোকৰ শীৰ্ষ কমাণ্ডাৰ। অৱশ্যে এইবাৰ ইৰাণৰ হৈ যুঁজ দি প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছে হিজবুল্লাই।

ইফালে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি ধাৰণা কৰা হয়। চিচিএছৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকে।

বৈঠকত শীৰ্ষ বিষয়াসকলে প্ৰধানমন্ত্ৰী মোডীক পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ভাৰতত ইয়াৰ প্ৰভাৱৰ বিষয়ে অৱগত কৰে। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰ আৰু শক্তিকান্ত দাস, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, কেবিনেট সচিব টিভি সোমনাথন আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰী উপস্থিত থাকে।

সূত্ৰ অনুসৰি মধ্যপ্ৰাচ্যত বসবাস কৰা ভাৰতীয় নাগৰিকৰ নিৰাপত্তাৰ বিষয়টো বৈঠকত আলোচনা কৰা হয়। তদুপৰি মধ্যপ্ৰাচ্যত আবদ্ধ ভাৰতীয়সকলৰ নিৰাপত্তা আৰু পৰিস্থিতিৰ অৱনতি ঘটিলে ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়ৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।

ইপিনে, মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ বাবে বিমান সেৱা ব্যাহত হৈ পৰিছে। পশ্চিম এছিয়াৰ ডুবাই আৰু অন্যান্য বিমানবন্দৰত আবদ্ধ হৈ আছে বহু ভাৰতীয়।আনহাতে, ইৰাণীসকলে হৰমুজ প্ৰণালী বন্ধ কৰি দিছে। ইয়াৰ ফলত বিশ্বৰ বজাৰত তেলৰ মূল্য বৃদ্ধি পাব পাৰে। সেইদৰে ভাৰতৰ তেল যোগান শৃংখলতো ব্যাঘাত জন্মাব পাৰে। গতিকে এই পৰিস্থিতিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।

ইৰাণত প্ৰায় ১০ হাজাৰ ভাৰতীয় নাগৰিক আৰু ইজৰাইলত ৪০ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকে বাস কৰে। পশ্চিম এছিয়া আৰু উপসাগৰীয় দেশসমূহত বসবাস কৰা ভাৰতীয়ৰ সংখ্যা প্ৰায় ৯০ লাখ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, অঞ্চলটোত থকা ভাৰতীয় দূতাবাসসমূহে নিজৰ নাগৰিকৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে আৰু হেল্পলাইন সক্ৰিয় কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am
জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd