আৰক্ষীৰ সৈতে এনকাউণ্টাৰত নিহত হৈছে ঝাৰখণ্ডৰ কুখ্যাত গেংষ্টাৰ সুজিত সিনহা। দেওবাৰে মাজনিশা তেওঁক ধানবাদ কাৰাগাৰলৈ লৈ যোৱা হৈছিল। অভিযোগ অনুসৰি জামতাৰা সীমান্তৰ সমীপত আৰক্ষীৰ আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ গুলীচালনা কৰে। আত্মৰক্ষাৰ বাবে ওলোটাই গুলীচালনা কৰে আৰক্ষীয়ে। সংঘৰ্ষত থিতাতে নিহত হয় সুজিত।
দুটাকৈ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল সুজিতে। অৱশ্যে তেওঁৰ বিৰুদ্ধে হত্যা আৰু ধন দাবীকে ধৰি কেইবাটাও গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি সুজিতক চাহিবগঞ্জ ডিভিজনেল কাৰাগাৰত ৰখা হৈছিল। অৱশ্যে নিৰাপত্তাজনিত কাৰণত তেওঁক বেছি দিন এটা ঠাইত ৰখা নহয়। কিছুদিনৰ মূৰে মূৰে তেওঁক আন এখন কাৰাগাৰলৈ বদলি কৰা হয়।
একেদৰে কালি মাজ নিশা সুজিতক চাহিবগঞ্জৰ পৰা ধানবাদৰ এখন কাৰাগাৰলৈ লৈ যোৱা হৈছিল। আৰক্ষীৰ দাবী যে তেওঁ শৌচ কৰিবলৈ জামতাৰা সীমান্তৰ সমীপত গাড়ীখন ৰখাবলৈ অনুৰোধ কৰিছিল। অভিযোগ অনুসৰি গাড়ীখন ৰখোৱাৰ লগে লগে এজন নিৰাপত্তাৰক্ষীৰ পৰা ৰাইফল কাঢ়ি লৈ গুলী চলাবলৈ আৰম্ভ কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। তেওঁ ৰক্তাক্ত অৱস্থাত থিতাতে লুটি খাই পৰে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁক বচাব পৰা নগ’ল। ডাক্তৰে সুজিতক মৃত বুলি ঘোষণা কৰে। আৰক্ষীৰ অভিযোগ যে সুজিতে জেলৰ ভিতৰৰ পৰাই এটা গেং চলাইছিল। সেইবাবেই তেওঁক মেদিনীনগৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চাহিবগঞ্জলৈ বদলি কৰা হৈছিল।
ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে আৰক্ষীয়ে। ঝাৰখণ্ড আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও ক্ষীপ্ৰতাৰে জামতাৰা সীমান্তত উপস্থিত হয়। এনকাউন্টাৰৰ পৰিস্থিতিৰ তদন্ত অব্যাহত আছে। প্ৰশাসনে লগতে কয় যে আইন অনুসৰি প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ পালন কৰি তদন্ত সম্পন্ন কৰা হ’ব।





