• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শ্ৰমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অসমত জেলভৰো কাৰ্যসূচী, প্ৰায় ৬০ আন্দোলনকাৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 8:32 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নৰ আহ্বানত সোমবাৰে অসমৰ ২৫খন জিলাৰ ৩২টা অঞ্চলত দেশজোৰা জেলভৰো কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংগঠনসমূহৰ দাবী অনুসৰি, ৰাজ্যখনত প্ৰায় ৪০ হাজাৰ শ্ৰমিক, কৃষক আৰু কৃষি শ্ৰমিকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

আন্দোলনকাৰীসকলে ‘শ্ৰমকোড’ বাতিল কৰা, কৃষিজাত সকলো ফচলৰ ন্যূনতম সমৰ্থন মূল্য (MSP) নিশ্চিত কৰা, নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আৰু অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধানৰ দাবী উত্থাপন কৰে।

Apply Now

কামৰূপ মহানগৰ জিলাৰ পানবজাৰ আৰু সোণাপুৰতো সহস্ৰাধিক শ্ৰমিক-কৃষক আৰু কৃষি শ্ৰমিকে জেলভৰো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পানবজাৰৰ বি এছ এন এল ভৱনৰ সমীপত চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা, অসম কৃষি শ্ৰমিক ইউনিয়ন, জে চি টি ইউ, এছ এফ আই, ডি ৱাই এফ আই আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ যৌথ উদ্যোগত প্ৰায় ৫০০ প্ৰতিবাদকাৰীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

চমু সভাত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, জিলা সম্পাদক প্ৰতুল বৰ্মন, অসম ৰাজ্যিক কৃষক সভাৰ মছদ্দৰ হুছেইন, অসম কৃষি শ্ৰমিক ইউনিয়নৰ ভূপেন শৰ্মা, জে চি টি ইউৰ গৰ্গ তালুকদাৰ আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ মৈত্ৰেয়ী মিশ্ৰই বক্তব্য ৰাখে।

বক্তাসকলে অভিযোগ কৰে যে কেন্দ্ৰীয় বিজেপি চৰকাৰে শ্ৰমিকসকলে দীৰ্ঘদিনীয়া সংগ্ৰামৰ জৰিয়তে অৰ্জন কৰা ন্যূনতম শ্ৰম অধিকাৰসমূহ হ্ৰাস কৰিছে। তেওঁলোকে পেন্সন, চিকিৎসা সাহায্য, মজুৰি আৰু চাকৰিৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ নীতিৰ সমালোচনা কৰে।

আন্দোলনকাৰীসকলে মাহিলী ন্যূনতম মজুৰি ২৬,০০০ টকা নিৰ্ধাৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকা কৰা, ঠিকা শ্ৰমিকৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা, অংগনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক শ্ৰমিক হিচাপে স্বীকৃতি দি মাননিৰ সলনি মজুৰি প্ৰদান কৰা আদি দাবী উত্থাপন কৰে।

ইয়াৰ উপৰি পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকৰ হিতলাভ নিয়মীয়াকৈ প্ৰদান, সকলো শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ বন্ধ কৰা, ভূমিহীন কৃষক আৰু গ্ৰামীণ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান, ৰাজহুৱা শিক্ষা ব্যৱস্থা সুৰক্ষিত কৰা, নতুন কৰ্মসংস্থাপনৰ সৃষ্টি আৰু প্ৰতিটো পঞ্চায়তত ফচল সংগ্ৰহ কেন্দ্ৰ স্থাপনৰ দাবীও উত্থাপন কৰা হয়।

আন্দোলনকাৰীসকলে শোভাযাত্ৰা কৰি আগবাঢ়িবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে বাধা দিয়াক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত টনা-আজোৰাৰ সৃষ্টি হয়। ইয়াৰ পিছতে একাংশ আন্দোলনকাৰীক পানবজাৰ আৰক্ষী থানাত আৰু আন একাংশক লতাশিল আৰক্ষী থানাত আটক কৰি ৰখা হয়।

সংগঠনটোৰ দাবী অনুসৰি, পানবজাৰ থানাত চি আই টিইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, প্ৰতুল বৰ্মন, পৰিমল সেন, সংগীতা দাস, আলি আকবৰ, অসম ৰাজ্যিক কৃষক সভাৰ ৰাজ্যিক সভাপতি টিকেন দাস, মছদ্দৰ হুছেইন, জে চি টি ইউৰ গৰ্গ তালুকদাৰ, ভবেন কলিতাকে ধৰি কেইবাগৰাকীও আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰা হয়। লতাশিল থানাত বিমল বৰ্মন, ৰঞ্জিত বিশ্বাস, মণিকা দত্ত, ৰূপালী দাস, বিনাপানি বড়াকে ধৰি প্ৰায় ৬০গৰাকী আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰা বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।

প্ৰেছ বিজ্ঞপ্তি প্ৰকাশৰ সময়লৈকে গ্ৰেপ্তাৰ কৰা আন্দোলনকাৰীসকলক মুকলি কৰি দিয়া হোৱা নাই বুলি চি আই টি ইউৰ ৰাজ্যিক কমিটিয়ে দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd