আমেৰিকা যুক্তাৰষ্ট্ৰৰ এইবাৰ নিৰ্বাচনত বহুকেইটা অভূতপূৰ্ব অভিলেখৰ সৃষ্টি হৈছে। ডোনাল্ড ট্ৰাম্পক পৰাজিত কৰি দেশখনৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ডেম’ক্ৰেট দলৰ জো বিডেন।
জো বিডেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ বয়সস্থ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। তেওঁৰ বয়স হৈছে ৭৮বছৰ।
১৯৪২ চনৰ ২০ নৱেম্বৰত জো বিডেনে পেনছিলভেনিয়াত জন্মগ্ৰহণ কৰিছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে জো বিডেনক বিশ্বৰ নেতাসকলে অভিনন্দন জনাইছে।
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, জাৰ্মানিৰ চেন্সলৰ এঞ্জেলা মৰ্কেল, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ’, স্পেইনৰ প্ৰধান মন্ত্ৰী পেড্ৰ’ ছান্সেছ, গ্ৰীচৰ প্ৰধান মন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছ আৰু কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডোই বিডেন অভিনন্দন জনায়।
তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে প্ৰথম ভাষণত বিডেনে সকলো মতানৈক্য পাহৰি একতা আৰু সহনশীল সমাজ গঢ়াৰ আহ্বান জনাইছে।
নতুন ডেম’ক্ৰেট ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক ভোট দিয়া-নিদিয়া, ডেম’ক্ৰেট-ৰিপাব্লিকান সকলোকে সহযোগিতামূলক সম্পৰ্ক গঢ়ি তোলাৰ বাবে আহ্বান জনায়।