বিশ্বনাথৰ বালিপুখুৰীস্থিত ২৪ আচাম ৰাইফল শিবিৰ চৌহদতে বুধবাৰে পুৱা উদ্ধাৰ হৈছে গোপাল সিং নামৰ এজন জোৱানৰ গুলীবিদ্ধ মৃতদেহ।
জোৱানজনৰ গাত লগা গুলী তেওঁৰ নিজৰ চাৰ্ভিচ ৰাইফলৰে হোৱা বাবে ঘটনাটো আত্মহত্যা বুলি সন্দেহ কৰা হৈছে যদিও এই কথা নিশ্চিত কৰা নাই বিশ্বনাথ আৰক্ষীয়ে।
আৰক্ষীয়ে জনাই যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হৈছে আৰু তাৰ প্ৰতিবেদনৰ পিছতহে ঘটনাটোৰ নিশ্চিত হ’ব।
মৃত জোৱানজনৰ ঘৰ উত্তৰাখণ্ডত।
যোৱা ১৮ ডিচেম্বৰৰ ৰাতিও যোৰহাটৰ লিচুবাৰীস্থিত সেনা শিবিৰত নিজৰ মূৰত গুলীয়াই “আত্মহত্যা” কৰিছিল পাৰ্থিবান পি নামৰ তামিলনাদুৰ এজন জোৱানে।