NORTHEAST NOW (Assamese)

নৱবৰ্ষত জিঅ’ গ্ৰাহকলৈ সুখৱৰ! যিকোনো নেটৱৰ্কলৈ পুনৰ আনলিমিটেড ফ্ৰী কলৰ সুবিধা

December 31, 2020 5:15 pm · এন ই নাও নিউজ

ৰিলায়েন্স জিঅ’ৰ পৰা যিকোনো নেটৱৰ্কলৈ আনলিমিটেড ফ্ৰী কলৰ সুবিধা পুনৰ ঘুৰি আহিছে। নৱবৰ্ষৰ ১ জানুৱাৰিৰ পৰাই এই সুবিধা কাৰ্যকৰী হ’ব।

এতিয়াৰে পৰা জিঅ’ৰ পৰা আন যিকোনো নেটৱৰ্কলৈ বিনামূলীয়া কল কৰিব পৰা যাব। বিগত কেইমাহ ধৰি জিঅ’ৰ পৰা আন নেটৱৰ্কৰ নম্বৰত ফোন কৰিলে সুকীয়া চাৰ্জ লোৱা হৈছিল।

পুৰণি বছৰৰ শেষ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে আন নেটৱৰ্কলৈ ফোনকল চাৰ্জ তুলি দিয়াৰ কথা ঘোষণা কৰিছে ৰিলায়েন্স জিঅ’ই।

যোৱা শুকুৰবাৰে TRAIয়ে ব্যৱস্থাৰ সলনি কৰাৰ পাছতে জিঅ’ই এই সুবিধা পুনৰ ফিৰাই আনিছে।

ৰিলায়েন্স জিঅ’ৰ পৰা জানিবলৈ দিয়া হৈছে যে কথা দিয়া অনুসৰি আন্ত:দেশীয় অফ নেট ফোনকলৰ খৰচ শূন্য কৰি দিয়া হ’ল। ২০২১চনৰ ১ জানুৱাৰিৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব।

আনহাতে, ইমানদিনে জিঅ’ই দি অহা বিনামূলীয়া অন নেট কলৰ সুবিধা অব্যাহত থাকিব বুলি জানিবলৈ দিছে সংস্থাটোৱে।

উল্লেখ্য যে কৃষক আন্দোলনৰ ফলত ৰোষৰ সন্মুখীন হৈছে মুকেশ আম্বানিৰ সংস্থাটো। বহু লোকে কৃষকসকলৰ কাষত থিয় হৈ জিঅ’ নেটৱৰ্ক পৰিত্যাগ কৰিছে। সেইদৰে কৰ’বাত মোবাইল টাৱাৰ ভাঙি পেলাইছে।

এনে পৰিস্থিতিত নিজৰ হৃত জনপ্ৰিয়তা ঘুৰাই অনাৰ স্বাৰ্থতে মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅই চমক দিব বিচাৰিছে বুলি বহুতেই ক’ব খোজে।

Related News