• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মহিলা সংৰক্ষণ বিধেয়কো ‘জুমলা’! অভিযোগ বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 8:31 pm
Women's Reservation Bill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি লোকসভাত উত্থাপন কৰা হ’ল বহুচৰ্চিত মহিলা সংৰক্ষণ বিধেয়ক। নতুন সংসদ ভৱনৰ প্ৰথম অধিৱেশনতে এই গুৰুত্বপূৰ্ণ বিধেয়কখন উত্থাপন কৰা হয়। মহিলাৰ নেতৃত্ব বিকাশত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এই বিধেয়কক এক ইতিবাচক পদক্ষেপ বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন উত্থাপন কৰাৰ পিছতে অধিকাংশ বিৰোধী দলে বিধেয়কখনক আদৰণি জনায় যদিও ইয়াৰ বিধানসমূহ বিতংভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুই বিৰোধী দল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে বিধেয়কখনক লৈ প্ৰকাশ কৰে মিশ্ৰিত প্ৰতিক্ৰিয়া।

Apply Now

অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত এই বিধেয়কখনৰ আধাৰত আশাব্যঞ্জক সঁহাৰি লাভৰ আশাতে নিৰ্বাচনৰ প্ৰাকক্ষণত বিধেয়কখন উত্থাপন কৰাত বিজেপিয়ে বিলম্ব কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে। বিৰোধী দলটোৱে লগতে বিধেয়কখনৰ ওপৰত অধিকাৰস্বত্বও দাবী কৰে।

কংগ্ৰেছে দাবী কৰে যে এই বিধেয়কখন দৰাচলতে ২০১০ চনত প্ৰথমবাৰৰ বাবে মনমোহন সিং চৰকাৰে দাখিল কৰিছিল আৰু ২০১৯ চনত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখা এখন চিঠিৰ প্ৰধান বিষয়বস্তু আছিল। দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে বিধেয়কখনক ‘নিৰ্বাচনী জুমলা’ আখ্যা দিয়ে।

জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে বিধেয়কখনক কোটি কোটি ভাৰতীয় মহিলা আৰু যুৱতীৰ আশাৰ প্ৰতি বৃহৎ প্ৰতাৰণা বুলি গৰিহণা দিয়ে। আনহাতে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ৰাজনৈতিক দলসমূহক মহিলাৰ অধিকাৰ নিশ্চিত কৰিবলৈ শিক্ষিত মহিলা প্ৰাৰ্থী বাছনি কৰিবলৈ আহ্বান জনায়।

ইফালে কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা ৰাজ্যসভাৰ সাংসদ কপিল ছিবালেও বিধেয়কনক বিজেপিৰ ‘ৰাজনৈতিক লাভ’ৰ আধাৰ আখ্যা দিয়ে। বিজেপিয়ে দেশৰ মহিলাসকলক বিধেয়কখনৰ জৰিয়তে এটা ‘ঐতিহাসিক’ কাম কৰিলে বুলি জনাব বিচাৰে যদিও ২০১৪ চনতে মোদী ক্ষমতালৈ আহোতে কিয় কৰা নহ’ল বুলি প্ৰশ্ন কৰে।

তেওঁ লগতে বিধেয়কখনৰ জৰিয়তে ২০২৯ চনত ৰিজাৰ্ভচন পাব বুলি মহিলাক কেৱল সপোন দেখুৱাইছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ আনে। আন এটা বিৰোধী দল আপে বিধেয়কখনৰ জৰিয়তে মহিলাক বুৰ্বক সজোৱাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰে।

আপৰ বিধায়ক আতিশীয়ে ভাৰতীয় জনতা পাৰ্টিয়ে মহিলা অধিকাৰৰ বিষয়ত আগ্ৰহ থকা বুলি কেৱল অভিনয় কৰাৰ অভিযোগ উত্থাপন কৰে আৰু বিধেয়কখন ভালদৰে পঢ়িলে ‘মহিলাক বুৰ্বক সজাওক’ বিধেয়ক হিচাপেহে দেখা যাব বুলি দাবী কৰে।

আতিশীৰ মতে, এই বিধেয়কখন চলিত সপ্তাহত সংসদে গৃহীত কৰা বুলি ধৰি ল’লেও ২০২৯ চনৰ নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাই। তেওঁ কয় যে ইয়াক সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু ২০২৭ চনৰ লোকপিয়ল কৰাৰ পিছতহে কাৰ্যকৰী কৰিব পৰা যাব।

বিধেয়কখনত কিয় সীমা নিৰ্ধাৰণ আৰু লোকপিয়লৰ বিধান অন্তৰ্ভুক্ত কৰা হৈছে বুলি প্ৰশ্ন কৰি আপ নেত্ৰীগৰাকীয়ে এই বিধানসমূহ আঁতৰাই মহিলাৰ সংৰক্ষণ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ দাবী জনায়। তেওঁ লগতে সকলো চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰো পোষকতা কৰে।

ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেত্ৰী বৃন্দা কাৰাটৰ অভিযোগ, বিজেপিয়ে ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বেই বিধেয়কখনৰ প্ৰতিশ্ৰুতি দিছিল; কিন্তু এতিয়াহে তেওঁলোকে এই বিধেয়কখন উত্থাপন কৰিছে। বিধেয়কখনৰ কাৰ্যকৰীকৰণত বিলম্বৰ দ্বাৰা আৰু কেইবাটাও বছৰলৈ মহিলাসকল বৈষম্যৰ চিকাৰ হ’ব বুলি তেওঁ অভিযোগ কৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি লোকসভাত এই মহিলা সংৰক্ষণ বিধেয়কখন উত্থাপন কৰে। বিধেয়কখনৰ জৰিয়তে সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে।

বুধবাৰে লোকসভাত বিধেয়কখনৰ ওপৰত আলোচনা হ’ব আৰু বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd