NORTHEAST NOW (Assamese)

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 26, 2025 3:21 pm

দেশৰ ৰাজনীতিত উপ-ৰাষ্ট্ৰপতি পদত্যাগৰ নাটকীয় পৰিস্থিতিয়ে নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে। ২১ জুলাইত জগদীপ ধনখৰে হঠাতে পদত্যাগ কৰাৰ পাছত তেওঁ ক’ত আছে, কেনেকুৱা অৱস্থাত আছে—এই প্ৰশ্নই ৰাজনৈতিক মহলক উত্তপ্ত কৰি ৰাখিছে।

এই ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত কয় যে, “জগদীপ ধনখৰ সাংবিধানিক পদত থাকোতে সংবিধান মানি চলি ভাল কাম কৰিছিল। শাৰীৰিক অসুস্থতাৰ বাবে কাৰ্যকাল শেষ হোৱাৰ আগতেই পদত্যাগ কৰিছে। এই বিষয়টো অতিৰঞ্জিত কৰাৰ প্ৰয়োজন নাই।”

কিন্তু শ্বাহৰ এই মন্তব্যই বিৰোধী শিবিৰক সন্তুষ্ট কৰিব পৰা নাই। ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া জনাই শ্বাহক প্ৰত্যক্ষ প্ৰশ্ন কৰে—

“অমিত শ্বাহ জী, কওকচোন, জগদীপ ধনখৰ জীয়ে এতিয়া হস্পিতালত চিকিৎসাধীন নে যোগাসন কৰি আছে, নে টেবুল টেনিছ খেলিছে?”

ছিবালে অভিযোগ কৰে যে উপ-ৰাষ্ট্ৰপতি পদত্যাগৰ পিছত ধনখৰ প্ৰায় “গুৰুত্বপূৰ্ণভাৱে নোহোৱা” হৈ পৰিছে। আনকি তেওঁৰ নিৰাপত্তাৰক্ষীৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ কথাও বিৰোধীয়ে উত্থপন কৰিছে। শিৱসেনাৰ নেতা সঞ্জয় ৰাউটেও গৃহমন্ত্ৰীলৈ চিঠি লিখি ধনখৰৰ সুৰক্ষাৰ বিষয়ে প্ৰশ্ন  কৰিছে।

ধনখৰৰ পদত্যাগৰ পিছত ৰাজনীতিত উঠা সন্দেহ-জল্পনা হ’ল—মোদী চৰকাৰৰ হেঁচাত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল নে ধনখৰে স্বেচ্ছায় এই সিদ্ধান্ত ল’লে? বৰ্তমান ধনখৰৰ অনুপস্থিতিয়ে চৰকাৰ-বিৰোধী নতুন বিতৰ্কৰ সূত্ৰপত ঘটাইছে।

Related News