• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চকুৰ দৃষ্টিশক্তি ঘূৰাই আনিবলৈ ষ্টেম চেল থেৰাপী; জাপানী বিজ্ঞানীৰ অভূতপূৰ্ব সাফল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2024 1:21 pm
97
VIEWS
Share on FacebookShare on Twitter

চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ক্ষেত্ৰত জাপানী বিজ্ঞানীয়ে ইতিহাস গঢ়িলে। দেশখনৰ ওছাকা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ষ্টেম চেল চিকিৎসাৰ ক্ষেত্ৰত এক অভিনৱ দৃষ্টান্ত গঢ়ি তুলিছে। তেওঁলোকৰ এই প্ৰচেষ্টাত হেৰুৱা দৃষ্টিশক্তি ঘূৰাই অনা সম্ভৱ। লিম্বাল চেল ডেফিচিয়েন্সি (LSCD) নামৰ জটিল চকুৰ ৰোগত আক্ৰান্ত ৰোগীক ষ্টেম চেল থেৰাপী প্ৰয়োগ কৰি বিজ্ঞানীসকলে অভূতপূৰ্ব সফলতা লাভ কৰিছে।

এই দুৰাৰোগ্য ৰোগে কেৱল চকুৰ দৃষ্টিশক্তিত প্ৰভাৱ পেলোৱাই নহয়, পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে ইয়াৰ চিকিৎসা আৰু নিৰাময় এতিয়ালৈকে দুৰূহ হৈ আছিল। কিন্তু জাপানী বিজ্ঞানীসকলে সেই অসাধ্য সাধন কৰি দেখুৱাই দিলে।

চিকিৎসা বিজ্ঞানৰ ইতিহাসত এনেকুৱা ঘটনা আগতে কেতিয়াও হোৱা নাই। ফলত আক্ষৰিক অৰ্থত ক’ব পাৰি যে বিশ্বৰ প্ৰথমটো ষ্টেম চেল থেৰাপীৰ প্ৰয়োগেৰে ওছাকা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে অন্ধত্ব দূৰ কৰি হেৰুৱা দৃষ্টিশক্তি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এক দৃষ্টান্ত গঢ়ি তুলিছে।

লগতে পঢ়কঃ কেনেকৈ? ট্ৰাম্পৰ হাতত পৰাস্ত হৈও আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ব পাৰে কমলা হেৰিছ!

চিকিৎসা বিজ্ঞানে কয় যে এল এছ চি ডিৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হয় চকুৰ কৰ্ণিয়া। ইয়াৰ ফলত দীৰ্ঘদিনীয়া বিষ, ক্ৰমান্বয়ে দৃষ্টিশক্তি হেৰুৱাই পেলোৱা আৰু শেষত অন্ধত্ব আহি পৰে। চিন্তনীয়ভাৱে এই ৰোগৰ গতানুগতিক চিকিৎসাও সীমিত। ইয়াৰ আগতেও বিভিন্ন দেশৰ বিজ্ঞানীসকলে এই ৰোগ নিৰাময়ৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি আহিছে। কিন্তু সেই সকলোবোৰ প্ৰায় বিফল হৈছে। ইয়াত নিৰাময় পোৱাৰ পৰিৱৰ্তে ৰোগীয়ে অধিক পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হয়।

ওছাকা বিশ্ববিদ্যালয়ৰ চকুৰ চিকিৎসক কোজি নিছিদা আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে কেইবাবছৰ ধৰি এই ৰোগৰ চিকিৎসাৰ বাবে ষ্টেম চেল থেৰাপীৰ ওপৰত গৱেষণা কৰি আহিছে। এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ কোষ ব্যৱহাৰ কৰে। অৰ্থাৎ প্লুৰিপটেণ্ট ষ্টেম চেল, যাৰ জৰিয়তে কৰ্ণিয়া ট্ৰান্সপ্লাণ্টেচন কৰা হয়।

লগতে পঢ়কঃ ১০ বছৰত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১৫.৩ লাখ লোকৰ; পূৰ্বৰ দশকৰ তুলনাত ৩ লাখ অধিক

বিজ্ঞানীসকলে এজন সুস্থ দাতাৰ পৰা ৰক্তকণিকা সংগ্ৰহ কৰি ভ্ৰূণৰ দৰে কোষীয় অৱস্থাত ‘পুনৰ প্ৰগ্ৰেম’ কৰে। আৰু তাৰ পিছত তেওঁ ইয়াক স্বচ্ছ-পাতল কৰ্ণিয়াৰ এপিথেলিয়াল কোষলৈ ৰূপান্তৰিত কৰিলে। শেষত এই কোষবোৰ প্ৰতিস্থাপন কৰা হয়। আৰু তাতেই সফলতা আহিল। ট্ৰান্সপ্লাণ্ট প্ৰক্ৰিয়াৰ পিছত ৰোগীসকলে পুনৰ হেৰুৱা দৃষ্টিশক্তি ঘুৰি আহে, চাৰিজনৰ ভিতৰত তিনিজনৰ ক্ষেত্ৰতে সফল হৈছে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd