• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আশাহত ভাৰত! টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বুমৰাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2022 1:51 am
Bumrah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়ালৈ বুমৰাহ অবিহনেই ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল। শেহতীয়াকৈ চলি থকা আশংকাপূৰ্ণ চৰ্চাৰ পাছত অৱশেষত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই- এ এই চূড়ান্ত ঘোষণা কৰিছে। বিচিচিআইৰ এই ঘোষণাৰ লগে লগে বিশ্বজয়ৰ আশাত কিঞ্চিত বাধা আহি পৰিছে ভাৰতীয় ক্ৰিকেট দল তথা অনুৰাগীৰ মনত।

আজি এক বিবৃতি যোগে বিচিচিআই- এ আনুষ্ঠানিকভাৱে বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি নিশ্চিত কৰে। তাৰকা পেচাৰগৰাকী দলৰ পৰা বাদ পৰাৰ পিছত তেওঁৰ স্থানত বিশ্বকাপৰ বাবে কাক দলত অন্তৰ্ভুক্ত কৰা হ’ব, সেই সন্দৰ্ভত শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি বিচিচিআই- এ লগতে উল্লেখ কৰে।

Apply Now

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ প্ৰথমখন পূৰ্বে বুমৰাহে পিঠিত আঘাত পাইছিল আৰু মেচখনত অংশ লোৱা নাছিল। বুমৰাহৰ আঘাতৰ বিষয়ে জানিব পৰাৰ পিছতে বিশ্বকাপত তেওঁৰ উপস্থিতি সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল।

এনে চৰ্চাৰ মাজতে বিগত বৃহস্পতিবাৰে বিচিচিআইৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি জানিবলৈ দিছিল। তেওঁ লগতে গুৰুতৰ আঘাতৰ বাবে পেচাৰগৰাকী পাঁচ-ছয়মাহ সময় ক্ৰিকেটৰ পৰা আঁতৰত থাকিব লাগিব বুলিও মন্তব্য কৰিছিল।

কিন্তু এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে বিচিচিআই- এ তেতিয়ালৈকে কোনো ঘোষণা কৰা নাছিল। ইফালে বিষয়া গৰাকীৰ এই মন্তব্যৰ পিছদিনাই বিচিচিআই- এ এক বিবৃতি যোগে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ পৰা বুমৰাহ বাদ পৰা বুলি ঘোষণা কৰিছিল।

আনহাতে শৃংখলাটোৰ পৰা বাহিৰ হ’লেও বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা নাই বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। দুই-তিনিদিনৰ ভিতৰত এই বিষয়ে নিশ্চিত হ’ব পৰা যাব বুলি গাংগুলীয়ে লগতে মন্তব্য কৰিছিল।

অৱশেষত আজি তাৰকা পেচাৰগৰাকী বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি ঘোষণা কৰিবলৈ বাধ্য হয় বিচিচিআই। বিচিচিআইয়ে জানিবলৈ দিয়া মতে, তাৰকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ পিছত বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা হয় আৰু অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বিচিচিআই- লগতে উল্লেখ কৰে।

আনহাতে বিশ্বকাপৰ বাবে ভাৰতীয় দলত বুমৰাহৰ স্থান কোনে ল’ব, সেই সন্দৰ্ভত শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি বিচিচিআই- এ জানিবলৈ দিছে। এতিয়ালৈকে এই বিষয়ত কোনো ইংগিত নাথাকিলেও ইতিপূৰ্বে ঘোষিত দলত ষ্টেণ্ডবাই হিচাপে থকা অভিজ্ঞ পেচাৰ মহম্মদ ছামি আৰু দীপক চাহাৰৰ মাজৰ কোনো এগৰাকীয়ে স্থান লাভ কৰাৰ প্ৰায় সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd