• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 9:31 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলক সংযত থকাৰ পৰামৰ্শ দিছিল। ইৰাণৰ সৈতে হোৱা চুক্তি প্ৰায় চূড়ান্ত হোৱা বুলিও তেওঁ কৈছিল। এই পৰিস্থিতিত আক্ৰমণ চলালে সকলো পানী হৈ যোৱাৰ সম্ভাৱনা আছে। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ট্ৰাম্পৰ পৰামৰ্শ নুশুনিলে। সোমবাৰে পুৱাই ইজৰাইলৰ সেনাই একেলগে ইৰাণৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ চলায়।

পশ্চিম ইৰাণত ইছলামিক ৰিভল্যুচন গাৰ্ড কৰ্পছৰ সামৰিক ঘাটি আছে। কেৱল সেয়াই নহয়, কেইবাটাও ড্ৰ’ন ঘাটি আৰু মিছাইল উৎক্ষেপণ কেন্দ্ৰও আছে। ইয়াৰ উপৰিও ইৰাণৰ সেনাৰ মধ্য ইৰাণত মিছাইল ষ্ট’ৰেজ আৰু কমাণ্ড চেণ্টাৰ আছে। আজি পুৱা ইজৰাইলৰ বায়ুসেনাই একেলগে দুয়োটা অঞ্চলতে আক্ৰমণ কৰে। ইটোৰ পিছত সিটোকৈ মিছাইল নিক্ষেপ কৰে। চাৰিওফালৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰিছিল।

Apply Now

আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, “কিছু সময়ৰ পূৰ্বে ইজৰাইলৰ সেনাই পশ্চিম আৰু মধ্য ইৰাণৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ চলাইছিল।” অৱশ্যে এই ক্ষয়-ক্ষতিৰ পৰিসৰ এতিয়াও জানিব পৰা হোৱা নাই।

এই ঘটনাৰ আৰম্ভণি হৈছিল দহিয়েহত বিমান আক্ৰমণৰ জৰিয়তে। এইটো হিজবুল্লাহৰ দুৰ্গ হিচাপে পৰিচিত। ইজৰাইলে তাতেই বিমান আক্ৰমণ চলাইছিল। তেতিয়াই তেহৰানে নেতানিয়াহুৰ দেশক প্ৰত্যাক্ৰমণৰ কথা সকীয়াই দিছিল। ২৪ ঘণ্টাৰ ভিতৰতে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে হাইফাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰামাট ডেভিদ বিমান ঘাটিত বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। যদিও এই আক্ৰমণত কোনো লোক নিহত হোৱা নাই। ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আকাশত থকা ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰি পেলায়।

ইৰাণৰ আক্ৰমণৰ পিছতে আগবাঢ়ি আহে ট্ৰাম্প। তেওঁ কয়, “মই এতিয়াই বিবি (নেতানিয়াহু)ক ফোন কৰিম। মই তেওঁক ক’ম যে তেওঁ যে প্ৰত্যাক্ৰমণ নকৰে।” সেইদিনা ট্ৰাম্পৰ মাতটো অলপ ডাঙৰ ভাতৃৰ দৰে শুনা গৈছিল। তেওঁৰ ভাষাত, ‘প্ৰত্যেকেই নিজৰ নিজৰ ধৰণেৰে প্ৰত্যুত্তৰ দিছে। ইজৰাইলে আক্ৰমণ কৰিছে, ইৰাণেও আক্ৰমণ কৰিছে। এতিয়া আৰু নতুনকৈ সংঘাতৰ প্ৰয়োজন নাই।‘’

ইয়াৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে নেতানিয়াহুক ফোন কৰে যদিও তেওঁলোকৰ মাজত কি আলোচনা হৈছিল সেয়া জনা নাযায়। অৱশ্যে ফোন কলৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে ‘ফাইনেন্সিয়েল টাইমছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ‘আমেৰিকাই ইৰাণৰ সৈতে কৰা যিকোনো চুক্তি ইজৰাইলে মানি লোৱাৰ বাহিৰে আন উপায় নাই। সিদ্ধান্ত মইয়েই লওঁ, তেওঁ নলয়।‘ কিন্তু ট্ৰাম্পৰ পৰামৰ্শক আওকাণ কৰি ইজৰাইলে পুনৰ আক্ৰমণ চলালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd