• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৪ ঘণ্টাত দুটা দলত যোগদান বিজয়ী পঞ্চায়ত প্ৰাৰ্থীৰ, হাঁহিৰ খোৰাক পাইছে মাৰ্ঘেৰিটাৰ ৰাইজে

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 16, 2018 9:18 pm

2 min read

২৪ ঘণ্টাত দুটা দলত যোগদান বিজয়ী পঞ্চায়ত প্ৰাৰ্থীৰ, হাঁহিৰ খোৰাক পাইছে মাৰ্ঘেৰিটাৰ ৰাইজে
631
VIEWS
Share on FacebookShare on Twitter

কোন দলৰ প্ৰাৰ্থী তেওঁ? এবাৰ যদি কংগ্ৰেছত যোগদান কৰাৰ ফটো দিছে ফে’চবুকত কেইঘণ্টা মানৰ পিছতে আকৌ বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছে নিজৰ চিনাকি! হয়, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ পৰা পঞ্চায়ত নিৰ্বাচনত উঠা এগদৰাকী প্ৰাৰ্থীৰ কাণ্ডই মাৰ্ঘেৰিটাৰ ৰাইজক যথেষ্ট আমোদৰ খোৰাক দিছে।

উল্লেখযোগ্য যে ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় বিজয়ী প্ৰাৰ্থীৰূপে নিৰ্বাচিত অবিনাশ কেৰকেতা নামৰ প্ৰাৰ্থীজনে কংগ্ৰেছত যোগদান কৰা বুলি ১৪ ডিচেম্বৰত দলটোৱে প্ৰচাৰ চলোৱাৰ লগতে দলটোৰ শীৰ্ষ নেতাৰ সৈতে ৰাজীৱ ভৱনত তোলা ফটো ফে’চবুকৰ জৰিয়তে প্ৰকাশ কৰিছিল।

কিন্তু ইয়াৰ বিপৰীতে আজি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু সদৰ মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণৰ উপস্থিতিত অবিনাশ কেৰ্কেতাই বিজেপিত যোগদান কৰে বুলি দলটোৱে যোগদানৰ ফটোসহ সামাজিক মাধ্যমত প্ৰকাশ কৰে। তেওঁৰ সৈতে পঞ্চায়তখনৰ ১০ নং ৱাৰ্ডৰ নিৰ্দলীয় বিজয়ী প্ৰাৰ্থী সৰস্বতী তামাঙেও বিজেপিত যোগদান কৰে বুলি দলটোৱে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে কেৰকেটাই বিজেপিৰ সদৰ মণ্ডলৰ সভাপতি লৈ যোগদানৰ বাবে আবেদন কৰি লিখা এখন পত্ৰত কালি  বজাৰলৈ আহি থাকোঁতে কংগ্ৰেছৰ কেইজনমান কৰ্মীয়ে তেওঁক টানি নি তেওঁলোকৰ দলীয় প্ৰতীক থকা গামোচা ডিঙিত পিন্ধাই ফে’চবুকত প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে আজি সাংবাদিকৰ আগত তেওঁক কংগ্ৰেছৰ সদস্যই বলপূৰ্বক ভাৱে কংগ্ৰেছীকৰণ কৰাৰ কথা অস্বীকাৰ কৰে যদিও বিজেপিত যোগদান কৰাৰ কথা স্বীকাৰ কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd