• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নী-পাঁচ মহীয়া কন্যা সন্তানক এৰি কে এল অ’ত যোগদান কৰিলে আক্ৰাছু নেতা জয় প্ৰকাশ বৰ্মনে

কাৰ ভুলৰ বাবে নিষিদ্ধ সংগঠনলৈ সোঁত বৈছে অসমৰ যুৱক-যুৱতীৰ?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 12, 2022 7:07 am
372
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চৌদিশে উন্নয়ন আৰু বিদ্ৰোহৰ যৱনিকা পৰা বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে পুনৰ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনত যোগদানৰ বাবে একাংশ যুৱক- যুৱতী ধাৱমান হোৱা ঘটনাই চৰকাৰৰ দাবীক ভুল বুলি প্ৰমাণিত কৰিছে ৷

চৰকাৰে যদি দাবী কৰা ধৰণে ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি উন্নয়ন কৰিবলৈ সক্ষম হৈছে, তেতিয়াহলে পুনৰ হাতত অস্ত্ৰ তুলি ল’বলৈ কিয় একাংশ যুৱক – যুৱতী যাত্ৰা কৰিলে সেয়া নিশ্চয়কৈ চিন্তনীয় বিষয় হৈ পৰিছে ৷ উল্লেখ্য যে শেহতীয়াভাৱে আলফা (স্বাধীন) ত একাংশ যুৱক- যুৱতীয়ে যোগদান কৰি থকাৰ সময়তে এতিয়া আন এক বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (কে এল অ ) তো সদস্য ভৰ্তি অভিযান চলি থকা বুলি জানিব পৰা গৈছে ৷

দুই বিদ্ৰোহী সংগঠনে হঠাতে সদস্য ভৰ্তি অভিযান আৰম্ভ কৰাত পুনৰ ৰাজ্যখনৰ পৰিৱেশ আগন্তুক দিনত অশান্ত হৈ উঠিব পাৰে নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷ ইপিনে কে এল অত নামনি অসমৰ বিভিন্ন জিলাৰ যুৱকে যোগদান কৰি থকাৰ মাজতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জয়প্ৰকাশ বৰ্মন ওৰফে জোন কোচেও যোগদান কৰা বুলি জানিব পৰা গৈছে ৷ আনকি প্ৰাক্তন আক্ৰাছু সদস্যজনে নিজেই সংবাদ মাধ্যমলৈ এক ভিডিঅ প্ৰেৰণ কৰি কে এল অত যোগদান কৰাৰ কথা ৰাজহুৱা কৰিছে ৷ আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জয়প্ৰকাশ বৰ্মনে নিষিদ্ধ ঘোষিত কে এল অ’ত যোগদানৰ ভিডিঅ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত বিষয়টোকলৈ চৰ্চা আৰম্ভ হৈছে বিভিন্ন মহলত ৷

উল্লেখ্য যে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ঢোলমাৰা হোল্লাগুৰীৰ যুৱক তথা আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জয় প্ৰকাশ বৰ্মন বিবাহিত আৰু দুটি কণমানি সন্তানৰ পিতৃ ৷ দুই কণমানি সন্তানক এৰি যোগদান কৰিছে কে এল অ’ত ৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমযোগে জয় প্ৰকাশ বৰ্মনে নিষিদ্ধ ঘোষিত সংগঠন কে এল অ’ ত যোগদানৰ কথা জানিব পাৰি এতিয়া পৰিয়ালৰ সদস্যসকলৰ মাজত লাগিছে হাহাকাৰ ৷ পৰিয়ালৰ সদস্যসকলৰ আহ্বান জয় প্ৰকাশ ঘৰলৈ ঘুৰি আহক ৷ ইপিনে কে এল অত যোগদান কৰা জয় প্ৰকাশ বৰ্মনে ভিডিঅ’টোত সামৰিক পোচাক পিন্ধি হাতত মাৰণাস্ত্ৰ লৈ নিজৰ পৰিচয় দাঙি ধৰি কয় যে -মই জোন কোচ ওৰফে জয় প্ৰকাশ বৰ্মন, জিলা বঙাইগাঁও ৷ প্ৰথমতে মই গোটেই কোচ কমতাপুৰবাসীক মোৰ তৰফৰ পৰা বিষুৱাৰ শুভেচ্ছা আৰু ধন্যবাদ জনালো৷ এই ভিডিঅ’যোগে কমতাপুৰবাসীক জনাব বিচাৰো যে কোচ কমতাপুৰ বিপন্ন জাতীয় সত্বাক ৰক্ষাৰ অৰ্থে কে এল অৰ গণসংগ্ৰামত যোগদান কৰিলোঁ আৰু আশা কৰো কোচ কমতাপুৰবাসী জনগণৰ আৰ্শীবাদত জাতি মাটি ভেটি ৰক্ষাৰ এই গণ সংগ্ৰামৰ দায়িত্ব আৰু কৰ্তব্য মই নিষ্ঠা সহকাৰে পালন কৰিম ৷ ইয়াৰ লগে লগে কে এল অৰ নেতৃত্বত চলি থকা জাতীয় মুক্তি সংগ্ৰামত বৃহত্তৰ কোচ কমতাপুৰবাসীক সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবেও ভিডিঅ’টোত আহ্বান জনাইছে ৷

লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰক ১৯৪৯ চনৰ ২৮ আগষ্টত চুক্তিকৃত ‘কোচবিহাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট অনুসৰি বৃহত্তৰ কোচ কমতাপুৰ ৰাজ্যখন অচিৰেই ঘুৰাই দিবলৈ আহ্বান জনায় ৷ অন্যথা কেন্দ্ৰীয় চৰকাৰে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ভিডিঅ’টোত উল্লেখ কৰি যিকোনো পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰেই দায়ী হ’ব বুলিও কয় ৷ ভিডিঅটোৰ শেষত পুনৰাই কোচ কমতাপুৰবাসী জনতাক ধন্যবাদ জনায় আৰু জয় আই কমতাপুৰ বুলি সামৰণি মাৰে ৷ ইপিনে যুৱকজনৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে দুমাহমান পূৰ্বে কামৰ সন্ধানত বাহিৰলৈ যোৱাৰ কথা প্ৰকাশ কৰি ঘৰৰ পৰা ওলাই গৈছিল জয় প্ৰকাশে ৷

ঘৰৰ পৰা ওলাই যোৱাৰ পিচত দুদিন মান ফোন কৰিছিল যদিও তাৰ পিচত আৰু ফোন নকৰা বুলিও কয় ৷ পিতৃক ঘৰলৈ আহিব বুলিও কৈ গৈছিল যদিও অৱশেষত পৰিয়ালৰ লোকে খবৰ পালে জয় প্ৰকাশে কে এল অ’ত যোগদান কৰাৰহে ৷ এতিয়া এই খবৰ জনাৰ পিচতে দুখত ভাগি পৰিছে পৰিয়ালটোৱে ৷

পাঁচ মহীয়া কন্যা সন্তানক কোলাত লৈ ঘৰলৈ ঘূৰি আহিবলৈ স্বামী জয় প্ৰকাশক বিনম্ৰ অনুৰোধ জনাইছে তেওঁৰ পত্নীয়ে ৷ লগতে জয় প্ৰকাশৰ পিতৃয়ে কণমানি সন্তান দুটিক লৈ কেনেকৈ সংসাৰ চলাব,তাকে ভাৱি উৱাদিহ নোপোৱাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি তেওঁক মূলসুঁতিলৈ ঘুৰি আহিবলৈ আহ্বান জনাইছে ৷ ৰাজ্যখনত শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ বাবে চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ মাজতে দুই বিদ্ৰোহী সংগঠনলৈ একাংশ নতুন যুৱক – যুৱতীৰ গমনে এতিয়া চৰকাৰৰ সকলো প্ৰচেষ্টাক বিফল কৰিব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে ৷

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd