NORTHEAST NOW (Assamese)

সংসদ ভৱনৰ সমীপত সন্দেহজনক ভাৱে ঘূৰি ফুৰা কাশ্মীৰৰ লোকক আটক, উদ্ধাৰ সাংকেতিক ভাষাৰ পত্ৰ

August 26, 2020 2:07 pm · এন ই নাও নিউজ
Updated: August 26, 2020 2:12 pm

ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ষড়যন্ত্ৰ ৰচনা কৰি থকাৰ সময়তে দেশৰ সংসদ ভৱনত পুনৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হ’ব পাৰে বুলি বুলি বিভিন্ন সূত্ৰই তথ্য প্ৰকাশ কৰি আহিছে।

এনে সময়তে আজি সংসদ ভৱনৰ ওচৰত সন্দেহজনক ভাৱেঘূৰি ফুৰা অৱস্থাত পহৰাৰত চি আৰ পি এফৰ দলে এজন লোকক আটক কৰে।

সন্দেহজনক চাল-চলনৰ লোক জনৰ ঘৰ কাশ্মীৰত বুলি লোক জনে জেৰাত প্ৰকাশ কৰিছে।

চি আৰ পি এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লোক জনৰ ঘৰ কাশ্মীৰৰ বুদগামৰ ৰাথছুন বিৰ’ৱা অঞ্চলত বুলি লোক জনে প্ৰকাশ কৰিছে।

তেওঁ কি উদ্দেশ্যলৈ সংসদ ভৱনৰ ওচৰে-পাজৰে ঘূৰি ফুৰিছিল তাৰ কোনো নিশ্চিত কাৰণ প্ৰকাশ কৰিব পৰা নাই।

লোক জনে ক্ষণে প্ৰতি তেওঁৰ ভাষ্য সলাইছে বুলি  চি আৰ পি এফৰ সূত্ৰই প্ৰকাশ কৰিছে। লোক জনৰ পৰা  চি আৰ পি এফে এখন আধাৰ কাৰ্ড আৰু এখন ড্ৰাইভিং লাইচেন্স জব্দ কৰিছে।

লক্ষ্যণীয় কথাটো হ’ল আধাৰ কাৰ্ড খন জনৈক মনজুৰ আহমেদ এহেনগাৰৰ নামত থকাৰ বিপৰীতে ড্ৰাইভিং লাইচেন্স খন আছে জনৈক ফিৰদৌচৰ নামত।

একেজন লোকৰ পৰা দুখনকৈ বেলেগ বেলেগ নামত থকা কাৰ্ডে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে।

লোক জনৰ পৰা  চি আৰ পি এফে সাংকেতিক ভাষাত লিখা এখন পত্ৰও  উদ্ধাৰ কৰিছে।

Related News