• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জয়পুৰ আদালতত ৰাহুল গান্ধীৰ সকাহ, প্ৰধানমন্ত্ৰীৰ জাতি সম্পৰ্কীয় মন্তব্যৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2026 8:13 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে জাতিভিত্তিক মন্তব্য কৰাৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এখন পুনৰীক্ষণ আবেদন জয়পুৰৰ এখন আদালতে নাকচ কৰিছে। জয়পুৰৰ অতিৰিক্ত অধিবেশন আদালতে এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি নিম্ন আদালতৰ পূৰ্বৰ নিৰ্দেশকে বাহাল ৰাখে। অতিৰিক্ত অধিবেশনৰ ন্যায়াধীশ নীলম কাৰ্ৱাই এই ৰায়দান কৰি উল্লেখ কৰে যে আবেদনকাৰীয়ে দাখিল কৰা তথ্য আৰু নথি-পত্ৰই অভিযোগসমূহ প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত নহয়। ইয়াৰ পূৰ্বে মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আদালতে এই গোচৰটো খাৰিজ কৰিছিল, যাক প্ৰত্যাহ্বান জনাই অধিবক্তা বিজয় কালাণ্ডাৰে পুনৰ আবেদন জনাইছিল।

আবেদনকাৰীৰ অভিযোগ আছিল যে ৰাহুল গান্ধীয়ে ২০২৪ চনত ছত্তীশগড়ত ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীৰ জাতিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জন্মসূত্ৰে অন্যান্য পিছপৰা শ্ৰেণী বা অ’বিচি সম্প্ৰদায়ৰ নহয়। গান্ধীৰ মতে মোডীৰ জন্ম হৈছিল এটা সাধাৰণ শ্ৰেণীৰ পৰিয়ালত আৰু পিছতহে তেওঁলোকৰ সম্প্ৰদায়ক অ’বিচিৰ মৰ্যাদা দিয়া হৈছিল। অধিবক্তা কালাণ্ডাৰে যুক্তি দিছিল যে এনে ধৰণৰ মন্তব্যই সমাজত বিভেদ সৃষ্টি কৰাৰ লগতে দেশৰ শান্তি আৰু ঐক্য বিঘ্নিত কৰিব পাৰে।

Apply Now

এই বিতৰ্কৰ মাজতে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাহুল গান্ধীৰ দাবীক সম্পূৰ্ণ মিছা বুলি অভিহিত কৰিছে। বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই ১৯৯৯ চনৰ চৰকাৰী তথ্য দাঙি ধৰি জনাইছিল যে মোধ ঘাঞ্চী সম্প্ৰদায়ক বহুত আগতেই অ’বিচি শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। সেই সময়ত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱা নাছিল। আনকি গুজৰাটৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী নৰহৰি আমিনেও কৈছিল যে ১৯৯৪ চনত কংগ্ৰেছ চৰকাৰৰ দিনতহে এই সম্প্ৰদায়টোক পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীৰ উপাধি আৰু জাতিক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীয়ে ইয়াৰ পূৰ্বেও আইনী জটিলতাত ভৰি দিছিল। ২০২৩ চনত চুৰাটৰ এখন আদালতে মোদী উপধিক লৈ কৰা এক মন্তব্যৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছিল, যাৰ বাবে তেওঁৰ সাংসদ পদো খাৰিজ হৈছিল। অৱশ্যে পিছলৈ উচ্চতম ন্যায়ালয়ে সেই ৰায়দানৰ ওপৰত স্থগিতাদেশ জাৰি কৰাত তেওঁ সকাহ লাভ কৰে। বৰ্তমান জয়পুৰ আদালতৰ এই নিৰ্দেশে ৰাহুল গান্ধীৰ বাবে আন এক স্বস্তি কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd