NORTHEAST NOW (Assamese)

বহুজাতিক কম্পেনি ‘জনছন এন্দ জনছন’ক বিহিলে ৪১০০ কোটি টকাৰ জৰিমনা

August 28, 2019 1:25 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি। DNA Indiaৰ সৌজন্যত।

এমেৰিকান অতিকায় বহুজাতিক তথা জনপ্ৰিয় জনছন এন্দ জনছন দৰৱ কম্পেনিয়ে পুনৰ এবাৰ বৃহৎ পৰিমাণৰ জৰিমনাৰ সন্মুখীন হৈছে। এইবাৰ জৰিমনাৰ পৰিমান ৫৭.২০ কোটি ডলাৰ বুলি জানিব পৰা গৈছে।

কম্পেনিটোৱে সামগ্ৰী সমূহত ক্ষতিকাৰক পদাৰ্থ ব্যৱহাৰ কৰাৰ অভিযোগত এমেৰিকাৰ এখন আদালতে কম্পেনিটোৰ বিৰুদ্ধে এই বৃহৎ পৰিমানৰ জৰিমনা বিহে।

এমেৰিকাৰ চেণ্টাৰ পৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিবেনশ্যন এজেন্সিৰ মতে কম্পেনিটোৱে সামগ্ৰী সমূহত মাৰাত্মক পদাৰ্থ ব্যৱহাৰ কৰে যাৰ ফলত ১৯৯৯ চনৰ পৰা ২০১৭ চনলৈকে দেশখনত প্ৰায় ৪ লাখ লোকে মৃত্যুবৰণ কৰিছে।

লগতে পঢ়ক : সাৱধান! শিশুৰ পণ্যত কেন্সাৰকাৰী পদাৰ্থ, দেশজুৰি বিক্ৰী বন্ধৰ নিৰ্দেশ 

অক্লাহামৰ ক্লেবলেণ্ড কাউণ্টিৰ জিলা আদালতৰ ন্যায়াধীশ থড বাকমেনে নিজৰ ৰায়ৰ জৰিয়তে কয় যে কম্পেনিটোৱে জানি বুজিয়ে নিজৰ লাভৰ বাবে সামগ্ৰী সমূহত ক্ষতিকাৰক পদাৰ্থ থকাৰ কথা আওকান কৰিছে।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত হোৱা লোক সকলৰ চিকিৎসাৰ বাবে দাবী কৰা ধনতকৈ কম্পেনিটোক কম পৰিমানে জৰিমনা বিহা হৈছে বুলিও ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰে।

ৰাজ্য চৰকাৰে ক্ষতিপূৰণ হিচাবে ১৭ আৰব ডলাৰ দাবী কৰিছিল।

আনহাতে ন্যায়াধীশ গৰাকীয়ে কয় যে জনছন এন্দ জনছন কম্পেনিৰ ভুল, ভ্ৰান্ত আৰু বিপদজনক মাৰ্কেটিঙৰ বাবেই বহু লোক মৃত্যুমুখত পৰিছে।

উল্লেখ্য যে এই কম্পেনিটোৰ সামগ্ৰী ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কম্পেনিটোৰ বিৰুদ্ধে প্ৰায় ৬০০০ গোচৰ ৰুজু হৈ আছে।

Related News