• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

ন্যায়াধীশ উজ্জ্বল ভূঞা আমাৰ গৌৰৱ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 25, 2026 4:39 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো মানুহ মৰি যোৱা নাই। সকলো মানুহ বিক্ৰী হৈ যোৱা নাই। সকলো মানুহে নিজৰ বিবেকক বিসৰ্জন দিয়া নাই। আমি যিমানে চিঞৰি নাথাকোঁ কিয়, কোনো কোনো সময়ত একোটাহঁত নিৰ্দিষ্ট পদবীত থকা, এখন উচ্চ আসনত থকা মানুহ এজনে যেতিয়া কথা এটা কয়, পক্ষ-নিৰপেক্ষ কৰি থকা সকলোৱে তেওঁৰ কথাটো শুনে। কথাটোত গুৰুত্ব দিয়ে। সেইকাৰণেই কালি পুণাৰ ILS Law College ত Principal G.V. Pandit Memorial Lecture seriesত “Constitutional Morality and Democratic Governance,” অৰ্থাৎ “সাংবিধানিক নৈতিকতা আৰু গণতান্ত্রিক শাসন” শীৰ্ষক বক্তৃতা দি অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞাই উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম পদ্ধতি সম্পৰ্কে কোৱা কথা কেইষাৰ অতি গুৰুত্বপূৰ্ণ।

ইয়াৰ অৰ্থ কি? ন্যায়পালিকা স্বতন্ত্ৰ। কাৰ্যপালিকাই কেতিয়াও ন্যায়পালিকাৰ কাৰ্য সম্পাদনত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব। কিন্তু কাৰ্যতঃ আমি কি দেখিছোঁ, বিশেষকৈ বিজেপিৰ যোৱা ১১/১২ বছৰীয়া কাৰ্যকালত? আমি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ন্যায়পালিকাৰ ওপৰত কাৰ্যপালিকাই হস্তক্ষেপ কৰা দেখিছোঁ। ইয়াৰ আগতে ন্যায়পালিকাৰ ওপৰত চৰকাৰে হস্তক্ষেপ কৰিছিল জৰুৰীকালীন অৱস্থাৰ সময়ত, ইন্দিৰা গান্ধীৰ দিনত। তেৱোঁ তেতিয়া Committed Judiciary, অৰ্থাৎ চৰকাৰৰ প্ৰতি দায়বদ্ধ ন্যায়পালিকাৰ কথা কৈছিল। কিন্তু জৰুৰীকালীন অৱস্থা আছিল মাত্ৰ ২১ মাহৰ কাৰণে। তেতিয়াৰ লগত এতিয়াৰ কোনো তুলনাই নহয়। এতিয়াৰ পৰিস্থিতি অধিক ভয়াবহ।

Apply Now

চৰকাৰে কেনেকৈ ন্যায়পালিকাৰ ওপৰত হস্তক্ষেপ কৰে? তিনি ধৰণে: উচ্চ ন্যায়ালয়সমূহ আৰু উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তি দিওঁতে, ন্যায়াধীশৰ বদলি কৰোঁতে আৰু কোনটো বিচাৰপীঠে কোনটো গোচৰৰ শুনানি গ্ৰহণ কৰিব— অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়াধীশসকলৰ মাজত গোচৰবোৰ ভগাই দিয়াৰ সময়ত আৰু ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশসকলৰ মাজত বা বিচাৰপীঠবোৰৰ মাজত মোকৰ্দমাবোৰ ভগাই দিয়াৰ সময়ত।

মনত আছেনে? সেই যে ২০১৮ চনৰ ১২ জানুৱাৰীৰ দিনা, সেই সময়ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ পিছতে আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ জাষ্টিচ চেলামেশ্বৰৰ বাসগৃহত, নতুন দিল্লীত উচ্চতম ন্যায়ালয়ৰ চাৰি গৰাকী ন্যা য়াধীশ— তেতিয়াৰ ভাৰতৰ মুখ্য ন্যা্য়াধীশ দীপক মিশ্ৰৰ পিছৰ চাৰিজন জ্যেষ্ঠতম ন্যায়াধীশ: ন্যায়াধীশ জাষ্টিচ চেলামেশ্বৰ (তেতিয়া মুখ্য বিচাৰপতিৰ পিছৰ জ্যেষ্ঠতম), ন্যায়াধীশ ৰঞ্জন গগৈ (পিছলৈ তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল), ন্যায়াধীশ মদন বি. লোকুৰ আৰু ন্যায়াধীশ কুৰিয়ান জোচেফে এখন সংবাদ মেল সম্বোধন কৰিছিল? তাৰ মূল বিষয়টো কি আছিল? তেতিয়াৰ ভাৰতৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই মোকৰ্দমাবোৰ ভগাই দিওঁতে কৰা পক্ষপাতিত্ব। এই পক্ষপাতিত্বৰ মূলতে আছিল ন্যায়পালিকাৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ। সেইকাৰণেই উপায়বিহীন হৈ সেই চাৰিজন জ্যেষ্ঠ ন্যায়াধীশে ন্যায়পালিকাৰ ইতিহাসত কোনো দিনে নঘটা সংবাদ মেলৰ আশ্ৰয় ল’ব লগা হৈছিল। তেওঁলোকে ভাৰতত ন্যায়পালিকাৰ স্বতন্ত্ৰতা সুৰক্ষিত কৰিবলৈ উপায়বিহীন হৈ দেশৰ জনসাধাৰণলৈ সংবাদ মাধ্যমৰ যোগেদি গোহাৰি জনাইছিল।

সেই ঘটনাটোৱে দেশৰ ভিতৰে-বাহিৰে বৰ বেলেগ ধৰণৰ খলকনি তুলিছিল। বিভিন্ন মঞ্চত ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ কথাটো আলোচনা হৈছিল। তাৰ পিছত, প্ৰখ্যাত আইনজ্ঞ ফলি এচ নাৰিমাণে তেওঁৰ ‘God Save The Hon’ble Supreme Court’ নামৰ কিতাপখনৰ ‘The Citadel Never Falls: Except from Within’ নামৰ অধ্যায়টোত বিশদভাৱে ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ কথাটো আলোচনা কৰিছিল। সেই কিতাপখনৰ ১৩১ পৃষ্ঠাত তেওঁ কোৱা কথাখিনি বৰ গুৰুত্বপূৰ্ণ— “Disharmony between the government and the courts is a different matter—if there were complete harmony between them, this country will not be worth living in!” অৰ্থাৎ চৰকাৰ আৰু আদালতৰ মাজত অমিল এটা বেলেগ কথা— কিন্তু তেওঁলোকৰ মাজত যদি কোনো কথাতে কোনো অমিল নহয়, তেন্তে সেই দেশ বাসযোগ্য হৈ নাথাকে। বৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।

ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ বিষয়ে অনবৰতে মাত মাতি অহা অইন এগৰাকী আইনবিদ হৈছে উচ্চতম ন্যায়ালয়ৰ মানৱাধিকাৰ অধিবক্তা প্ৰশান্ত ভূষণ। তেওঁৰ মতে ভাৰতত গণতন্ত্ৰৰ অৱক্ষয়ৰ বাবে বহু পৰিমাণে দায়ী ভাৰতৰ চাৰি গৰাকী মুখ্য ন্যায়াধীশ। তেওঁলোক হ’ল— দীপক মিশ্ৰ, ৰঞ্জন গগৈ, এছ. এ. ববডে আৰু ডি. ওৱাই. চন্দ্ৰচূড়। ন্যায়পালিকাৰ স্বাধীনতাৰ বিষয়টো আলোচনা কৰা অইন এখন বিখ্যাত কিতাপ হ’ল অলপতে ন্যায়াধীশ এছ. মূৰালীধৰে সম্পাদনা কৰি উলিওৱা প্ৰায় ৬০০ পৃষ্ঠাৰ ‘[In]Complete Justice’। এই কিতাপখনৰ ‘Judicial Appointment’ আৰু ‘The Working of the Collegium’ নামৰ অধ্যায় দুটাত যথাক্ৰমে ন্যায়াধীশ অজিত প্ৰকাশ শ্বাহ আৰু ন্যায়াধীশ মদন লোকুৰে কলেজিয়াম পদ্ধতিৰ আসোঁৱাহবোৰ বৰ সুন্দৰকৈ আলোচনা কৰিছে। এতিয়া শেহতীয়াভাৱে আয়স্কান্ত দাস আৰু পৰঞ্জয় গুহ ঠাকুৰতাৰ ‘A Controversial Judge’ নামৰ কিতাপখনতো ন্যায়াধীশৰ পক্ষপাতিত্ব আৰু সুবিধাবাদ বিস্তৃত উদাহৰণসহ লেখকদ্বয়ে দাঙি ধৰিছে। এই কিতাপখন পঢ়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ ওপৰতে ভৰসা নোহোৱা হৈ যায়।

এতিয়া কালি উজ্জ্বল ভূঞাই মুকলিকৈ যিখিনি কথা ক’লে, তাৰ পিছত আৰু আমাক কি লাগে? এতিয়া উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ক’ত লুকাই, কি চাফাই দিয়ে? মই অলপতে ন্যায়াধীশ এছ. মূৰালীধৰৰ লগত লোৱা সাক্ষাৎকাৰ এটাৰ সময়ত তেওঁ স্পষ্টকৈ কৈছিল যে ন্যায়াধীশ এগৰাকী যদি সৎ হয়, তেওঁ কাৰো ওচৰত নতি স্বীকাৰ কৰাৰ প্ৰয়োজন নাই। অসম সন্তান উজ্জ্বল ভূঞায়ো আমাক একেই বাৰ্তা প্ৰেৰণ কৰিছে কালিৰ তেওঁৰ বক্তৃতাটিৰ যোগেদি। আজিৰ অমানিশাৰ এন্ধাৰত উজ্জ্বল আমাৰ কাৰণে এগচি উজ্জ্বল বন্তি হৈ জ্বলি থাকক!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd