সংসদত ধনখৰ-খাৰ্গেৰ বিবাদ তুংগত; কিয় খাৰ্গেৰ কথাত খৰ্গহস্ত উপ-ৰাষ্ট্ৰপতিগৰাকী?

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইণ্ডিয়াজোঁটত মিত্ৰতা ভাঙি গৈ আছে। ইটোৰ পিছত সিটো দল এন ডি এত যোগদান কৰিছে। ইণ্ডিয়া জোঁটৰ এই খহনীয়াৰ প্ৰতিফলনতে এইবাৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ মাজত উত্তপ্ত বাক্-বিতণ্ডা চলে। ইয়াকে লৈ  বাজেট অধিৱেশনৰ অন্তিম দিনটো সৰৱ হৈ পৰিল সংসদ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় লোক দলৰ (আৰ এল ডি) নেতা জয়ন্ত চৌধুৰীয়ে ইণ্ডিয়াজোঁট এৰি এন ডি এত যোগদান কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আৰু সেইটোৱেই হৈছে শনিবাৰৰ বিতৰ্কৰ উৎস।

সংসদত আৰ এল ডি নেতা জয়ন্ত চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন ডি এ চৰকাৰক তেওঁৰ ককাক চৌধুৰী চৰণ সিঙক ভাৰতৰত্নৰে সন্মানিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ঠিক তেতিয়াই কংগ্ৰেছৰ সাংসদসকল সৰৱ হৈ পৰে।

লগতে পঢ়কঃ নিৰ্বাচনত ৰিগিং! নৱাজ শ্বৰীফৰ বিজয়ৰ বিৰুদ্ধে আদালতত ইমৰাণ খানৰ পিটিআই

তেতিয়া সেই প্ৰেক্ষাপটত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰ বিৰক্ত হৈ পৰে। তেওঁ মল্লিকাৰ্জুন খাৰ্গেক কয়, “হয় আপোনাৰ দলৰ সদস্যসকলক নিয়ন্ত্ৰণ কৰক, নহয় নিজেই কওক।”

কংগ্ৰেছ সভাপতি খাৰ্গে উত্তৰ দিবলৈ ৰৈ নাথাকিল। কোনখন আইনৰ অধীনত জয়ন্ত চৌধুৰীক সংসদত ভাৰতৰত্ন সন্দৰ্ভত কথা ক’বলৈ দিয়া হৈছিল? খাৰ্গে প্ৰথমে সেই প্ৰশ্নটো উত্থাপন কৰিলে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, ‘যেতিয়াই আমি কিবা এটা কথা ক’ব বিচাৰো, আলোচনা কৰিব বিচাৰো, আপুনি সুধিব যে কি নিয়মৰ অধীনত আমাক কথা ক’বলৈ অনুমতি দিব। মই আপোনাকো একেটা প্ৰশ্নকে সুধিব বিচাৰিছো। কি নিয়ম অনুসৰি জয়ন্ত চৌধুৰীক কথা ক’বলৈ দিয়া হৈছে?”

লগতে পঢ়কঃ AFC Asian Cup: আক্ৰাম আফিফৰ হেট্ৰিক! ফাইনেলত জৰ্ডানক হৰুৱাই এছিয়া কাপ দখল কাটাৰৰ

ধনখৰে তেতিয়ালৈকে কোনো সঁহাৰি দিয়া নাছিল। কিন্তু তাৰপিছতে ৰাজ্যসভাৰ বিৰোধী নেতাগৰাকীয়ে ক’লে, “আপোনাৰ বিচক্ষণতা আছে। ইয়াক বুদ্ধিমানৰ দৰে ব্যৱহাৰ কৰা উচিত, যেতিয়াই মন যায় তেতিয়া নহয়”।

এই কথাত ৰাজ্যসভাৰ অধ্যক্ষ অতিশয় বিচলিত হৈ পৰে। ভাষণৰ মাজতে মল্লিকাৰ্জুন খাৰ্গেক ৰখাই দি তেওঁ কয়, “চৌধুৰী চৰণ সিঙক ভাৰতৰত্ন বঁটা দিয়াৰ কথা চৰ্চা চলি থকাৰ সময়ত আপোনালোকৰ সাংসদসকলৰ আচৰণৰ বিষয়ে মই একো কোৱা নাছিলো।”

ইয়াৰ পিছত সংসদত ধনখৰ-খাৰ্গেৰ উত্তপ্ত বিতৰ্ক চলি থাকে। খঙত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ক’লে, “মই কৃষকৰ পৰিয়ালৰ পৰা আহিছো। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই এজন দুৰ্বল চেয়াৰমেন। বহুত সহ্য কৰিছো। আপোনাৰ যি মন গৈছে, মোক কৈছে। এনে ভাষা মোৰ বিৰুদ্ধে প্ৰয়োগ কৰিব নোৱাৰে। বহু সময়ত আপুনি এনে আচৰণ কৰে যেন আপুনি শিক্ষক আৰু মই  ছাত্ৰ।”

লগতে পঢ়কঃ পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,”জেচিবিৰ টেষ্ট আছিল…”

অৱশ্যে এয়াই প্ৰথম নহয়, কেতিয়াবা ধেমালী আৰু কেতিয়াবা ইজনে সিজনৰ কটাক্ষ কৰাৰ বাবে সৰৱ হোৱা দেখা গৈছে সংসদ ভৱন। কিন্তু শনিবাৰে যেন কাজিয়াখন অলপ গুৰুতৰ হৈ পৰিছিল!