• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিভ্ৰমী পক্ষী হত্যা কৰা দুষ্কৃতিকাৰীক হাতে-লোটে আটক জয়সাগৰ আৰক্ষীৰ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , January 25, 2019 9:08 pm

2 min read

পৰিভ্ৰমী পক্ষী হত্যা কৰা দুষ্কৃতিকাৰীক হাতে-লোটে আটক জয়সাগৰ আৰক্ষীৰ
686
VIEWS
Share on FacebookShare on Twitter

শীতৰ আগমনৰ লগে লগে প্ৰতি বছৰে সাত সাগৰ তেৰ নদী পাৰ হৈ ঐতিহাসিক শিৱসাগৰ জিলৰ ৰূপহী পথাৰত পৰিভ্ৰমী পক্ষীৰে ভিৰ কৰেহি। কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে ফুৰাডন জাতীয় কীটনাশক দৰৱ দি কিছু দিনৰ পৰা ব্যাপক হাৰত এই পৰিভ্ৰমী পক্ষী সমূহ নিধন কৰি আহিছে।

আজি ৰূপহী পথাৰৰ সংলগ্ন পুৰণিপুখুৰীপাৰৰ নিবাসী বাবু দাস নামৰ এটা দুষ্কৃতিকাৰীয়ে পক্ষী হত্যা কৰি ঘৰলৈ আনি থকা অৱস্থাত জয়সাগৰ আৰক্ষীয়ে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।

পিছত জয়সাগৰ আৰক্ষীয়ে দুষ্কৃতিকাৰীটোক বন বিভাগৰ হাতত গতাই দিয়ে। বন বিভাগে পিছত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰাৰ লগতে গোচৰৰ ভিত্তিত জিলা দণ্ডাধীশৰ আগত হাজিৰ কৰোৱাই জে’ললৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰূপহী পথাৰত বিগত বৰ্ষসমূহৰ দৰে এই বছৰো সুদূৰ চাইবেৰিয়া, অষ্ট্ৰেলিয়া আদি দেশৰ পৰা ৰাজহাঁহ, ধৃতৰাজ, ফুটুকী হাঁহ, কাম চৰাই, বগলী, ডাউক আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে আশ্ৰয় লয়হি। কিন্তু দুষ্কৃতিকাৰীয়ে প্ৰতিবছৰে এই পক্ষী সমূহ নিধন কৰি আহিছে।

আনহাতে অসম চৰকাৰৰ বন সংমণ্ডল নামৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো বৰ্তমানলৈকে পক্ষী সমূহ সংৰক্ষণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰিলে।

ইফালে পৰিভ্ৰমী পক্ষী সমূহ কীটনাশক ঔষধ দি দুষ্কৃতিকাৰীয়ে ব্যাপক হাৰত নিধন কৰি থাকৰ বিষয়টো স্থানীয় ৰাইজে দুদিনৰ পূৰ্বেই অৱগত কৰিছিল যদিও বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd