গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশলৈ উন্নীত ন্যায়াধীশ এছ পি খাউণ্ড আৰু মিতালী ঠাকুৰীয়া

ন্যায়াধীশ মিতালী ঠাকুৰীয়া (বাওঁফালে) আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড (সোঁফালে) ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ আগবঢ়াইছে। ন্যায়াধীশ দুগৰাকী হৈছে ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ২০১৭ চনৰ ২৬ অক্টোবৰৰ প্ৰস্তাৱৰ সৈতে সংগতি ৰাখি এই পৰামৰ্শৱলী মূল্যায়ন কৰে।

এটা চৰকাৰী প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশৰ এখন সমিতিয়ে ন্যায়াধীশ খাউণ্ড আৰু ঠাকুৰীয়াই লিখা ৰায়দানসমূহ পৰ্যালোচনা কৰি সেইবোৰ যুক্তিযুক্ত, বাস্তৱিকভাৱে সঠিক আৰু প্ৰাসংগিক গোচৰৰ আইনসমূহৰ দ্বাৰা সমৰ্থিত বুলি বিবেচনা কৰে।

লগতে পঢ়কঃ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী

কমিটীয়ে কয়, “আমি দেখিবলৈ পাওঁ যে ন্যায়াধীশ শ্ৰীমতী সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ শ্ৰীমতী মিতালী ঠাকুৰীয়াই লিপিবদ্ধ কৰা ৰায়দানসমূহ সু-যুক্তিপূৰ্ণ, গোচৰৰ তথ্যৰ বিশ্লেষণ সন্নিবিষ্ট কৰা, আৰু উপযুক্ত গোচৰ আইনৰ দ্বাৰা সমৰ্থিত। আমি, সেয়েহে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কলেজিয়ামে আগবঢ়োৱা প্ৰস্তাৱত একমত আৰু ওপৰত উল্লেখ কৰা দুয়োগৰাকী ন্যায়াধীশকে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে বিবেচনা কৰাৰ যোগ্য বুলি মতামত দিওঁ।”

গুৱাহাটীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ মিতালী ঠাকুৰীয়াই ১৯৮৭ চনত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯২ চনত প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ আৰু এল এল বি সম্পূৰ্ণ কৰে। বাৰত নামভৰ্তি কৰাৰ পিছত মূলতঃ জিলা ন্যায়াধীশ আদালতৰ চৌহদৰ অসামৰিক আদালতত প্ৰেকটিছ কৰিছিল।

লগতে পঢ়কঃ পুৰীৰ বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰৰ ‘জিভা পিছলিল’! জগন্নাথ-মোডীৰ বিতৰ্কিত মন্তব্যকলৈ সৰৱ বিৰোধী

তেওঁ ১৯৯৮ চনৰ মাৰ্চ মাহত ন্যায়িক সেৱাত যোগদান কৰি ২০১২ চনৰ ডিচেম্বৰ মাহত প্ৰথম শ্ৰেণীলৈ পদোন্নতি লাভ কৰি ২০২২ চনৰ ১৬ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত নোহোৱালৈকে কামৰূপ-মেট্ৰ’ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ জন্ম নামৰূপত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত বি এ (অনাৰ্ছ) ডিগ্ৰী লাভ কৰাৰ লগতে ১৯৮৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

খাউণ্ডে ১৯৮৯ চনত গৌহাটী বিশ্ববিদ্যালয় (চৰকাৰী আইন মহাবিদ্যালয়)ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰি ১৯৯১ চনৰ ১২ মাৰ্চত অধিবক্তা হিচাপে নামভৰ্তি কৰে।

লগতে পঢ়কঃ বিদ্যুৎ বিভাগৰ গাফিলতি : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু চাৰিটাকৈ দুষ্প্ৰাপ্য শিয়ালৰ

১৯৯৫ চনৰ ২৭ জুলাইত তৃতীয় শ্ৰেণীৰ বিষয়া হিচাপে অসম ন্যায়িক সেৱাত যোগদান কৰা খাউণ্ডে ২০০৬ চনৰ ২৯ নৱেম্বৰত দ্বিতীয় শ্ৰেণীৰ আৰু ২০১২ চনৰ ২৯ আগষ্টত প্ৰথম শ্ৰেণীৰ ন্যায়িক সেৱাত নিযুক্তি লাভ কৰে। ২০২২ চনৰ ১৬ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হয়।