একাঁজলি শ্ৰদ্ধাঞ্জলি: দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি স্মৃতি দিৱস

DphY_W-UcAAUMUk

অসমৰ সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ, অকালতে জীৱন হেৰুওৱা দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত সোমবাৰে সমগ্ৰ অসমবাসীয়ে শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে।

সংগীত সূৰ্য ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকা সকলোৰে বাবে ‘ৰাণা দা’ হিচাপে পৰিচিত হৈ পৰিছিল। ১৯৭৭ চনৰ ১৫ অক্টোবৰত ‘নতুন আশা’ বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে কলিকতাত জয়ন্ত হাজৰিকাৰ অকাল মৃত্যু ঘটে।

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা জয়ন্ত হাজৰিকাই  কিংবদন্তি শিল্পী জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ লগত সংগীতৰ জীৱন আৰম্ভ কৰি পিছলৈ এগৰাকী কণ্ঠশিল্পী তথা সংগীতজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

উল্লেখযোগ্য যে জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম এটি গীতত সুৰ দিছিল। সেই গীতটো লিখিছিল তেওঁৰ আন এজন ককায়েক নৃপেন হাজৰিকাই।

জয়ন্ত হাজৰিকাই প্ৰথম পাশ্চাত্য সংগীতৰ বিভিন্ন ধাৰা যেনে ৰ’ক এণ্ড ৰ’ল, জাজ আৰু পাশ্চাত্য ধ্ৰুপদী সংগীতক পৰম্পৰাগত অসমীয়া মেল’ডি সংগীতৰ সৈতে সংমিশ্ৰণ কৰি অসমীয়া সংগীতত এক নতুন জোৱাৰৰ সৃষ্টি কৰিছিল।

তেওঁৰ সংগীত ব্যৱস্থাপনাত ৰাণা দাই কেইবাবিধো পাশ্চাত্যৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এইক্ষেত্ৰত বাটকটীয়া হৈ পৰিছিল। মাত্ৰ ৩৪ বছৰীয়া চমু জীৱনকালত তেওঁ বহু যুগান্তাকাৰী গীত সৃষ্টি কৰিছিল যিবোৰৰ আজিও অসমত ব্যাপক জনপ্ৰিয়তা আছে।

জয়ন্ত হাজৰিকাই জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘মনিৰাম দেৱান’ত সহকাৰী হিচাপে তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালনা কৰাৰ লগতে গীতত কণ্ঠও দিছিল।

ৰাণা দা কেইবাবিধো বাদ্যযন্ত্ৰ ব্যৱহাৰত সিদ্ধহস্ত আছিল। তেওঁ নিজেই গীটাৰ, ডোমৰা, মেণ্ডলিন, একৰডিয়ান, তবলা আৰু হাৰমনিকা বজাইছিল। তেওঁ বিশ্বৰ আন প্ৰান্তৰ পৰাও বিভিন্ন পৰম্পৰাগত সংগীতৰ বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল।

১৯৭৭ চনত জয়ন্ত হাজৰিকাই ‘সুৰ বাহিনী’ নামৰ এটা অনন্য সংগঠনৰ জন্ম দিছিল। গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ইয়াৰ জন্ম হৈছিল।

এই বাহিনীটোৱে পথত গান গাই ৰাইজৰ পৰা বৰঙণি তুলি পিছত সেয়া দান কৰিছিল। জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠন হোৱা সুৰ বাহিনীত বহু কণ্ঠশিল্পীয়ে যোগদান কৰিছিল আৰু ই এক গণ আন্দোলনৰ ৰূপ লৈছিল।

আজি তেওঁৰ মৃত্যু তিথিত গোটেই অসমতে শিল্লীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। শিল্পীগৰাকীৰ মৃত্যু তিথিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শ্ৰদ্ধাঞ্জলি জনাইছে। টুইটাৰ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ‘’তেওঁৰ অমৰ সৃষ্টিসমূহে চিৰকাল আমাৰ অন্তৰত দোলা দি থাকিব।‘’

আনহাতে, বহু কণ্ঠশিল্পী, সংগীতজ্ঞ তথা সংগীত পৰিচালক সোমবাৰে বিভিন্ন কাৰ্যসূচীত সমবেত হৈ অসমৰ চিৰকালৰ মহান সংগীতজ্ঞগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে।