হস্তী পৰিবহণক লৈ আলোচনাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত জগন্নাথ মন্দিৰৰ প্ৰতিনিধি

Jagannath Temple team in Guwahati to discuss elephant transportation

আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ এটা প্ৰতিনিধি দল গুৱাহাটীত বুধবাৰে উপস্থিত হৈছে, আৰু অসমৰ পৰা চাৰিটা হাতীৰ পৰিবহণৰ অগ্ৰগতি সম্পৰ্কে আলোচনাৰ বাবে অসমৰ বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰিছে।

সূত্ৰসমূহে নৰ্থ-ইষ্ট নাওক জনোৱা মতে অসমৰ পৰা হাতী চাৰিটাৰ পৰিবহণত দেৰি হোৱাক লৈ আহমেদাবাদৰ ৪৫০ বছৰীয়া পুৰণি তীৰ্থস্থানখনৰ প্ৰতিনিধিসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

পাঁচজনীয়া প্ৰতিনিধি দলটোত জগন্নাথ মন্দিৰৰ এগৰাকী ন্যাসৰক্ষীও আছে।

উজনি অসমৰ তিনিচুকীয়াৰ পৰা গুজৰাটলৈ জয়তাৰা, ৰূপসিং, বাবুলাল আৰু ৰাণী নামৰ অপ্ৰাপ্তবয়স্ক হাতী চাৰিটা পৰিবহণৰ বাবে অসমৰ বন বিভাগে অনুমতি প্ৰদান কৰিছে।

বন বিভাগে প্ৰথমতে তিনিচুকীয়াৰ পৰা আহমেদাবাদলৈ যাত্ৰীবাহী ৰে’লেৰে হাতীকেইটা পৰিবহণৰ পৰিকল্পনা কৰিছিল। চাৰি দিনত ৩১০০ কিঃ মিঃ দূৰত্ব অতিক্ৰম কৰাক লৈ তেওঁলোক আত্মবিশ্বাসী আছিল।

কিন্তু, আইনী মেৰপাক আৰু পৰিবহণজনিত সমস্যাৰ বাবে, হাতী চাৰিটাৰ পৰিবহণত বিলম্ব ঘটিছে।

দুই বন্যপ্ৰাণী কৰ্মী নন্দিনী বৰুৱা আৰু উৰ্মি মালা দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল কৰিছে।

আৰু, আইনী মেৰপেঁচৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই জন্তুকেইটা পৰিবহণত হেহোঁ-নেহোঁ কৰিছে।

দ্বিতীয়তে, ৰে’লৱে’ই লগতে দাবী কৰিছে যে হাতী পৰিবহণত তেওঁলোকৰ অভিজ্ঞতা নাই। উত্তৰ ভাৰতৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ মাজত ৰে’ল বিভাগে হাতী চাৰিটা পৰিবহণৰ বাবে নিখুঁত বাতানুকূল ডবা বিচাৰি উলিয়াব পৰা নাই।

যাত্ৰাকালত জন্তুকেইটাৰ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি হাতীকেইটাৰ পৰিবহণ সন্দৰ্ভত এক সামগ্ৰিক পৰিকল্পনা যুগুতাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনক নিৰ্দেশ দিছিল।

আহমেদাবাদলৈ হাতীকেইটাৰ পৰিবহণ সন্দৰ্ভত পৰামৰ্শ গ্ৰহণৰ বাবে জ্যেষ্ঠ বন বিষয়াসকলে বুধবাৰে ৰাতিপুৱা এদল প্ৰখ্যাত পশু চিকিৎসকৰ সৈতে বৈঠকত মিলিত হৈছিল।

সিদ্ধান্ত লোৱা হৈছে যে বুধবাৰে এখন পাঁচজনীয়া বিশেষজ্ঞ সমিতি গঠন কৰা হ’ব, আৰু হাতীকেইটাৰ শীঘ্ৰ পৰিবহণৰ বাবে পদক্ষেপ লোৱা হৈছে।

বিশেষজ্ঞ সমিতিত কমেও এজন পশু চিকিৎসক থাকিব, আৰু আহমেদাবাদলৈ এখন ট্ৰাকত হাতীকেইটাক এটা দলে সংগ দিব।

হাতী চাৰিটাৰ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বন বিভাগে এক নতুন নিৰ্দেশ জাৰি কৰিছে। জন্তু পৰিবাহী গাড়ীকেইখনে প্ৰতিদিনাই ২৫০ কিঃ মিঃ দূৰত্ব অতিক্ৰম কৰিব।

অসমৰ বন বিভাগে কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই ২০১২ চনত যুগুত কৰা বন্য জন্তু পৰিবহণ প্ৰট’কলে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰণ কৰিছে।