• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদৰ চলিত অধিৱেশনকে ধৰি বিভিন্ন ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ আগন্তুক গুৱাহাটী ভ্ৰমণসূচী বাতিল কৰা হৈছে। অহা ১ ৰ পৰা ৩ জুলাইলৈ অসমৰ ৰাজধানী গুৱাহাটীত ভাৰত আৰু জাপানৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 2:48 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ আগন্তুক গুৱাহাটী ভ্ৰমণসূচী বাতিল কৰা হৈছে। অহা ১ ৰ পৰা ৩ জুলাইলৈ অসমৰ ৰাজধানী গুৱাহাটীত ভাৰত আৰু জাপানৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানী প্ৰধানমন্ত্ৰীগৰাকীক ইয়াত আদৰণি জনোৱাৰ পূৰ্ণ প্ৰস্তুতি চলাইছিল যদিও বিভিন্ন ব্যৱস্থাপনাগত কাৰণত এই ভ্ৰমণসূচী বাতিল কৰিবলগীয়া হৈছে বুলি সংশ্লিষ্ট সূত্ৰই প্ৰকাশ কৰিছে। বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে এই গুৰুত্বপূৰ্ণ সন্মিলনখন একেটা তাৰিখতে দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

সূত্ৰসমূহে জনোৱা অনুসৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিজ দেশৰ সংসদৰ চলিত অধিৱেশনকে ধৰি বিভিন্ন ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে ভাৰত ভ্ৰমণৰ সময়সূচী অতি কম। ইয়াৰ উপৰি ৰাজধানীৰ বাহিৰত এনে এখন বৃহৎ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ব্যৱস্থাপনা আৰু সময়ৰ নাটনিৰ বাবে এই বৈঠক দিল্লীতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই স্থান পৰিৱৰ্তনে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে হাতত লোৱা কিছুমান বিশেষ কাৰ্যসূচীক সুকলমে পৰিচালনা কৰাত সহায় কৰিব বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী হিচাপে তাকাইচিৰ এইখন প্ৰথম ভাৰত ভ্ৰমণ হ’ব। প্ৰথম অৱস্থাত নতুন দিল্লীৰ উপৰি গুৱাহাটীকো এই সন্মিলনৰ বাবে এটা সম্ভাৱ্য স্থান হিচাপে জাপানৰ আগত প্ৰস্তাৱ কৰা হৈছিল।

Apply Now

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০১৯ চনতেও জাপানৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ গুৱাহাটী ভ্ৰমণৰ কাৰ্যসূচী আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ইয়াত আদৰণি জনোৱাৰ কথা আছিল। কিন্তু সেই সময়ত অসমত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী তীব্ৰ প্ৰতিবাদ আৰু আন্দোলনৰ বাবে সেই ভ্ৰমণসূচীও শেষ মুহূৰ্তত বাতিল কৰিবলগীয়া হৈছিল।

জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই ভ্ৰমণকালত ৫০ টাৰো অধিক জাপানী প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াসকলৰ এক বৃহৎ প্ৰতিনিধি দল ভাৰত লৈ আহিব। এই ভ্ৰমণকালত দুয়োখন দেশে বিভিন্ন বিনিয়োগ আৰু সামগ্ৰী যোগান শৃংখলা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ ভাৰতত কৌশলগত তেল সংৰক্ষণাগাৰ স্থাপনৰ বাবে টকিঅ’ই আগবঢ়াব পৰা আৰ্থিক সাহায্যৰ বিষয়েও ইয়াত বিশদভাৱে আলোচনা কৰা হ’ব। ইয়াৰ উপৰি অৰ্ধপৰিবাহী, নৱীকৰণযোগ্য শক্তি, প্ৰতিৰক্ষা খণ্ড, গুৰুত্বপূৰ্ণ খনিজ আৰু মটৰ গাড়ী উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহত দুয়োখন দেশৰ প্ৰতিষ্ঠানসমূহৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

জাপানৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই প্ৰতিনিধি দলটোত বিশ্ববিখ্যাত মটৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ছুজুকি মটৰৰ সভাপতি তোশ্বিহিৰো ছুজুকিও অন্তৰ্ভুক্ত থাকিব। ইয়াৰ পূৰ্বে যোৱা মে’ মাহত জাপানৰ বৈদেশিক মন্ত্ৰীৰ দিল্লী ভ্ৰমণৰ সময়ত ভাৰতৰ শক্তি খণ্ডৰ সক্ষমতা বৃদ্ধি কৰাৰ বাবে জাপানে বিশেষ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ বাবে জাপানে তেওঁলোকৰ এচিয়ান শক্তি ব্যৱস্থাপনা পুঁজি আৰু দুই বিলিয়ন ডলাৰৰ দক্ষিণ পূব এচিয়া বিনিয়োগ বিত্তীয় ব্যৱস্থাৰ জৰিয়তে ভাৰতৰ কৌশলগত সংৰক্ষণাগাৰসমূহ অধিক শক্তিশালী কৰাত সহায় কৰিব পাৰে। উল্লেখযোগ্য যে ২০২৫ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ সময়ত জাপানে ভাৰতত অহা ১০ বছৰত ১০ ট্ৰিলিয়ন য়েন ব্যক্তিগত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

August 3, 2026 1:32 pm
মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

August 3, 2026 1:32 pm
মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd