ইজৰাইলে পেলেষ্টাইনী কয়দীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰৰ পৰা সকলো মহিলা গাৰ্ডক অপসাৰণৰ সিদ্ধান্ত লৈছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলীৰ ওপৰত মাৰাত্মক আক্ৰমণ চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা এজন পেলেষ্টাইনীৰ সৈতে এগৰাকী মহিলা গাৰ্ডৰ যৌন সম্পৰ্ক স্থাপনৰ তথ্য ফাদিল হয়। তাৰ পিছতে এই ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।
পিছত জানিব পৰা যায় যে আৰু আন কেইগৰাকীমান মহিলা গাৰ্ডে পেলেষ্টাইনীজনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল।
অভিযুক্ত মহিলা গাৰ্ডগৰাকীয়ে সামৰিক বাহিনীত বাধ্যতামূলক সেৱা আগবঢ়াইছিল বুলি অনুমান কৰা হৈছে। প্ৰতিগৰাকী ইজৰাইলী মহিলাই ২ বছৰ আৰু পুৰুষে ৩২ মাহ সেনাবাহিনীত সেৱা আগবঢ়াব লাগে।
লগতে পঢ়কঃ অসমৰ বিশিষ্ট উদ্যোগপতি, নৌ অভিযন্তা ৰাজ বৰুৱাৰ দেহাৱসান
অভিযুক্ত মহিলা গাৰ্ড আৰু পেলেষ্টাইনী বন্দীগৰাকীৰ বিষয়ে ইজৰাইলে কোনো তথ্য প্ৰকাশ কৰা নাই। ইয়াৰ উপৰিও ইজৰাইলৰ আদালতে কাৰাগাৰখনৰ নাম প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিয়ে।
ইজৰাইলৰ সংবাদ মাধ্যমে এই কথাও প্ৰকাশ কৰিছে যে জেৰাৰ সময়ত মহিলা গাৰ্ডগৰাকীয়ে জনায় যে একেজন পেলেষ্টাইনী বন্দীৰ সৈতে আন চাৰিগৰাকী মহিলা গাৰ্ডেও শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।
বিষয়টো ফাদিল হোৱাৰ পিছতে পেলেষ্টাইনী বন্দীজনক জেৰাৰ বাবে নিজৰ কোঠাৰ পৰা স্থানান্তৰিত কৰা হয়।
লগতে পঢ়কঃদৈনিক ১হাজাৰ টকা বিনিয়োগত ৫ হাজাৰ টকা ৰিটাৰ্ণ! ৮৫৪ কোটিৰ জালিয়াতি চক্ৰৰ ৬জনক গ্ৰেপ্তাৰ
শুকুৰবাৰে ইজৰাইলৰ উগ্ৰপন্থী সংক্ৰান্তীয় নিৰাপত্তা মন্ত্ৰী ইতামাৰ বেন-গিভিৰে ঘোষণা কৰে যে “সন্ত্রাসবাদী পেলেষ্টাইনী”ক ৰখা কাৰাগাৰত আৰু কোনো মহিলা সৈনিকে সেৱা আগবঢ়াব নোৱাৰিব৷ তেওঁ লগতে জনায় যে ২০২৫ চনৰ ভিতৰত এই কাৰাগাৰসমূহত মহিলা গাৰ্ডৰ সংখ্যা শূন্যলৈ হ্ৰাস কৰা হব।