১৯ জুলাইৰ পৰা আৰম্ভ হ’ব JEE মূল আৰু NEET ২০২০ৰ প্ৰৱেশ পৰীক্ষা। আজি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰীয়াল নিশাঙ্কে।
মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অহা ১৯ পৰা ২৩ জুলাইলৈ JEEৰ মূল প্ৰৱেশ পৰীক্ষা আৰু ২৬ জুলাইত NEETৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
দেশৰ প্ৰায় ৯ লাখ শিক্ষাৰ্থীয়ে JEE মূল প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰায় ১৭ লাখ শিক্ষাৰ্থীয়ে NTA ৰ অধীনত NEET প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
প্ৰৱেশ পৰীক্ষাৰ সবিশেষ তথ্য তথা সূচী অতি শীঘ্ৰেই NTA ৰ ৱেবচাইট উপলব্ধ হ’ব বুলি সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে সমগ্ৰ বিশ্বৰ লগতে দেশত নৰ সংহাৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশজুৰি বলবৎ কৰা ল’কডাউনৰ বাবে যোৱা মে’ত অনুষ্ঠিত হ’বলগীয়া JEE আৰু NEET ২০২০ৰ প্ৰৱেশ পৰীক্ষা স্থগিত ৰখা হৈছিল।
ইফালে দিল্লী আই আই টিয়ে আয়োজন কৰা JEE Advanced চলিত বৰ্ষৰ আগষ্ট মাহত অনুষ্ঠিত কৰা হ’ব আৰু ইয়াৰ সূচী নিজৰ ৱেবচাইট উপলব্ধ হ’ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে।
শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ সুবিধাৰ বাবে DIKSHA, SWAYAMৰ লগতে অন্যান্য অনলাইন পাঠদান কৰা মাধ্যমসমূহক মন্ত্ৰালয়ে উন্নত কৰিছে যাতে ঘৰতে শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পাৰে। মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে লগতে এইদৰে কয়।