• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 4, 2025 11:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে দেশৰ ন্যায়পালিকাৰ স্বাধীনতা আৰু জনসাধাৰণৰ আস্থা বিষয়ক লৈ এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। ব্ৰিটেইনৰ উচ্চতম ন্যায়ালয়ে আয়োজন কৰা এক মেজমেলত প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰভাৱ, কলেজিয়াম ব্যৱস্থাৰ প্ৰয়োজনীয়তা, অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ ৰাজনৈতিক সম্পৰ্ক আদিৰ ওপৰত নিজৰ মতামত দাঙি ধৰে।

মুখ্য ন্যায়াধীশ গাভাইয়ে কয়, “ভাৰতত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কোনে মূল ভূমিকা পালন কৰিব সেই প্ৰশ্নটো দীৰ্ঘদিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ১৯৯৩ চনলৈকে কাৰ্য্যপালিকাই এই নিযুক্তি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পিছত দুবাৰকৈ ভাৰতৰ মুখ্য ন্যায়াধীশৰ নিযুক্তিত আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশসকলক আওকাণ কৰা হৈছিল।”

Apply Now

আলোচনাত তেওঁ কয় যে এই দুয়োটা ঘটনা ন্যায়পালিকাৰ পৰম্পৰা বিৰুদ্ধ। ১৯৬৪ চনত ন্যায়াধীশ চৈয়দ জাফৰ ইমামে শাৰীৰিক অসুস্থতাৰ বাবে নিযুক্তি নাপালে আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ন্যায়াধীশ পি বি গজেন্দ্ৰগদকাৰৰ নাম দিবলৈ পৰামৰ্শ দিয়ে। তাৰ পাছত ১৯৭৭ চনত ইন্দিৰা গান্ধী চৰকাৰে ‘এডিএম জবলপুৰ বনাম শিৱকান্ত শুক্লা’ গোচৰত মৌলিক অধিকাৰৰ ক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰাৰ বাবে ন্যায়াধীশ হন্সৰাজ খান্নাক আওকাণ কৰে। এই কথা উল্লেখ কৰাৰ পিছত মুখ্য ন্যায়াধীশে কয়, ‘এই ৰাজনৈতিক হস্তক্ষেপৰ প্ৰতি সঁহাৰি জনাই ১৯৯৩ আৰু ১৯৯৮ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানত এই কথা প্ৰতিষ্ঠা কৰা হৈছিল যে ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু চাৰিজন জ্যেষ্ঠ ন্যায়াধীশেৰে গঠিত কলেজীয়ামে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ পৰামৰ্শ দিব।’

লগতে তেওঁ কয় যে ২০১৫ চনত উচ্চতম ন্যায়ালয়ে ‘ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ আইন’ক বাতিল কৰিছিল। এই আইনখনে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কাৰ্যপালিকাক অগ্ৰাধিকাৰ দিছিল, যাৰ ফলত ন্যায়পালিকাৰ স্বাধীনতাক ক্ষতিগ্ৰস্ত হৈছিল।

ন্যায়াধীশ গাভাইয়ে বিশেষভাৱে জোৰ দি কয় যে, ‘কলেজিয়াম ব্যৱস্থাৰ সমালোচনা হ’ব পাৰে, কিন্তু যিকোনো বিকল্প ব্যৱস্থাই যদি ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ চৰ্ত পূৰণ নকৰে তেন্তে ই গ্ৰহণযোগ্য নহয়।’

ইয়াৰ উপৰি মুখ্য ন্যায়াধীশ গাভাইয়েও অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে চৰকাৰী পদবী লোৱা বা ৰাজনীতিত অংশ লোৱাক লৈও গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, “যদি কোনো ন্যায়াধীশে অৱসৰ লোৱাৰ লগে লগে ৰাজনীতিত যোগদান কৰে, বা ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে স্বাভাৱিকতে জনমানসত প্ৰশ্ন উত্থাপন হ’ব। ইয়াৰ ফলত ন্যায়পালিকাৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা ক্ষতিগ্ৰস্ত হয়। ভৱিষ্যতে চৰকাৰী পদ এটা পোৱাৰ আশাত ন্যায়িক সিদ্ধান্ত প্ৰভাৱিত হোৱাৰ আশংকা আছে।”

তেওঁ কয়, এই কাৰণেই মই আৰু মোৰ বহু সহকৰ্মীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছো যে আমি অৱসৰৰ পিছত কোনো চৰকাৰী পদ গ্ৰহণ নকৰো, যাতে ন্যায়পালিকাৰ মৰ্যাদা আৰু স্বাধীনতা সুৰক্ষিত হয়।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বৈঠকত ভাৰতৰ ন্যায়াধীশ বিক্ৰম নাথ, ইংলেণ্ড আৰু ৱেলছৰ লেডী মুখ্য ন্যায়াধীশ বেৰনেছ কাৰ্, যুক্তৰাজ্যৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জৰ্জ লেগাট উপস্থিত থাকে। এই আন্তঃৰাষ্ট্ৰীয় আলোচনাত মুখ্য ন্যায়াধীশ গাভাইয়ে ন্যায়পালিকাৰ নিৰপেক্ষতা আৰু জনসাধাৰণৰ আস্থাৰ বিষয়ত ভাৰতৰ স্থিতি স্পষ্টভাৱে দাঙি ধৰে।

এই বৃহৎ পৰিসৰৰ আলোচনাত দেশত অতীতৰ ৰাজনৈতিক হস্তক্ষেপক সমালোচনা কৰাৰ উপৰিও মুখ্য ন্যায়াধীশ গাভাইয়ে বৰ্তমানৰ ন্যায়িক ব্যৱস্থাৰ মৌলিক দিশসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত স্পষ্ট স্থিতি গ্ৰহণ কৰে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd