• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ মাজত এক সুস্থ ভাৰসাম্য ৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তাৰে আজি ৮ আগষ্ট, শনিবাৰে গুৱাহাটীত এক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়। ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’-ৰ উদ্যোগত আয়োজিত "উন্নয়ন আৰু বহনক্ষমতাৰ ভাৰসাম্য: সাম্প্ৰতিক ধাৰা" (Balancing Development and Sustainability: Recent Trends) শীৰ্ষক এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2026 10:14 pm
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ মাজত এক সুস্থ ভাৰসাম্য ৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তাৰে আজি ৮ আগষ্ট, শনিবাৰে গুৱাহাটীত এক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়। ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’-ৰ উদ্যোগত আয়োজিত “উন্নয়ন আৰু বহনক্ষমতাৰ ভাৰসাম্য: সাম্প্ৰতিক ধাৰা” (Balancing Development and Sustainability: Recent Trends) শীৰ্ষক এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। এক সময়োপযোগী দৃষ্টিভংগীৰে সমৃদ্ধ তেখেতৰ এই বক্তৃতাত অসমৰ শেহতীয়া বান পৰিস্থিতিৰ কাৰণ বিশ্লেষণৰ লগতে পৰিৱেশ সুৰক্ষাৰ সাংবিধানিক আৰু আইনী দিশসমূহৰ ওপৰত ন্যায়াধীশ ভূঞাই গভীৰভাৱে আলোকপাত কৰে।

 

Apply Now

বক্তৃতা প্ৰসংগত ন্যায়াধীশ ভূঞাই ৰাজ্যখনত, বিশেষকৈ শিৱসাগৰ আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত সৃষ্টি হোৱা ভয়াৱহ আৰু আকস্মিক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। তেখেতে স্পষ্ট কৰি দিয়ে যে জলবায়ু পৰিৱৰ্তন আচলতে পৰিৱেশ অৱক্ষয়ৰ এক প্ৰত্যক্ষ পৰিণামহে, সেয়েহে জলবায়ু পৰিৱৰ্তনৰ পূৰ্বে পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ বিষয়ে আলোচনা হোৱাটো বাঞ্চনীয়। গুৱাহাটী বিশ্ববিদ্যালয় আৰু আই আই টি ৰুৰকীৰ বিশেষজ্ঞসকলৰ মতৰ উদ্ধৃতি দি তেখেতে কয় যে বানপানীৰ বহুতো কাৰণ থাকিব পাৰে, কিন্তু ৰাজ্যখনৰ উক্ত অঞ্চলসমূহত চলি থকা অনিয়ন্ত্ৰিত তথা অবৈজ্ঞানিক খনন কাৰ্য আৰু নিৰৱচ্ছিন্নভাৱে হৈ থকা বনাঞ্চল ধ্বংসই এই দুৰ্যোগৰ অন্যতম প্ৰধান কাৰণ। বানপীড়িতসকলক সাহায্য প্ৰদান কৰাটো অতি জৰুৰী যদিও ই কেৱল এক সাময়িক উপশম বা মলম লগোৱাৰ দৰেহে, সেয়েহে এনে পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে ৰাজ্যখনত এক সকৰাত্মক আলোচনাৰ প্ৰয়োজন বুলি তেখেতে মত প্ৰকাশ কৰে।

 

প্ৰাকৃতিক দুৰ্যোগৰ কোনো ধৰ্ম বা জাতি নাথাকে বুলি উল্লেখ কৰি ন্যায়াধীশ ভূঞাই কয় যে বানপানীয়ে হিন্দু, মুছলিম, জনজাতীয় বা অ-জনজাতীয় কাৰো মাজত কোনো প্ৰভেদ নাৰাখে, ই সকলোকে সমানে উটুৱাই লৈ যায়। সেয়েহে এনে সংকটৰ সময়ত সমাজত কৃত্ৰিমভাৱে সৃষ্টি কৰা ৰাজনৈতিক বা সামাজিক বিভাজনসমূহ পৰিহাৰ কৰি সকলোৱে একগোট হৈ সমাজৰ মূল সমস্যাসমূহৰ সন্মুখীন হোৱা উচিত বুলি তেখেতে আহ্বান জনায়। ‘অতুল মিশ্ৰ’ গোচৰৰ ৰায়দানৰ প্ৰসংগ উল্লেখ কৰি তেখেতে মুক্ত বাক-স্বাধীনতা আৰু সামাজিক ভাতৃত্ববোধৰ গুৰুত্বও দোহাৰে।

 

ভাৰতীয় সংবিধানৰ আধাৰত পৰিৱেশ সুৰক্ষাৰ আইনী বিকাশ সম্পৰ্কে বিশ্লেষণ কৰি ন্যায়াধীশ ভূঞাই কয় যে ১৯৫০ চনত সংবিধান কাৰ্যকৰী হোৱাৰ সময়ত পৰিৱেশৰ কথা পোনপটীয়াকৈ উল্লেখ নাছিল যদিও ১৯৭২ চনৰ ষ্টকহ’ম সন্মিলনৰ সিদ্ধান্তসমূহৰ আধাৰত ১৯৭৬ চনত ৪২তম সংবিধান সংশোধনীৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ দুটা অতি গুৰুত্বপূৰ্ণ ধাৰা অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰে ৪৮-ক অনুচ্ছেদে ৰাজ্য বা চৰকাৰক পৰিৱেশ আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ বাবে নিৰ্দেশ দিয়ে, আৰু ৫১-ক (জি) অনুচ্ছেদে প্ৰতিজন নাগৰিকৰ বাবে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা তথা জীৱ-জন্তুৰ প্ৰতি দয়াভাৱ ৰখাটো মৌলিক কৰ্তব্য হিচাপে নিৰ্ধাৰণ কৰে। তেখেতে লগতে কয় যে ১৯৭৭ চনত শাসনলৈ অহা নতুন চৰকাৰৰ তদানীন্তন আইন মন্ত্ৰী শান্তি ভূষণে তীব্ৰ ৰাজনৈতিক মতভেদ আৰু জনসাধাৰণৰ দাবী থকা সত্ত্বেও এই জনহিতকৰ ধাৰাসমূহ সংবিধানত বাহাল ৰাখি এক মহানুভৱতাৰ পৰিচয় দিছিল, যাৰ বাবেই আজিও সংবিধানে পৰিৱেশ সংৰক্ষণৰ শক্তিশালী আইনী ভেটি হিচাপে কাম কৰি আছে।

 

বক্তৃতাৰ শেষৰ ফালে তেখেতে সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ অৰ্থাৎ ‘জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ’ৰ ঐতিহাসিক সম্প্ৰসাৰণ সম্পৰ্কেও বাখ্যা কৰে। ১৯৫০ চনৰ এ. কে. গোপালন গোচৰৰ সংকীৰ্ণ আইনী ধাৰণাক অতিক্ৰম কৰি ১৯৭৮ চনৰ মেনকা গান্ধী গোচৰৰ জৰিয়তে ভাৰতীয় আইন ব্যৱস্থাত আমেৰিকান ধাৰণা ‘ডিউ প্ৰচেছ অৱ ল’ (Due process of law) অৰ্থাৎ আইনী প্ৰক্ৰিয়া যে ন্যায্য, যুক্তিসংগত আৰু বৈষম্যহীন হ’ব লাগিব, সেয়া কিদৰে প্ৰতিষ্ঠা হ’ল তাৰ ঐতিহাসিক আইনী যাত্ৰা তেখেতে বৰ্ণনা কৰে। ইয়াৰ লগতে ১৯৫০ চনতেই প্ৰাকৃতিক ন্যায়ৰ নীতিৰ সপক্ষে ন্যায়াধীশ ফজল আলীয়ে আগবঢ়োৱা দূৰদৰ্শী সুকীয়া মতামত পৰৱৰ্তী সময়ত কেনেদৰে স্বীকৃতি পালে, সেয়াও তেখেতে উল্লেখ কৰে।

 

এই বিশেষ বক্তৃতানুষ্ঠান খনৰ সভাপতিত্ব কৰে বিশিষ্ট চিন্তাবিদ অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই। অনুষ্ঠানটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ মাইকেল জ’থানখুমা, গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচনৰ সভাপতি কমল নয়ন চৌধুৰী, উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক আৰু অন্যান্য ন্যায়াধীশসকলৰ লগতে ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট অধিবক্তা, পৰিৱেশকৰ্মী তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd