NORTHEAST NOW (Assamese)

পঢ়িবলৈ মন মেলিছে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীয়ে; নামভৰ্তি কৰিলে একাদশ শ্ৰেণীত

August 11, 2020 11:54 am · এন ই নাও নিউজ
ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহতো।

পঢ়া শুনাৰ বাবে বয়সৰ সীমা নাই, মনৰ ইচ্ছাহে ডাঙৰ কথা। এই কথা প্ৰমান কৰিবলৈ আগবাঢ়িছে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে।

বাতৰি অনুসৰি, দশম শ্ৰেণী উত্তীৰ্ণ ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহতোৱে এইবাৰ একাদশ শ্ৰেণীত অধ্যয়ন আৰম্ভ কৰিব।

মাহতোৱে মন্ত্ৰ্যালয়ৰ দায়িত্বৰ সমান্তৰালকৈ বিদ্যালয়ত নিজৰ শ্ৰেণীকোঠাত বহি পাঠ গ্ৰহণ কৰা দেখিবলৈ পোৱা যাব।

শিক্ষা মন্ত্ৰী জগৰনাথ মাহতোৱে নিজৰ ডুমৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱাডীহৰ দেবী মাহতো স্মাৰক কনিষ্ঠ মহাবিদ্যালয়ত সোমবাৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰে।

মন্ত্ৰী মাহতোৱে কয় যে যেতিয়া তেওঁ ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী পদৰ বাবে শপত লৈছিল তেতিয়া কিছুমানে ঠাট্টা কৰি কৈছিল যে দশম শ্ৰেণী উত্তীৰ্ণক শিক্ষা মন্ত্ৰীয়ে শিক্ষাৰ কি উন্নতি কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে আজি সেই ঠাট্টা আৰু বিৰোধিতাৰ মই উত্তৰ দিছো। মই তেওঁলোকক ক’ব খোজো যে মোৰ সেই উৎসাহ আৰু আগ্ৰহ আছে। মি নিজৰ অধ্যয়নো সম্পূৰ্ণ কৰিম আৰু মন্ত্ৰ্যালয়ৰ কামো চাম, খেতিও কৰিম আৰু ৰাইজৰ সেৱাও কৰিম।

মাহতোৱে কয় যে অধ্যয়নৰ কোনো সীমা নাথাক, সেয়েহ মই পঢ়া সম্পূৰ্ণ কৰিম।

উল্লেখ্য যে কৃষক পৰিয়ালৰ পৰা অহা মন্ত্ৰী জগৰনাথ মাহতোৱে দশম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত পঢ়াশুনা বাদ দিছিল।

তেওঁ নিজৰ পঢ়াশুনা বাদ দিয়াৰ কাৰণ হিচাপে কয় যে সেই সময়ত ঝাৰখণ্ড আন্দোলনে ভৰপক দিছিল আৰু তেওঁ এজন যুৱক হিচাপে আন্দোলনত জপিয়াই পৰিছিল।ইয়াৰ পাছতে তেওঁ ৰাজনীতিলৈ আহে।

সেই সময়ত পঢ়াশুনা কৰিব নোৱাৰা মাহতোৱে এতিয়া সেয়া সম্পূৰ্ণ কৰিবলৈ মন স্থিৰ কৰিছে।

Related News