DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামনি অসমত বদৰুদ্দিন আজমল সাংসদ হোৱাটো দুৰ্ভাগ্যজনক : ৰঞ্জিৎ দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 1:33 pm
Ranjit-Das

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

366
VIEWS
Share on FacebookShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ অধিকাংশ পঞ্চায়ত তথা জিলা পৰিষদ বিজেপিয়ে দখল কৰিব। এতিয়াও যি সকল যুৱক-যুৱতীয়ে কংগ্ৰেছ কৰি আছে তেওঁলোক অতি শীঘ্ৰে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰক। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জি দাসে নিজৰ গৃহ সমষ্টি সৰভোগৰ মেদা গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব কলিতাপাৰাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে। কংগ্ৰেছক আক্ৰমণৰ প্ৰধান লক্ষ্য হিচাপে লৈ কয় যে নামনি অসমৰ পৰা এসময়ত কংগ্ৰেছৰ হৈ শৰৎ সিংহৰ দৰে নেতা মুখ্য মন্ত্ৰী হৈছিল। কিন্তু এতিয়া নামনি অসমৰ পৰা কংগ্ৰেছৰ হৈ বাংলাদেশী মূলৰহে মানুহ মন্ত্ৰী-বিধায়ক হয়।

ইয়াৰ উপৰি কংগ্ৰেছ দলে বৰপেটা জিলাত প্ৰায় সংখ্যক জিলা পৰিষদতে বাংলাদেশী মূলৰ লোকক টিকট প্ৰদান কৰা বুলিও বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে অসমৰ ৰাইজৰ অধিকাৰ কাঢ়ি নিছে। সেয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক উচিত প্ৰত্যুত্তৰ দি বিজেপি দলৰ প্ৰাৰ্থীসকলক জয়ী কৰিবলৈ আহ্বান জনায়।

ইফালে এ আই য়ু ডি এফকো চোকা বাক্য বাণেৰে সমালোচনা কৰে ৰঞ্জিৎ দাসে। ‘কোঁচ ৰজা নৰনাৰায়ণ, ৰঘুদেৱ ৰায়ে ৰাজত্ব কৰা নামনি অসমত বদৰুদ্দিন আজমল সাংসদ হোৱাটো ৰাজ্যবাসীৰ বাবে দুৰ্ভাগ্যজনক’। এইদৰে কয় ৰঞ্জিৎ দাসে।

আনহাতে সদ্য অগপ ত্যাগী নেতা তথা বিজেপিৰ ৰাজ্যিক সদস্য গোপী নাথে উক্ত নিৰ্বাচনী সভাতে অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায়। অগপ দলে সৰভোগ সমষ্টিত কেতিয়াও শাসনত আহিব নোৱাৰে বুলি মন্তব্য কৰে।

উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন, সম্পদ দাস, বুবুল দেউৰী, পঞ্চায়ৰ সভাপতি প্ৰাৰ্থী ওচমান গণি, আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী জাহিদুল ইছলামৰ উপৰি বিভিন্ন গাঁও সদস্যৰ প্ৰাৰ্থীসকল উপস্থিত থাকে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd