NORTHEAST NOW (Assamese)

কৰ ফাঁকি দিয়া যান বাহনৰ বিৰুদ্ধে অভিযান যোৰহাটৰ পৰিবহণ বিভাগৰ

February 2, 2022 8:56 am · নিৰ্মলেন্দু পাঠক, টীয়ক

যান বাহনৰ কৰ ফাঁকিৰ বিৰুদ্ধে অভিযানত নামিছে যোৰহাটৰ পৰিবহণ বিভাগ। পৰিবহণ বিভাগৰ এই অভিযানৰ প্ৰতি সঁহাৰি জনাইছে যোৰহাট বাসীয়েও।

এই অভিযানক সফল ৰূপ দিবলৈ পৰিবহণ বিষয়াৰ নেতৃত্বত তিনি ভাগত ভাগ কৰি দিয়া হৈছে কৰ পৰিশোধ অভিযান কাৰী দল।

ইতিমধ্যে কৰ ফাঁকি দিয়া বৃহৎ সংখ্যক যান বাহন জব্দ কৰিছে পৰিবহন বিভাগেl

যোৰহাটৰ পৰিবহণ বিভাগে বন্ধ দিনটো কৰিছে কৰ পৰিশোধৰ কাম।বন্ধ দিনতো পৰিবহণ বিভাগ কাৰ্যালয় খোলা থকা দেখা পোৱা গৈছেl

বিভাগৰ কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতাত পৰিবহণ বিভাগে চলাই গৈছে অভিযান।

বিভাগৰ এই অভিযানত দেওবাৰে ১০ লক্ষাধিক টকা আৰু সোমবাৰে ১৬,৪০,০০০ টকা কৰ সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে বিভাগীয় বিষয়াইl

যোৰহাট বাসীক নিজৰ যান বাহন কৰ পৰিশোধ কৰিবলৈ আহ্বান জনাইছে পৰিবহণ বিভাগে। অন্যথা সংবাদ মাধ্যমৰ যোগেদি কৰ পৰিশোধ কৰিবলৈ থকা যান বাহনৰ গৰাকীৰ নাম সহ প্ৰকাশ কৰা হ’ব বুলি উল্লেখ কৰে বিভাগীয় কৰ্তৃপক্ষই।

Related News