• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

চিকিৎসা কৰ্মীসকলে কয় যে এই ঘটনাই চৰকাৰী চিকিৎসালয়ত নিশা কৰ্তব্যৰত স্বাস্থ্যকৰ্মী বিশেষকৈ মহিলা চিকিৎসকৰ নিৰাপত্তাৰ দিশটো উদঙাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 1:17 pm
ফটোঃ এ আই।

ফটোঃ এ আই।

111
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত নৈশ কৰ্তব্যৰ সময়ত এগৰাকী মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱা হয়। বাধা দিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে। এই অভিযোগ বিজেপি যুৱ মৰ্চাৰ এজন নেতাৰ বিৰুদ্ধে।

মধ্যপ্ৰদেশৰ সাগৰ জিলাত বৃহস্পতিবাৰে মাজ নিশা সংঘটিত হয় এই ঘটনা। প্ৰতিবাদত সৰৱ হৈছে চিকিৎসক মহল। ২৪ ঘন্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে ৰাজ্যজুৰি ধৰ্মঘট আৰম্ভ কৰাৰ হুংকাৰ দিছে মধ্যপ্ৰদেশ কনিষ্ঠ চিকিৎসক সন্থাই।

Apply Now

চিকিৎসা কৰ্মীসকলে কয় যে এই ঘটনাই চৰকাৰী চিকিৎসালয়ত নিশা কৰ্তব্যৰত স্বাস্থ্যকৰ্মী বিশেষকৈ মহিলা চিকিৎসকৰ নিৰাপত্তাৰ দিশটো উদঙাই দিছে। এগৰাকী প্ৰতিবাদকাৰী চিকিৎসকে কয় যে চিকিৎসালয়খনৰ ভিতৰত চিকিৎসকসকল নিজেই সুৰক্ষিত নহয়।

অভিযুক্তৰ নাম অনিল শ্ৰীবাস্তৱ। মধ্যপ্ৰদেশ ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য। কৰ্তব্যৰত অৱস্থাত যৌন নিৰ্যাতন চলোৱা এগৰাকী মহিলা চিকিৎসকৰ অভিযোগৰ ভিত্তিত শ্ৰীবাস্তৱ আৰু তেওঁৰ এগৰাকী সহযোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজনৰ সন্ধানত তালাচী অভিযান অব্যাহত আছে।

বৃহস্পতিবাৰে পুৱা প্ৰায় ২ বজাত লক্ষ্মী তিৱাৰী নামৰ এগৰাকী ৰোগীক সাগৰ জিলাৰ বুণ্ডেলখণ্ড চিকিৎসা মহাবিদ্যালয়লৈ অনা হয়। অভিযোগ অনুসৰি চিকিৎসাৰ সময়ত ৰোগীজনৰ লগত থকা অনিল শ্ৰীবাস্তৱ আৰু তেওঁৰ সংগীয়ে স্বাস্থ্যকৰ্মীৰ সৈতে অসৎ আচৰণ কৰিবলৈ আৰম্ভ কৰে।

তাত উপস্থিত মহিলা চিকিৎসকে প্ৰতিবাদ কৰাৰ সময়ত শ্ৰীবাস্তৱে যৌন নিৰ্যাতন চলায়। একে সময়তে বিজেপি যুৱ মৰ্চাৰ নেতাগৰাকীয়ে মহিলা চিকিৎসকগৰাকীক ভাবুকি দি কয় যে চিকিৎসালয়ৰ বাহিৰত ভৰি দিলেই গুলী চলিব। অভিযুক্ত দুজনে লগতে নাৰ্ছসকলকো দুৰ্ব্যৱহাৰ কৰি ভাবুকি প্ৰদান কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষক নৰেন্দ্ৰ সোলংকিয়ে কয় যে মহিলা চিকিৎসকগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত বিজেপি যুৱ মৰ্চাৰ নেতা আৰু তেওঁৰ সংগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। অতি সোনকালে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

ইপিনে, চিকিৎসা মহাবিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে। সাময়িকভাৱে চিকিৎসা সেৱা ব্যাহত হৈ পৰে। প্ৰতিবাদকাৰী চিকিৎসকসকলে অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

আৰক্ষী আৰু প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াৰ আশ্বাসৰ পিছতে সাময়িকভাৱে বাতিল কৰা হৈছে প্ৰতিবাদ। অৱশ্যে ২৪ ঘন্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে ৰাজ্যজুৰি ধৰ্মঘট আৰম্ভ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে কনিষ্ঠ চিকিৎসক সন্থাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd